নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ভাৰত–অষ্ট্রেলিয়াৰ বিশ্বজয়ৰ মহাৰণ

🔹 ছুপাৰ ছানডে’ক লৈ উৎসুক ক্রিকেট বিশ্ব

বিশেষ বাৰ্তা, ১৯ নৱেম্বৰ : সুদীর্ঘ দুটা দশকৰ পিছত এদিনীয়া বিশ্বকাপৰ ফাইনেলত পুনৰ মুখামুখি হ’ব ভাৰত আৰু অষ্ট্রেলিয়া৷ গ্রুপ পর্বত অষ্ট্রেলিয়াক ৬ উইকেটত পৰাস্ত কৰি বিশ্বকাপৰ অভিযান আৰম্ভ কৰিলেও ফাইনেলত হ’ব সম্পূর্ণ অন্য যুঁজ৷ একেৰাহে ১০খন মেচত জয়লাভ কৰি খিতাপৰ যুঁজলৈ উন্নীত হৈছে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়া৷ ইয়াৰ বিপৰীতে প্রথম দুখন মেচত পৰাজয়বৰণ কৰাৰ পিছত দুর্দান্ত প্রত্যাৱর্তনেৰে একেৰাহে ৮খন মেচত বিজয়ী হৈ ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰিছে পাঁচবাৰৰ চেম্পিয়ন অষ্ট্রেলিয়া৷ ২০১১ চনত মহেন্দ্র সিং ধোনীৰ ভাৰতে বিশ্বকাপ জয় কৰাৰ পিছত ১২ বছৰ প্রতীক্ষা কৰিবলগীয়া হৈছে ভাৰতীয় অনুৰাগীসকলে৷ আজি এই প্রতীক্ষাৰ অন্ত পৰিব৷ বিশ্বৰ সর্ববৃহৎ ক্রিকেট ষ্টেডিয়াম আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত ক্রিকেটৰ দুই শক্তিমান দলে ট্রফীৰ যুঁজত অৱতীর্ণ হ’ব৷ ভাৰতীয় দলৰ খেলুৱৈসকলৰ দুর্দান্ত ফর্ম আৰু ৰোহিত শর্মাৰ সুনিপুণ নেতৃত্বৰ জৰিয়তে ভাৰতে তৃতীয়বাৰৰ খিতাপ অর্জন কৰিবলৈ সক্ষম হ’ব বুলি আশাবাদী দেশৰ শতকোটি ক্রিকেট অনুৰাগী৷ আজি অষ্ট্রেলিয়াৰ বিপক্ষে ফেভাৰিট হিচাপে যুঁজত নামিব ৰোহিত বাহিনী৷ দলটোৰ বেটিং–বলিং উভয় বিভাগ দুর্দান্ত ছন্দত আছে৷ ৰোহিত শর্মা, বিৰাট কোহলি, শুভমন গীল, শ্রেয়াছ আয়াৰ, কে এল ৰাহুলকে ধৰি দলৰ সকলো বেটাৰ দুৰন্ত ফর্মত থকাৰ বিপৰীতে যশপ্রীত বুমৰাহ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, কুলদীপ যাদৱৰ লগতে অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজায়ো বিপক্ষ বেটাৰৰ নিদ্রাহৰণ কৰিবলৈ সক্ষম হৈছে৷ বিৰাট কোহলিয়ে এই পর্যন্ত প্রতিযোগিতাখনত সর্বাধিক ৭১১ ৰান সংগ্রহ কৰি শ্রেষ্ঠ খেলুৱৈৰ দৌৰত শীর্ষস্থানত আছে৷ আনহাতে, বলিঙত ২৩টা উইকেট দখল কৰি বলাৰৰ তালিকাত ১ নম্বৰত আছে মহম্মদ ছামি৷ অষ্ট্রেলিয়াৰ স্পীনাৰ আডাম জাম্পাই ২২টা উইকেটেৰে দ্বিতীয় স্থানত আছে৷ বিশেষজ্ঞসকলৰ মতে, দুটা শ্রেষ্ঠ দলে ফাইনেলত মুখামুখি হ’ব৷ অষ্ট্রেলিয়া দলতো আছে কেইবাগৰাকী প্রতিভাৱান ক্রিকেটাৰ৷ কিন্তু সুনাম অনুসৰি দলটোৰ অধিকাংশ খেলুৱৈয়ে ছন্দ বিচাৰি নোপোৱাত দলটোৱে ভাৰতৰ দৰে গ্রুপৰ মেচসমূহত সহজ বিজয় সাব্যস্ত কৰিব পৰা নাই৷ অৱশ্যে যিকোনো মুহূর্ততে খেলৰ গতি সলনি কৰি ষষ্ঠবাৰলৈ বিশ্বকাপ জয় কৰিব পৰা ক্ষমতা আছে অষ্ট্রেলিয়াৰ৷ দলটোৰ ভয়াৱহ বেটাৰ ডেভিদ ৱার্নাৰে আইপিএলত খেলাৰ সূত্রে আহমেদাবাদত ইতিমধ্যে খেলিছে আৰু ভাৰতৰ প্রায়সংখ্যক বলাৰৰ বিৰুদ্ধে খেলাৰ অভিজ্ঞতা আছে৷ তদুপৰি গ্লেন মেক্সৱেলে আঘাতপ্রাপ্ত অৱস্থাৰেই আফগানিস্তানৰ বিৰুদ্ধে ২০১ ৰানৰ এটি দুর্দান্ত ইনিংছ খেলি সকলোকে বিস্মিত কৰিছে৷ তদুপৰি দলটোৰ বাঁওহতীয়া পেচাৰ মিচেল ষ্টার্কেও আডাম জাম্পাৰ সৈতে ভাৰতীয় বেটাৰসকললৈ তীব্র প্রত্যাহ্বান জনাব পাৰে৷ তেওঁলোকে পাৰদর্শিতা অনুসৰি খেলিব পাৰিলে ভাৰতৰ বাবে মেচখন নিয়ন্ত্রণ কৰা কঠিন হৈ পৰিব৷ তথাপি প্রতিযোগিতাখনত ভাৰতীয় বেটাৰ আৰু বলাৰসকলে দেখুওৱা পাৰদর্শিতাই নিশ্চিতভাৱে আজি অষ্ট্রেলিয়াক চাপত ৰাখিব৷

You might also like