নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৩ আগষ্ট, ভাদ মাহৰ ৫ তাৰিখ
বুধবাৰ : তিথি–শুক্লা সপ্তমী, নক্ষত্র : বিশাখা, যাত্রা : শুভ সিদ্ধিযোগ

মেষঃ জাতক–জাতিকাই অযথা খৰচ–পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক৷ ব্যৱসায়–বাণিজ্য গভীৰ মনোনিৱেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা আছে৷ পঢ়া–শুনাত শুভ ফল পাব৷ শুভ ৰং গেৰুৱা৷ শুভ ৰং ৩৷

বৃষঃ দৈনিক কাম–কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি৷ বিদ্যার্থীসকলে কঠোৰ পৰিশ্রম কৰিব লাগিব৷ আজি দিনটো অনামিকা আঙুলিত এটা তামৰ আঙঠি পিন্ধিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷

মিথুনঃ আর্থিক উন্নতিৰ সুযোগ আহিব৷ ব্যৱসায়ত উন্নতি অব্যাহত থাকিব৷ চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযোগ আহিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

কর্কটঃ আর্থিক ক্ষেত্রত ভাল ফল নাপাব৷ ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে৷ টকা–পইচা আহিলেও সঞ্চয় নহ’ব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ১৷

সিংহঃ দিনটোত মাজে–সময়ে আপুনি মানসিকভাৱে উত্তেজিত হৈ থাকিব৷ দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবোৰৰ সমাধান হ’ব পাৰে৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৬৷

কন্যাঃ বিদ্যার্থীৰ মধ্যম৷ আজি গা ধোৱাৰ পিছত এটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা খাই ল’ব৷ প্রেমত ভাল ফল৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷

তুলাঃ জাতক–জাতিকাসকলে শৰীৰক লৈ সাৱধান থাকিব৷ কোনো পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে৷ বিদ্যার্থীসকলৰ পঢ়া–শুনাৰ প্রতি অমনোযোগ দেখা দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

বৃশ্চিকঃ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ নহয়৷ কর্মক্ষেত্রত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্রগতি লাভ কৰিব৷ দাম্পত্যত শান্তি থাকিলেও স্বামী–স্ত্রীৰ স্বাস্থ্যক লৈ চিন্তা থাকিব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷

ধনুঃ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ কর্মক্ষেত্রত বাধা৷ সন্তানৰ প্রতি নজৰ ৰাখিব৷ বিদ্যার্থীসকলে ভবামতে ফল নাপাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

মকৰঃ শাৰীৰিক সমস্যাত ভুগিব পাৰে৷ আর্থিক উপার্জনত সমস্যা থাকিলেও শেষৰ ফালে উন্নতি অব্যাহত থাকিব৷ বিজ্ঞান বিভাগীয় উচ্চ বিদ্যার্থীৰ বাবে কষ্ট কৰিব লাগিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ১৷

কুম্ভঃ বিদ্যার্থীৰ সাফল্যৰ যোগ থাকিলেও বন্ধু–বান্ধৱীৰ পৰা সতর্ক থাকিব৷ ব্যৱসায়ত ভাল৷ চাকৰিৰ ক্ষেত্রত বাধা৷ শুভ ৰং আকাশী নীলা৷ শুভ সংখ্যা ৭৷

মীনঃ শৰীৰ বৰ ভাল দেখা নাযায়৷ দিনটোত কামত ব্যস্ততা দেখা দিব৷ প্রেমত ভাল৷ যান–বাহনৰ পৰা সাৱধান৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬৷

You might also like