নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ডিচেম্বৰ, পুহ মাহৰ ১১ তাৰিখ
বৃহস্পতিবাৰঃ তিথি– কৃষ্ণা দ্বিতীয়া, নক্ষত্রঃ পুনর্ব্বসু, যাত্রাঃ শুভ

মেষঃ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ প্রতিকাৰ– ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱৰ ধ্যান কৰিব৷

বৃষঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷ যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব৷ ব্যৱসায়ীৰ অর্থহানি হ’ব পাৰে৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ–তুলসী গছৰ গুৰিত পানী ঢ়ালি ধূপ–চাকি জ্বলাব৷

মিথুনঃ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ সন্তানৰ ভুলৰ বাবে লজ্জিত হ’ব লগা হ’ব৷ স্বাস্থ্যৰ যত্ন ল’ব৷ চাকৰিৰ ক্ষেত্রত সন্মান লাভ কৰিব৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷

কর্কটঃ শুভ ৰং বগা, শুভ সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ প্রতিকাৰ– অগৰু–চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷

সিংহঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ প্রতিকাৰ– বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷

কন্যাঃ শুভ ৰং ৰঙা, শুভ সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷

তুলাঃ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷ প্রতিকাৰ– পুৱা গা ধুই সূর্য প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢ়ালি ধূপ জ্বলাব৷

বৃশ্চিকঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ প্রতিকাৰ– পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷

ধনুঃ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ চাকৰিৰ খবৰ আহিব পাৰে৷ প্রতিকাৰ– কপালত চন্দনৰ ফোঁট ল’ব৷

মকৰঃ শুভ ৰং বগা, শুভ সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ খং দমাই ৰাখক৷ চাকৰিৰ বাবে লাগি থকাসকলে ভাল খবৰ পাব পাৰে৷ সন্তানৰ শুভ৷ প্রতিকাৰ– ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷

কুম্ভঃ শুভ ৰং নীলা, শুভ সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ মূৰত আঘাত পাব পাৰে৷ প্রতিকাৰ– তিনিটা ৰঙা জবা ফুল লৈ শিৱলিংগত অর্পণ কৰি শিৱৰ ধ্যান কৰিব৷

মীনঃ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like