আজি ১১ জুলাই, আহাৰ মাহৰ ২৬ তাৰিখ
শনিবাৰ : তিথি–দশমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আজি গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিব৷ প্রেমত শুভ৷ পৰিয়ালৰ লগত সময় কটাব পাৰিব৷ শৰীৰ ঠিকেই থাকিব৷ দাম্পত্যত সুখী হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷
বৃষঃ আজি বিদ্যার্থীসকলৰ শুভ৷ প্রেম–প্রীতিত আশানুৰূপ ফল লাভ কৰিব৷ যাত্রা কৰোঁতে সাৱধান হ’ব৷ উত্তম ভোজনৰ যোগ৷ দাম্পত্যত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
মিথুনঃ আজি কোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব৷ ব্যৱসায়–বাণিজ্যৰ দ্বাৰা আয়ৰ বৃদ্ধি যোগ৷ প্রেমত শুভ৷ শুভ ৰং কলা, শুভ সংখ্যা ৯৷
কর্কটঃ আজি কর্মস্থানত কিছু চিন্তা থাকিব৷ পাৰিবাৰিকত শুভ৷ স্বাস্থ্য মধ্যম৷ গৃহত মাংগলিক কর্ম হোৱাৰ সম্ভাৱনা৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷
সিংহঃ আজিৰ দিনটোত সামাজিক মান–সন্মান লাভৰ সুযোগ৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধান হ’ব৷ দাম্পত্যত শুভ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷
কন্যাঃ আজি আর্থিক দিশত শুভ৷ দক্ষতা বৃদ্ধি পাব৷ বিদ্যাত বাধা৷ নতুন আঁচনি গ্রহণ কৰাৰ সুযোগ পাব৷ প্রেমত মধ্যম৷ শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৭৷
তুলাঃ আজি ভ্রমণৰ সম্ভাৱনা আছে৷ ব্যৱসায়–বাণিজ্যত মধ্যম৷ বিবাহৰ যোগ দেখা যায়৷ সন্তানৰ বাবে কিছু মানসিক চাপ বৃদ্ধি হ’ব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
বৃশ্চিকঃ আজি ভ্রমণৰ যোগ শুভ৷ ব্যৱসায়ত ভাল৷ উচ্চ শিক্ষাৰ বাধা দূৰ হ’ব৷ সামাজিক দিশত শুভ৷ প্রেমত শুভ৷ প্রেমত মধ্যম৷ দাম্পত্যত শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
ধনুঃ আজি কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত শুভ৷ নতুন চিন্তা আৰু সৃষ্টিশীলতাই সাফলতা আনিব৷ হাতলৈ ধন অহাৰ সুযোগ বৃদ্ধি হ’ব৷ প্রেমত শুভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷
মকৰঃ আজি কর্মস্থানত গতানুগতিক পৰিৱেশ থাকিব৷ ভ্রমণ লাভজনক হ’ব৷ আপোনাৰ ঘৰলৈ আলহীৰ আগমন হ’ব৷ সামাজিক দিশত মধ্যম৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৯৷
কুম্ভঃ আজি শিল্পকলাত পাৰদর্শিতা বৃদ্ধি পাব৷ খৰচৰ মাত্রা বৃদ্ধি হ’ব পাৰে৷ শৰীৰৰ বাবে মধ্যম৷ প্রেমত বাধা৷ শুভ ৰংবগা, শুভ সংখ্যা ৭৷
মীনঃ আজি বিশেষ কিছুমান কার্যসূচীৰ সঠিক সমাধান পাব৷ মনৰ আশা পূৰণ হ’ব পাৰে৷ যান–বাহন লাভ হোৱাৰ যোগ৷ দাম্পত্য জীৱনত শুভ৷ আনৰ ওপৰত নির্ভৰশীল নহ’ব৷ বিদ্যার্থীৰ মধ্যম৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৪৷