নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ জুলাই, শাওণ মাহৰ ১২ তাৰিখ
শনিবাৰ : তিথি–শুক্লা দ্বাদমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই

মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা ৷ বিদ্যাত মধ্যম ফল ৷ দাম্পত্যত মধ্যম ৷ শৰীৰৰ ওপৰত নজৰ ৰাখক ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮ ৷
বৃষ : আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে ৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি ৷ বন্ধুৰ আন্তৰিকতা ৷ প্রেমত বদনাম ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ৷
মিথুন : অনুকূল পৰিৱেশ ৷ শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি ৷ আপোন ব্যক্তিৰ পৰা সুখ ৷ কর্মব্যস্ততা থাকিব ৷ ভ্রমণ, সন্মান আদিৰ যোগ ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮ ৷
কর্কট : গুৰুজনাৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা ৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে ৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায় ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২ ৷
সিংহ : উন্নত পৰিৱেশৰ আশা ৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক ৷ আর্থিক দিশত কিছু ভালেই ৷ পঢ়া–শুনাত যোগ্যতা থাকিব ৷ কোনো লোকৰ সান্নিধ্যত সুখ পাব ৷ শুভ ৰং বগা, শুভ সংখ্যা ৪ ৷
কন্যা : মজলীয়াভাৱে দিনটোৱে সহায় কৰিব ৷ কর্মস্থানত অনুকূল পৰিস্থিতিৰ আশা কৰিব পাৰে ৷ বিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক ৷ বিদ্যাত শুভ ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৬ ৷
তুলা : আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব ৷ ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান ৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব ৷ ঘৰুৱাত নতুন পৰিকল্পনা ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭ ৷
বৃশ্চিক : আনন্দ লাভ ৷ সু–সংযোগত মনত উৎসাহ থাকিব ৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব ৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ ৷ শুভ ৰং বগা, শুভ সংখ্যা ৯ ৷
ধনু : ঘৰুৱা দিশত বেয়া নহ’ব ৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব ৷ কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ৷
মকৰ : খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক ৷ ফুৰা–মেলাতো সাৱধান হওক ৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব ৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৩ ৷
কুম্ভ : সাৱধানে চলক ৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি ৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক ৷ বাদ–বিসম্বাদৰ পৰা আঁতৰত থাকক ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫ ৷
মীন : ৰাজহুৱা কামত খ্যাতি ম্লান নহয় ৷ শৰীৰ মধ্যম ৷ বিদ্যাত ভালেই ৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে ৷ ভ্রমণত সুখ ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৯ ৷

You might also like