নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ ছেপ্টেম্বৰ, ভাদ মাহৰ ২০ তাৰিখ
বৃহস্পতিবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : ৰোহিণী, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাই অযথা খৰচ–পাতিৰ ওপৰত নিয়ন্ত্রণ ৰাখক৷ ব্যৱসায়–বাণিজ্যত গভীৰভাৱে মনোনিৱেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা৷
বৃষ : দৈনিক কাম–কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি৷ বিদ্যার্থীসকলে কঠোৰ পৰিশ্রম কৰিব লাগিব৷
মিথুন : আর্থিক উন্নতিৰ সুযোগ আহিব৷ ব্যৱসায়ত উন্নতি অব্যাহত থাকিব৷ চাকৰিয়ালৰ সুযোগ আহিব৷
কর্কট : আর্থিক ক্ষেত্রত ভাল ফল নাপাব৷ ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে৷ টকা–পইচা আহিলেও সঞ্চয় নহ’ব৷
সিংহ : দিনটোত মাজে–সময়ে আপুনি মানসিকভাৱে উত্তেজিত হ’ব৷ দীঘলীয়া সময় ধৰি অহা সমস্যাবোৰ সমাধান হ’ব পাৰে৷
কন্যা : আজি গা ধোৱাৰ পিছত ২টা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা খাই ল’ব৷ যাত্রা শুভ৷ প্রেমত মধ্যম৷
তুলা : জাতক–জাতিকাসকলে শৰীৰক লৈ সাৱধানে থাকিব৷ কোনো পুৰণি সমস্যাই নতুনকৈ দেখা দিব পাৰে৷ বিদ্যার্থীসকলৰ পঢ়া–শুনাৰ প্রতি অমনোযোগিতাই দেখা দিব৷
বৃশ্চিক : ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ নহয়৷ দাম্পত্যত শান্তি থাকিলেও স্বামী–স্ত্রীৰ স্বাস্থ্যৰ চিন্তা থাকিব৷
ধনু : যান–বাহনৰ পৰা সাৱধানে থাকিব৷ সন্তানৰ প্রতি নজৰ ৰাখিব৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷
মকৰ : শাৰীৰিক সমস্যাত ভুগিব পাৰে৷ আর্থিক উপার্জনত সমস্যা থাকিলেও শেষৰ ফালে উন্নতি অব্যাহত থাকিব৷ বিজ্ঞান বিভাগীয় উচ্চ বিদ্যার্থীৰ বাবে কষ্ট কৰিব লাগিব৷
কুম্ভ : বিদ্যার্থীৰ সাফল্যৰ যোগ থাকিলেও বন্ধু–বান্ধৱীৰ পৰা সতর্ক থাকিব৷ ব্যৱসায়ত ভাল৷ চাকৰিৰ ক্ষেত্রত বাধা৷
মীন : শৰীৰ বৰ ভাল দেখা নাযায়৷ দিনটোত কামত ব্যস্ততা দেখা দিব৷ প্রেমত ভাল৷ যান–বাহনৰ পৰা সাৱধান৷

You might also like