নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : দামবৃদ্ধিৰ মাধমাৰ

যিখন দেশত এতিয়াও দুসাঁজ পেট ভৰাই খাবলৈ পোৱাটো এক বিলাসিতা, সেইখন দেশত দামবৃদ্ধি সদায়ে এক আতংক৷ যিখন দেশত এতিয়াও প্রায় ১০ কোটি লোকে এসাঁজ খাই আন এসাঁজ নোখোৱাকৈয়ে থাকিবলগীয়া হৈছে, সেইখন দেশত দুটা টকাৰ দামবৃদ্ধি হ’লেও তাৰ প্রভাৱ পৰে এসাঁজৰ ভাতমুঠিত৷

দাম বৃদ্ধি হৈছে নে নাই তাৰ উমান পোৱাৰ সহজ উপায়টোৱে হৈছে পুৱা বজাৰলৈ মোনা এখন লৈ ওলাই যোৱাত৷ দেশৰ আন ঠাইত নহ’লেও অসমত এশাৰী বাক্য প্রায়েই অনেকজনৰ মুখত শুনিবলৈ পোৱা যায়– আগতে ১০০ টকাত বেগভর্তি শাক–পাচলিৰ বজাৰ কৰিবলৈ পোৱা গৈছিল৷

কিন্তু এতিয়া ১০০ টকাত বেগৰ এটা কোণো নভৰে৷ বাস্তৱত সম্পূর্ণ সত্য নহ’লেও এই কথাষাৰ অসত্যও নহয়৷ আৰু এই বাক্যশাৰীয়ে প্রমাণ কৰে যে শেহতীয়া বছৰকেইটাত অসমৰ খাদ্য সামগ্রীৰ বজাৰত কি প্রভূত পৰিমাণৰ দামবৃদ্ধি হৈছে৷

ইতিপূর্বে এই দামবৃদ্ধিৰ প্রসংগ মানুহৰ কথা–বতৰা আৰু একাংশ সংবাদ মাধ্যমৰ বাতৰিতে সীমাবদ্ধ আছিল যদিও যোৱা বৃহস্পতিবাৰে ৰাজ্যৰ নৱনিযুক্ত খাদ্যমন্ত্রী কৌশিক ৰায়ে বিধানসভাত দাখিল কৰা তথ্যতে ‘বজাৰৰ জুই’ৰ বাস্তৱ ছবিখন উন্মোচিত হৈছে৷

ইন্ধনৰ পৰা খাদ্য সামগ্রীলৈকে যোৱা ১০ বছৰত অবিশ্বাস্যভাৱে হোৱা দামবৃদ্ধিৰ তথ্য প্রকাশ পাইছে খাদ্যমন্ত্রীগৰাকীয়ে দাখিল কৰা তালিকাত৷ বিশেষকৈ যোৱা এটা দশকত খাদ্য সামগ্রী (যি মানুহৰ প্রাথমিক প্রয়োজনীয়তা)ৰ দাম ১৫২ শতাংশপর্যন্ত বৃদ্ধি পাইছে৷

চাউল, দাইল, আটা, তেল, চেনি, পিঁয়াজ ইত্যাদি প্রায় সকলো খাদ্য সামগ্রীৰে দাম অভাৱনীভাৱে বৃদ্ধি পাইছে৷ একেদৰে বৃদ্ধি পাইছে পেট্র’ল–ডিজেলৰো দাম৷

২০১৬ চনৰ ১ জানুৱাৰীত প্রতি লিটাৰ পেট্র’লৰ খুচুৰা বজাৰ দাম আছিল ৫৯.৩৪ টকা৷ কিন্তু চলিত বর্ষৰ ১ জুলাইত গ্রাহকে প্রতি লিটাৰ পেট্র’ল ক্রয় কৰিবলগীয়া হৈছে ১০৫.৭৩ টকাত৷ সেইদৰে ২০১৬ চনৰ ১ জানুৱাৰীত প্রতি লিটাৰ ডিজেলৰ খুচুৰা বজাৰ দৰ ৪৫.৭১ টকা আছিল৷ চলিত মাহৰ ১ জুলাইত ডিজেলৰ দৰ হৈছেগৈ ৯৭.২৩ টকা৷

ৰন্ধন গেছৰ ক্ষেত্রতো অনুৰূপ দৃশ্যপট৷ ১৪.২ কিলোগ্রাম ঘৰুৱা ৰন্ধন গেছৰ প্রতিটো চিলিণ্ডাৰৰ দাম ২০১৬ চনৰ ১ জানুৱাৰীত আছিল ৭১৮ টকা৷ এতিয়া প্রতিটো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ জনসাধাৰণে ৯৯১ টকাত ক্রয় কৰিছে৷

এই সময়ছোৱাতে অভাৱনীয়ভাৱে অত্যাৱশ্যকীয় খাদ্য সামগ্রীৰ দামবৃদ্ধি ঘটিছে৷ ২০১৬ চনৰ ৪ জানুৱাৰী প্রতি কিলোগ্রাম চাউল বিক্রী হৈছিল ২৪ টকাত৷ কিন্তু ২০২৬ চনৰ ২ জুলাইত গ্রাহকে এক কিলোগ্রাম চাউল ক্রয় কৰাৰ বাবদ ৩৭.৮৫ টকা আদায় দিবলগীয়া হৈছে৷

২০১৬ চনত প্রতি কিলোগ্রাম আটা ২৫ টকাত বিক্রী হোৱাৰ বিপৰীতে চলিত বর্ষৰ ২ জুলাইত দাম হৈছে ৩৮.৮৫ টকা৷ ১০ বছৰ ৬ মাহ পূর্বৰ ৮৫ টকীয়া মচুৰ দাইলৰ দাম বর্তমান হৈছে ৯১.০৪ টকা৷ ২০১৬ চনৰ ৪ জানুৱাৰীত মগু দাইল আৰু বুটৰ দাইলৰ দাম আছিল ক্রমে ৯৭ টকা আৰু ৬৬ টকা৷

কিন্তু চলিত মাহৰ ২ জুলাইত এই দুয়োবিধ সামগ্রীৰ খুচুৰা বজাৰ দাম হ’ল ক্রমে ১০৮.৪৮ টকা আৰু ৮৪.৫৯ টকা৷ অভাৱনীয়ভাৱে দামবৃদ্ধি হৈছে সৰিয়হ তেল আৰু ছয়া তেলৰ৷ ২০১৬ চনৰ ৪ জানুৱাৰীত ৮০ টকাত বিক্রী হোৱা প্রতি লিটাৰ সৰিয়হৰ তেল বর্তমান ২০২.১১ টকাত বিক্রী হয়৷ একেদৰে ৭৫ টকীয়া ছয়া তেলৰ দাম বৃদ্ধি ঘটি হৈছে ১৬৫.৫৮ টকা৷

২০১৬ চনৰ ৪ জানুৱাৰীত নিমখ আৰু চেনিৰ দাম আছিল ক্রমে ৬ টকা আৰু ৩৫ টকা৷ পিছে দুয়োবিধ সামগ্রীৰ বর্তমান খুচুৰা বজাৰ দৰ হ’ল ক্রমে ১১.৭৮ টকা আৰু ৪৯.০৪ টকা৷ আলু–পিঁয়াজৰ ক্ষেত্রতো দাম বৃদ্ধি ঘটিছে৷ ২০১৬ চনৰ ৪ জানুৱাৰীত প্রতি কিলোগ্রাম আলুৰ বিক্রী দৰ আছিল ১৫ টকা৷ সম্প্রতি ইয়াৰ খুচুৰা বজাৰ দাম ১৬.৫২ টকা হৈছে৷

এই সময়ছোৱাতে ২৫ টকীয়া পিঁয়াজ হৈছেগৈ ৩৩.৫৬ টকা৷ ইন্ধন আৰু খাদ্য সামগ্রীৰ অভাৱনীয় দাম বৃদ্ধিৰ পৰিসংখ্যা মন্ত্রীগৰাকীৰ তথ্যত প্রকাশ পাইছে যদিও সাধাৰণ মানুহৰ অতি প্রয়োজনীয় দুটা প্রসংগ কিন্তু উল্লেখ হোৱা নাই৷

সেয়া হৈছে জীৱনদায়িনী দৰব আৰু চিকিৎসাৰ অভাৱনীয় দামবৃদ্ধি৷ মানুহ সুস্থ আৰু সবল হৈ থকাৰ বাবে দৰব আৰু চিকিৎসাৰ প্রয়োজনীয়তা অনস্বীকার্য৷ কিন্তু যোৱা ১০ বছৰত এফালে দৰবৰ দাম বৃদ্ধি হোৱাৰ সমান্তৰালকৈ চিকিৎসাজনিত ব্যয় অনিয়ন্ত্রিত হৈ পৰিছে৷

আনহাতে, এটা জাতিৰ বিকাশৰ মেৰুদণ্ডস্বৰূপ শিক্ষাগ্রহণৰ অভাৱনীয় বর্ধিত ব্যয়েও সাধাৰণ মানুহে ঢুকি নোপোৱা অৱস্থা এটা হৈছেগৈ৷ বিশেষকৈ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে চৰকাৰী শিক্ষানুষ্ঠানসমূহলৈ প্রবল প্রতিদ্বন্দ্বিতা কঢ়িয়াই অনাত শিক্ষাগ্রহণ ব্যৱস্থা এতিয়া এক ব্যয়বহুল কাৰবাৰ হৈ পৰিছে৷

আৰু শিক্ষাগ্রহণৰ এই ব্যয়বহুলতাই সকলোতকৈ বেছি প্রভাৱ পেলাইছে মধ্যবিত্ত, নিম্ন মধ্যবিত্ত আৰু দৰিদ্র পৰিয়ালসমূহৰ ওপৰতে৷ যি কথা দামবৃদ্ধিৰ আলোচনাসমূহত প্রায়ে উপেক্ষিত হৈ থাকে৷

You might also like