আজি ১৯ নৱেম্বৰ, আঘোণ মাহৰ ২ তাৰিখ
দেওবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : শ্রৱণা, যাত্রা : নাই
মেষ : নিজৰ বিচাৰ–বুদ্ধিক কামত লগাওঁতে দুবাৰ চিন্তা কৰাটো উচিত বুলি ধৰক৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে বিশেষ গুৰুতৰ নহ’লেও চিন্তা থাকিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ১৷
বৃষ : যোৱা দিনৰ তুলনাত আজি ফৰকাল৷ সতি–সন্ততিৰ বাবে বিশেষ দুর্ভাৱনা দেখা নাযায়৷ ভ্রমণত সাৱধান হওক৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৩৷
মিথুন : আর্থিক ক্ষেত্রত সাধাৰণ জটিলতা থাকিব৷ বুদ্ধিৰ অপব্যৱহাৰ হোৱাৰ আকাংক্ষা থাকিব৷ প্রেম–প্রীতিত মধ্যম মনোযোগ৷ বন্ধুৰ আগমন৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷
কর্কট : আর্থিক উন্নতিৰ বাবে কিছু যত্নত থাকক৷ বিদ্যাত তেনে আহুকাল দেখা নাযায়৷ বন্ধুবর্গৰ লগত বিশেষ সান্নিধ্য নকৰাই উচিত হ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৫৷
সিংহ : যোগাযোগৰ ইচ্ছুকে উৎসাহ লাভ কৰিব৷ কর্মসন্ধানীয়ে হঠাৎ সুসংবাদ লাভ কৰিব পাৰে৷ সন্তানৰ শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷
কন্যা : দিনটো প্রায় ভালেৰে পাৰ হ’ব৷ বিদ্যাত কিছু সমস্যা আহিব পাৰে৷ কর্মস্থানত শৰীৰ ভালে ৰখাৰ যত্ন কৰক৷ ভ্রমণ সম্ভৱ৷ পিছে সাৱধান হওক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷
তুলা : অশুভ প্রভাৱ হ্রাস পাব৷ বিদ্যার্থীয়ে আদৰ পাব৷ সংবাদত সুখী হ’ব৷ ব্যৱসায়–বাণিজ্যত বেছি লাভৱান নহ’ব পাৰে৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷
বৃশ্চিক : মজলীয়া দিন ৷ কোনো আত্মীয়ৰ বাবে চিন্তা থাকিব৷ বিদ্যার্থীৰ সময় খুব বেয়া নহ’ব৷ সন্তানৰ ভৱিষ্যৎ সম্পর্কে উৎসাহ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৬৷
ধনু : শৰীৰ খুব ভাল নহ’লেও বিশেষভাৱে কোনোৱে সন্মানিত হোৱাৰ যোগ৷ আর্থিকত মধ্যম৷ পঢ়া–শুনাত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৭৷
মকৰ : মানসিক দিশত উন্নত দিন৷ বিদ্যাতো মনোযোগ বঢ়াব পাৰিব৷ কিবা প্রাপ্যাদি থাকিলে যত্ন কৰক৷ যোগাত্মক ফল পাব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ২৷
কুম্ভ : সম্ভাৱনীয় দিশত পোনে পোনে সফল নহ’ব৷ নিজৰ বুদ্ধিত কিছু কৌশল প্রয়োগ কৰক৷ আর্থিকত মধ্যম৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ১৷
মীন : ঘৰুৱাত বেয়া নহ’ব৷ বিদ্যাত মন দিয়ক৷ শৰীৰৰ সামান্য বাধাৰ বাহিৰে বাকী শুভ৷ ভ্রমণ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷