নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিবনুৱালৈ সুখবৰ : শিক্ষা বিভাগত ১৪২২৩ খালী পদৰ বিজ্ঞাপন প্ৰকাশ

বাৰ্তা ডিজিটেল ডেস্ক, ২৮ ডিচেম্বৰঃ চৰকাৰী চাকৰিপ্রত্যাশী নিবনুৱাৰ বাবে সুখবৰ৷ ৰাজ্যৰ শিক্ষা বিভাগে ১৪,২২৩টা শিক্ষক পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত নিম্ন প্রাথমিক বিদ্যালয়ত ৩,৮০০টা সহকাৰী শিক্ষক পদ, উচ্চ প্রাথমিকত ১,৭৫০টা বিজ্ঞান আৰু হিন্দীৰ সহকাৰী শিক্ষক পদ, মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত বিভিন্ন প্রাদেশীকৃত মাধ্যমিক বিদ্যালয়ত ১,৪২৬টা স্নাতকোত্তৰ শিক্ষক পদ আৰু ৭,২৪৯টা কলা, বিজ্ঞান, হিন্দী আৰু সংস্কৃতৰ শিক্ষক পদ পূৰণৰ বিজ্ঞাপন প্রকাশ কৰিছে৷ এই পদসমূহৰ নিযুক্তিৰ প্রসংগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় যে আটাইকেইটা পদ নিয়মীয়া পদ৷ স্নাতকোত্তৰ শিক্ষক আৰু স্নাতক শিক্ষক পদ পূৰণৰ ক্ষেত্রত টেট কাম ৰিক্রুইটমেণ্ট পৰীক্ষা অনুষ্ঠিত কৰি প্রার্থী বাছনি কৰা হ’ব৷ নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকৰ ক্ষেত্রত টেট আৰু ডিএলএড থকাসকলে আবেদন কৰিব পাৰিব৷ সম্পূর্ণ নিকা আৰু স্বচ্ছতাৰে এই পদসমূহ পূৰণৰ বাবে প্রার্থী বাছনি কৰা হ’ব৷ ইপিনে পুনৰ শিক্ষক নিযুক্তিৰ বিজ্ঞাপন প্রকাশৰ পিছত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে চৰকাৰে ১ লাখ নিযুক্তিৰ প্রতিশ্রুতি পূৰণৰ সীমা অতিক্রম কৰিলে বুলি প্রকাশ কৰে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেৱল প্রতিশ্রুতি প্রদান কৰাতে সীমাবদ্ধ নাথাকি আমি আমাৰ নির্ধাৰিত প্রতিশ্রুতি পূৰণৰ সীমা অতিক্রম কৰাৰ প্রয়াস অব্যাহত ৰাখিছোঁ৷ অসমৰ ইতিহাসত স্বচ্ছ নিযুক্তি প্রক্রিয়াৰে ১ লাখতকৈও অধিক চৰকাৰী নিযুক্তি প্রদানৰ এই অনন্য সফলতা যাতে আমি অর্জন কৰিব পাৰো, তাৰ বাবে ৰাইজৰ আশীর্বাদ বিচাৰিছোঁ৷ উল্লেখ্য যে যোৱা বিধানসভা নির্বাচনৰ নির্বাচনী প্রচাৰৰ সময়ত তেতিয়াৰ বিত্তমন্ত্রী তথা বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিজেপি মিত্রজোঁট চৰকাৰ গঠন কৰিলেই ১ লাখ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছিল৷ নির্বাচনী ফলাফলৰ অন্তত ড০ শর্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছতেই চৰকাৰখনে ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ পদক্ষেপ হাতত লয়৷ ইতিমধ্যে প্রায় ৯০ হাজাৰ যুৱক–যুৱতীয়ে বিগত সময়ছোৱাত ক’তো এটকাও আদায় নিদিয়াকৈ সম্পূর্ণ মেধাৰ ভিত্তিত নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়৷ অসম আৰক্ষীকে ধৰি বিভিন্ন বিভাগতো বর্তমান নিযুক্তি প্রক্রিয়া চলি আছে৷ আজি পুনৰ শিক্ষা বিভাগৰ ১৪ হাজাৰ শিক্ষক পদত বিজ্ঞাপন প্রকাশ পোৱাৰ লগে লগে চৰকাৰে ১ লাখ নিবনুৱাক নিযুক্তিৰ যি প্রতিশ্রুতি দিছিল, সেয়া অতিক্রম কৰিলে৷ মন কৰিবলগীয়া এয়ে যে অহা নতুন বছৰটোত ৰাজ্যত ৩৫ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্রকাশ পাব বুলিও কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰিছে৷

You might also like