ৰাছিয়া–ইউক্রেইন যুদ্ধ পৰমাণু যুদ্ধলৈ সলনি হ’ব পাৰে বুলি আশংকা চলি থকাৰ মাজতেই উত্তৰ কোৰিয়াই আৰম্ভ কৰিলে কৌশলী পাৰমাণৱিক আক্রমণৰ অনুশীলন৷ দেশখনৰ এই যুযুধান পদক্ষেপে যিকোনো মুহূর্ততে কোৰিয়া উপদ্বীপত সৃষ্টি কৰিব পাৰে অকল্পনীয় ৰক্তপাত৷ প্রতিপক্ষক পৰমাণু অস্ত্র প্রয়োগেৰে নিঃশেষ কৰাৰ বাবে ইতিমধ্যে উত্তৰ কোৰিয়া প্রস্তুত হোৱা বুলি দেশখনৰ চৰকাৰে ঘোষণা কৰি আহিছে৷ আনকি ৰাষ্ট্রপতি কিম জং–উনে দেশখনৰ পৰমাণু অস্ত্র ভাণ্ডাৰ বৃদ্ধি কৰাৰ বাবে সংশ্লিষ্ট মহলত সঘনে নির্দেশ দি আহিছে৷ বিশাল পৰমাণু অস্ত্রভাণ্ডাৰ গঢ়ি তুলি প্রতিৰক্ষাৰ দিশটোক অধিক দৃঢ় কৰি তোলা হ’ব বুলি ঘোষণা কৰি আহিছে কিম জং–উনে৷ ইয়াৰ মাজতে আজি দেশখনৰ চৰকাৰী সংবাদ সংস্থা কে চি এন এৰ তৰফৰ পৰা কৌশলী পৰমাণু আক্রমণৰ অনুশীলন আৰম্ভ কৰা বুলি ঘোষণা কৰাৰ লগে লগে সমগ্র কোৰিয়া উপদ্বীপত সৃষ্টি হৈছে উদ্বেগ৷ জাপান আৰু দক্ষিণ কোৰিয়াই উত্তৰ কোৰিয়াৰ এনে কার্যই যিকোনো মুহূর্ততে পৰিস্থিতি ভয়াৱহ কৰি তুলিব বুলি আশংকা ব্যক্ত কৰিছে৷ কালিৰে পৰা কৌশলী পৰমাণু আক্রমণৰ অনুশীলন আৰম্ভ কৰাৰ উপৰি দীর্ঘ দূৰত্বভেদী দুটা ক্ষেপণাস্ত্রও উৎক্ষেপণ কৰিছে উত্তৰ কোৰিয়াই৷ লক্ষণীয় বিষয়টো হৈছে দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ যৌথ সামৰিক অনুশীলনক প্রত্যাহ্বান জনাই সঘনে উত্তৰ কোৰিয়াই আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষা চলাই আহিছে৷ বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষাৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰি থৈছে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদে৷ কিন্তু বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ নিষেধাজ্ঞাক কোনোদিনে গুৰুত্ব দিয়া নাই উত্তৰ কোৰিয়াই৷ দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ মাজৰ যৌথ সামৰিক অনুশীলনক উত্তৰ কোৰিয়াই সদায় দেশখনৰ বিৰুদ্ধে যুদ্ধৰ প্রস্তুতি বুলি গণ্য কৰি আহিছে৷ দেশখনৰ শীর্ষনেতা কিম জং–উনে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ সশস্ত্র প্রস্তুতিক প্রত্যাহ্বান জনাই বাৰে বাৰে যুদ্ধৰ ভাবুকি প্রদান কৰি আহিছে৷ শেহতীয়াকৈ বিশেষ সামৰিক অনুশীলন আৰম্ভ কৰিছে উত্তৰ কোৰিয়াই৷ এই সামৰিক অনুশীলনক কৌশলী পৰমাণু আক্রমণৰ অনুশীলন বুলি অভিহিত কৰিছে কিম জং–উনে৷ ইয়াৰ পূর্বে দুটাকৈ বেলিষ্টিক ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিছে দেশখনে৷ স্বাভাৱিকতে উত্তৰ কোৰিয়াৰ এনে তৎপৰতাই সমগ্র অঞ্চলটোত সৃষ্টি কৰিছে আতংক৷ যুদ্ধকালীন তৎপৰতাৰে উত্তৰ কোৰিয়াই অস্ত্র–শস্ত্র তথা ক্ষেপণাস্ত্র নির্মাণ কৰি আহিছে৷ সমগ্র বিশ্বৰ নজৰ এতিয়া কিম জং–উনৰ ওপৰত৷ বিগত সময়ছোৱাত কিমে নিজেই অস্ত্রভাণ্ডাৰবোৰ পৰিদর্শন কৰি ঘূৰি ফুৰিছে৷ ইয়াৰ ছবি মুকলি কৰি দিছে দেশখনৰ সংবাদ মাধ্যমে৷ যোৱা ৯ আগষ্টত চেণ্ড্রেল মিলিটাৰী কমিছনৰ বৈঠকত সেনাক কিমে নির্দেশ দিয়ে যে যিকোনো পৰিস্থিতিতে যুদ্ধৰ বাবে সাজু থাকিব লাগিব৷ কৌশলগত দিশৰ পৰা আৰু অত্যাধুনিক অস্ত্র–শস্ত্র লৈ যুদ্ধক্ষেত্রত সম্পূর্ণৰূপে প্রস্তুত থকাৰ উত্তৰ কোৰিয়াৰ প্রধান লক্ষ্য হৈ পৰিছে৷ এই পৰিস্থিতিত পাৰমাণৱিক যুদ্ধৰ আশংকাও ঘনীভূত হৈছে৷
১৯৫০ৰ পৰা ১৯৫৩ চনলৈ দুই কোৰিয়াৰ মাজত ভয়াৱহ যুদ্ধ চলিছিল৷ এই যুদ্ধত কেইবানিযুতো লোকে প্রাণ দিবলগীয়া হৈছিল৷ যুদ্ধৰ অৱসান ঘটে যদিও কোনোধৰণৰ চুক্তি স্বাক্ষৰ নহ’ল দুয়োখন দেশৰ মাজত৷ গতিকে উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত শত্রুতা অক্ষত থাকিল৷ সঘনে আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ মৈত্রীয়ে আতংকিত কৰি আহিছে উত্তৰ কোৰিয়াক৷ উত্তৰ কোৰিয়াৰ অভিযোগ হৈছে দক্ষিণ কোৰিয়াৰ সৈতে লগ লাগি আমেৰিকাই দেশখনৰ ওপৰত আক্রমণ চলাব৷ উত্তৰ কোৰিয়া দখল কৰাই দক্ষিণ কোৰিয়া আৰু আমেৰিকাৰ লক্ষ্য বুলি ঘোষণা কৰি আহিছে কিম জং–উন প্রশাসনে৷ লক্ষণীয় বিষয়টো হৈছে গৃহভূমিৰ সমীপতে থকা শত্রুৰ আক্রমণৰ পৰা ৰক্ষা পাবলৈ উত্তৰ কোৰিয়াই গণবিধ্বংসী অস্ত্রৰ পৰীক্ষা চলাই আহিছে৷ পূর্বতে পাৰমাণৱিক অস্ত্র তথা হাইড্র’জেন বোমাৰ পৰীক্ষা চলোৱা বুলিও দাবী কৰিছে উত্তৰ কোৰিয়াই৷ দশকৰ পিছত দশক ধৰি আন্তর্জাতিক মঞ্চৰ পৰা বিচ্ছিন্ন হৈ থকা দেশখনে কেৱল অস্ত্র নির্মাণতেই গুৰুত্ব আৰোপ কৰি আহিছে৷ আনকি প্রতিৰক্ষা শিতানত সর্বাধিক ধন বিনিয়োগ কৰাৰ ফলত সঘনে ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হ’বলগীয়া হৈছে দেশখন৷ দেশখনৰ মুঠ জনসংখ্যাৰ প্রায় আধাসংখ্যকেই দাৰিদ্র্যপীড়িত বুলি বিভিন্ন আন্তর্জাতিক সংস্থাই দাবী কৰি আহিছে৷ অৱশ্যে দেশখনৰ অভ্যন্তৰত প্রৱেশ কৰি কোনো আন্তর্জাতিক সংবাদ সংস্থাই প্রকৃত তথ্য সত্যক উন্মোচন কৰিবলৈ সক্ষম হোৱা নাই৷ অতি কঠোৰ উত্তৰ কোৰিয়া প্রশাসনে দেশখনত প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰি থৈছে বিশ্বৰ সাংবাদিকসকলক৷ গতিকে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে যি তথ্য সদৰী কৰে তাকেই সত্য বুলি মানি ল’বলগীয়া হৈছে বিশ্ববাসীয়ে৷ স্মর্তব্য যে আমেৰিকাৰ ৰাষ্ট্রপতিৰ দায়িত্বত ড’নাল্ড ট্রাম্প থকাৰ সময়ত উত্তৰ কোৰিয়াৰ শীর্ষনেতা কিমৰ সৈতে আলোচনাৰ পথ মুকলি হৈছিল৷ কিন্তু এই আলোচনাই বিশেষ গতি লাভ নকৰিলে৷ ইয়াৰ মূল কাৰণ উত্তৰ কোৰিয়াৰ ওপৰত আৰোপ কৰি থোৱা নিষেধাজ্ঞা প্রত্যাহাৰ কৰিবলৈ আগ্রহী নহ’ল মার্কিন প্রশাসন৷ আমেৰিকাৰ চর্ত আছিল যে উত্তৰ কোৰিয়াই পৰমাণু নিৰস্ত্রীকৰণ প্রক্রিয়া আৰম্ভ কৰিলেই দেশখনৰ সৈতে দ্বিপাক্ষিক সম্পর্কৰ পথ মুকলি হ’ব৷ তাৰ পিছত পর্যায়ক্রমে নিষেধাজ্ঞা প্রত্যাহাৰৰ দিশবোৰ চিন্তা কৰা হ’ব৷ কিন্তু এই চর্ত মানি নল’লে কিম জং–উনে৷ গতিকে প্রাথমিক পর্যায়তে বাধাগ্রস্ত হয় আলোচনা৷ ইয়াৰ পিছৰে পৰা অধিক প্রতিশোধপৰায়ণ হৈ পৰিছে কিম জং–উন৷ শেহতীয়াকৈ ইউক্রেইন যুদ্ধই চীন–ৰাছিয়াৰ অধিক ওচৰ চপাৰ সুযোগ দিছে উত্তৰ কোৰিয়াক৷ লগে লগে পাশ্চাত্যৰ বিৰুদ্ধে এক শক্তিৰ অঘোষিত অংশীদাৰ হৈ পৰিছে উত্তৰ কোৰিয়া৷ গতিকে দেশখনৰ শীর্ষনেতা কিমৰ হুংকাৰ বৃদ্ধি পাইছে৷ শেহতীয়া সামৰিক অনুশীলন তাৰেই অংশবিশেষ৷