নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ ছেপ্টেম্বৰ, ভাদ মাহৰ ২১ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মৃগশিৰা, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ শিক্ষার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷ শুভ সংখ্যা ২৷
বৃষ : বন্ধুবর্গৰ পৰা সাৱধানে থাকিব৷ চাকৰিৰ ক্ষেত্রত বৰ ভাল নহয়৷ ঘৰলৈ কোনোবা মহান ব্যক্তিৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷
মিথুন : কর্মক্ষেত্রত শত্রুৱে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ বিদ্যার্থীসকলৰ শুভ৷ যান–বাহনৰ পৰা সাৱধান৷ ব্যৱসায়ৰ ক্ষেত্রত অতি অশুভ৷
কর্কট : সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ গণেশ মন্দিৰত ৫টা লাড়ু দান কৰিব৷ শিক্ষার্থীয়ে ভবা মতে ফল নাপাব৷
সিংহ : ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ আর্থিক মধ্যম৷ বিদ্যার্থীৰ শুভ৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷
কন্যা : কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ কর্মক্ষেত্রত সাফল্য আহিলেও আশানুৰূপ অর্থ নাহিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৮৷
তুলা : বিভিন্ন ফালে মনৰ আশা পূর্ণ হোৱাৰ যোগ দেখা যায়৷ ভিক্ষাৰীক দান কৰিব৷ দূৰ ভ্রমণ৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷
বৃশ্চিক : যান–বাহনৰ পৰা সাৱধানে থাকিব৷ বিবাহৰ যোগ৷ প্রেমত অশুভ৷ বিদ্যার্থীয়ে ভবা মতে ফল নাপাব৷ ভ্রমণৰ যোগ আছে৷
ধনু : গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢালিব৷ যাত্রা নকৰিব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ সংসাৰৰ প্রতি নজৰ ৰাখিব৷ সৰু–সুৰা শাৰীৰিক সমস্যা হ’ব পাৰে৷
মকৰ : ভাল–বেয়াৰ মাজেৰে দিনটো পাৰ হ’ব৷ ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ গ্ৰহণ কৰিব৷ বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা ফল পাব৷
কুম্ভ : প্রেমত শুভ৷ চাকৰিৰ ক্ষেত্রত বাধা৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ ঘৰত কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
মীন : এই ৰাশিৰ জাতক–জাতিকাই ৰঙা বস্ত্র পৰিধান কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব৷

You might also like