নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ ডিচেম্বৰ, আঘোণ মাহৰ ২৩ তাৰিখ
দেওবাৰ : তিথি– কৃষ্ণা ত্রয়োদশী, নক্ষত্র : স্বাতী, যাত্রা : শুভ

মেষ : কর্মক্ষেত্রত নতুন আশা থাকিব যদিও সৰু–সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা৷ বিদ্যাত মধ্যম ফল৷ দাম্পত্যত মধ্যম৷ শৰীৰৰ ওপৰত নজৰ ৰাখক৷
বৃষ : আর্থিক ক্ষেত্রত সামান্য হ’লেও কষ্ট আছে৷ জ্ঞাতি–কুটুম্বৰ পৰা মধ্যম সঁহাৰি৷ উপযুক্তই পুৰস্কৃত হ’ব ৷ বন্ধুৰ আন্তৰিকতা ৷ প্রেমত বদনাম ৷
মিথুন : অনুকূল পৰিৱেশ ৷ শৰীৰ মোটামুটি ভাল বুলি ক’ব পাৰি ৷ আপোন ব্যক্তিৰ পৰা সুখ৷ কর্মব্যস্ততা থাকিব ৷ ভ্রমণ, সন্মান আদিৰ যোগ ৷
কর্কট : গুৰুজনাৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা ৷ পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে৷ বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায় ৷ নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে ৷
সিংহ : উন্নত পৰিৱেশৰ আশা৷ পাৰিবাৰিক সু–সংবাদ পোৱাৰ কাৰক৷ আর্থিক দিশত কিছু ভালেই৷ পঢ়া–শুনাত যোগ্যতা থাকিব৷ কোনো লোকৰ সান্নিধ্যত সুখ পাব৷
কন্যা : মজলীয়াভাৱে দিনটোৱে সহায় কৰিব৷ কর্মস্থানত অনুকূল পৰিস্থিতি আশা কৰিব পাৰে৷ আত্মবিশ্বাসক নিজ কর্মত ব্যৱহাৰ কৰক৷ বিদ্যাত শুভ৷
তুলা : আর্থিকত খৰচৰ মাত্রা বৃদ্ধি পাব৷ দুর্ভাৱনাই দিনটোত আমনি কৰিব৷ ব্যৱসায়ত গুপ্ত শত্রুৰ পৰা সাৱধান৷ ভ্রমণৰ চেষ্টাত লাভৱান হ’ব৷ ঘৰুৱাত নতুন পৰিকল্পনা৷
বৃশ্চিক : আনন্দ লাভ৷ সু–সংযোগত মনত উৎসাহ থাকিব৷ আর্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব৷ কর্মক্ষেত্রত উন্নত পৰিৱেশ৷ ব্যৱসায়ত শুভ৷
ধনু : ঘৰুৱা দিশত বেয়া নহ’ব৷ দুই–এটা চেষ্টাত সফল৷ কর্মক্ষেত্রত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব৷ কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব৷
মকৰ : খৰচ–পাতি ৰোধ কৰাৰ চেষ্টা কৰক৷ ফুৰা–মেলাতো সাৱধান হওক৷ কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব৷ আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা৷
কুম্ভ : সাৱধানে চলক৷ শৰীৰ বৰ শুভ বুলিব নোৱাৰি৷ কর্মক্ষমসকলে নিজ কর্মত আত্মনিয়োগ কৰক৷
মীন : ৰাজহুৱা কামত খ্যাতি ম্লান নহয়৷ শৰীৰ মধ্যম৷ বন্ধুবর্গৰ লগত সু–সম্বন্ধ থাকিব৷ বিদ্যাত ভালেই৷ ব্যৱসায়ীসকল বাধাৰ সন্মুখীন হ’ব পাৰে৷ ভ্রমণত সুখ৷

You might also like