নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নটসূৰ্য’ৰ পাঁচদিনীয়া নাট সমাৰোহৰ শুভাৰম্ভ

বিশেষ বাৰ্তা, ৯ ডিচেম্বৰ : ‘নটসূৰ্য’ৰ ২৭সংখ্যক বাৰ্ষিক নাট সমাৰোহ আজিৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে। আজি সন্ধিয়া ৬.১৫ বজাত দুটি সমৱেত সংগীতেৰে নাট সমাৰোহৰ শুভাৰম্ভ কৰা হয়। সমৱেত সংগীত পৰিচালনা কৰে পুলক বেনাৰ্জীয়ে | সমৱেত সংগীত পৰিৱেশন কৰে নটসূৰ্যৰ পৰিয়ালৰ সদস্যসকলে ৷ ৬.৩০ বজাত নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। সমিতিৰ সভাপতি স্বপ্ননীল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত আদৰণী ভাষণ প্রদান কৰে নটসূৰ্যৰ সাধাৰণ সম্পাদক ৰামকৃষ্ণ শৰ্মাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ এগৰাকী যশস্বী
সাংবাদিক হাইদৰ হুছেইন। হুছেইনে তেওঁৰ বক্তব্যত নটসূৰ্যৰ তৰফৰ পৰা বছৰি আয়োজন কৰা নাট সমাৰোহৰ ভূয়সী প্ৰশংসা কৰে আৰু এইবাৰৰ নাট সমাৰোহৰ সফলতা কামনা কৰে। এই অনুষ্ঠানতে নটসূৰ্যৰ স্মৰণিকা ‘নটসূৰ্য’ উন্মোচন কৰা হয। অনুষ্ঠানৰ লগত সংগতি ৰাখি নটসূৰ্যৰ প্ৰতিষ্ঠাপক সম্পাদক গিয়াছ উদ্দিন আহমেদৰ আঠখন পূৰ্ণাংগ নাটকৰ সংকলন ‘ছন্দ-আস্থা-ছাঁ’ বিশিষ্ট অতিথিসকলে উন্মোচন কৰে। অনুষ্ঠানত গিয়াছ উদ্দিন আহমেদ স্মাৰক বঁটা প্রদান কৰা হয় মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেত্ৰী হীৰা নেওগক। এই বঁটাৰ লগত আছে নগদ ২৫,০০০ টকা, প্ৰশস্তি পত্ৰ, নটসূৰ্যৰ স্মাৰক আৰু অংগবস্ত্ৰ। ড০ বীৰেন্দ্ৰ নাথ দত্ত সোঁৱৰণী এই নাট্য সন্ধ্যাত উপস্থিত থাকে প্ৰয়াত দত্তৰ সহধৰ্মিণী বৰ্ণালী দত্ত। উদ্বোধনী নিশা নিবেদন কৰা হয় মহেন্দ্ৰ বৰঠাকুৰ ৰচিত ‘আলি দোমোজাত’ ।

নাটকখনৰ প্রযোজনা আছিল নটসূৰ্যৰ, পৰিচালনা মলয়া গোস্বামী, সহযোগী সঞ্জীৱ বুঢ়াগোহাঞিৰ। নাটখনত অভিনয় কৰে নিশিতা গোস্বামী, মণি বৰদলৈ, মিতালী শৰ্মা, গৰিমা মজুমদাৰ, মণি কাঞ্চন কোঁৱৰ, মৌচুমী ভট্টাচাৰ্য্য, মৃগাক্ষী তামুলী ভূঞা আৰু ৰিমবিম ডেকাই। নাটখনৰ সংগীত বিজিত কুমাৰ দাসৰ, মঞ্চসজ্জা নুৰুদ্দিন আহমেদৰ, পোহৰ ব্যৱস্থাপনা তপন বৰাৰ, ৰূপসজ্জা অভিজিৎ ভূঞা আৰু ৰাজীৱ গগৈৰ। উল্লেখযোগ্য যে নাট্যকাৰ মহেন্দ্ৰ বৰঠাকুৰৰ আজি স্মৃতি দিৱস আছিল। কাইলৈ অৰ্থাৎ ১০ ডিচেম্বৰত আৰতি বৰুৱা সোঁৱাৰণী নাট্য সন্ধ্যা অনুষ্ঠিত হ’ব। নাট্য সন্ধ্যাটি উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। এই সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব অসম চৰকাৰৰ আন এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। দ্বিতীয় নিশাটিত দুখন নাট নিবেদন কৰা হ’ব। সন্ধিয়া ৫.৪৫ বজাত নিবেদন কৰা হ’ব প্ৰথম নাটক ‘গোপী গায়ন বাঘা বায়ন”। মূল নাটক : উপেন্দ্ৰ কিশোৰ ৰায়চৌধুৰী, অসমীয়া অভিযোজনা আৰু পৰিচালনা কুশল ডেকাৰ। নাটখনৰ প্রযোজনা : দ্য আসাম ভেলী স্কুল। নাটখনৰ সামগ্ৰিক পৰিকল্পনা আৰু মুখ্য সমল ব্যক্তি ড0 পৰিণীতা গোস্বামী। ৭.৩০ বজাত নিবেদন কৰা হ’ব দ্বিতীয়খন নাটক লক্ষ্মীনাথ বেজবৰুৱাৰ ‘সৰৱজান’, নাট্যৰূপ : বিভু দত্ত, পৰিচালনা : ধ্ৰুৱ বৰ্মন, প্রযোজনা : ৰংগতীৰ্থ, নলবাৰী।

You might also like