নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ আগষ্ট, ভাদ মাহৰ ১০ তাৰিখ
সোমবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : উত্তৰষাঢ়া, যাত্রা : নাই

মেষ : ঘৰুৱা উন্নতিৰ চেষ্টাত বাধা কম৷ সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ২৷
বৃষ : আর্থিক উন্নতিৰ ক্ষেত্রত যিকোনো চেষ্টাত কিবা নহয় কিবা বাধা অনুভৱ কৰিব৷ ঘৰুৱা দিশত অৱশ্যে সিমান দুশ্চিন্তা নাই৷ বিদ্যাত মধ্যম৷ শৰীৰৰ দুর্বলতা৷ শুভ ৰং বগা, শুভ সংখ্যা ৪৷
মিথুন : কর্তব্যত আপোনাৰ যোগ্যতা থাকিব৷ কোনোৱে বাস্তৱ ক্ষেত্রত খোজ পেলাই উপকৃত হ’ব৷ সৰু–সুৰা কথাত মানসিক কিছু প্রভাৱ পেলাব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৩৷
কর্কট : পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগ আদিত উন্নত৷ অৱশ্যে আপোনাৰ হুৰমূৰীয়া স্বভাৱত শাৰীৰিকত কিছু আহুকালৰ কাৰক৷ শুভ ৰং পাতল নীলা, শুভ সংখ্যা ৫৷
সিংহ : কোনো আকস্মিক বাধা বা ক্লেশে লগ দিব পাৰে৷ সহজতে যি কৰোঁ বুলি থিৰাং কৰিছিল, তাক সম্পূর্ণ কৰাত বাধা পাব৷ বাকী দিশত মজলীয়া ফল৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কন্যা : কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব৷ বিদ্যাত বেয়া নহ’ব৷ ভ্রমণাদিত মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷
তুলা : কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ কাৰক৷ সাৱধান হ’লে ভয় কম৷ বিদ্যাত যত্নৰ ফল লাভ৷ সাধাৰণ শৰীৰৰ আহুকাল৷ ভ্রমণাদিত অমনোযোগী নহ’ব৷ শুভ ৰং ক’লা, সংখ্যা ৬৷
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ৷ মুঠতে কিছু অসুবিধাৰ কাৰক৷ শুভ ৰং নীলা, শুভ সংখ্যা ১১৷
ধনু : উন্নত দিনৰ অনুমান৷ যোগাযোগত খুব বেয়া নহ’ব৷ ভবা কথাৰ লগত সাদৃশ্য কম যদিও প্রতিকূলো নহ’ব৷ বিদ্যাত বাধা কম৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৯৷
মকৰ : ভঙা–পতা কৰি ভাল পাব৷ পুৰণি পৰিৱেশ সলনিৰ প্রতি মন কৰিব পাৰে৷ ভ্রমণত সষ্টম হওক৷ বাকী দিশত মজলীয়া ফল ৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
কুম্ভ : ৰুক্ষ চিন্তা৷ অত্যধিক খৰচ হ’লেও আয়ত্ত থাকিব৷ পঢ়া–শুনাত মনোযোগ লাগিব৷ দুষ্টৰ সংগই বিপদ আনিব পাৰে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷
মীন : আর্থিক যোগাযোগত কিছু উপকৃত ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব৷ শৰীৰ মধ্যম৷ নতুন সম্পদ ক্রয়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ১৷

You might also like