নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ ফেব্রুৱাৰী, মাঘ মাহৰ ১৮ তাৰিখ
শুকুৰবাৰ : কৃষ্ণা সপ্তমী, নক্ষত্র : স্বাতী, যাত্রা : নাই

মেষ : ৰাজনীতিৰ লগত জড়িত থকাসকলে ভাল ফল পাব৷ ঘৰলৈ আলহী–অতিথিৰ আগমন হ’ব পাৰে৷ দিনটো শুভ হ’ব৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
বৃষ : ব্যৱসায়ত লাভ বৃদ্ধি৷ ঘৰুৱা, প্রেমৰ দিশত শুভ৷ যাত্রা কৰোঁতে অলপ সাৱধান হওক৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ১৷
মিথুন : কোনো পুৰণা শত্রুৱে আপোনাৰ ক্ষতি কৰিব পাৰে৷ কর্মক্ষেত্রত শুভ৷ দিনটো অলপ সাৱধানে চলক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
কর্কট : শিক্ষার্থীৰ মনৰ চিন্তা আৰু অস্থিৰতা বাঢ়িব৷ প্রেমত শুভ৷ মনটো স্থিৰে ৰখা প্রয়োজন৷ শুভ সংখ্যা ২, শুভ ৰং ৰঙা৷
সিংহ : আর্থিক বাণিজ্যিক ক্ষেত্রত শুভ ফল পাব৷ প্রেম, সাংসাৰিক সুখ–শান্তি অটুট থাকিব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷
কন্যা : আজি দিনটো শুভ হ’ব৷ বহুদিনৰ পুৰণি ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে৷ শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা ১৷
তুলা : পৰাপক্ষত দিনটো ভ্রমণ নকৰাই ভাল৷ শিক্ষার্থীৰ মানসিক অশান্তিৰ যোগ৷ শিক্ষার্থীৰ শুভ৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৫৷
বৃশ্চিক : ৰাজনীতিক, বুদ্ধিজীৱী, সমাজকর্মীৰ অলপ অশান্তি থাকিব, তথাপি দিনটো বেয়া নাযায়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৯৷
ধনু : কর্মক্ষেত্রত নিজৰ অর্হতাৰ ওপৰত যোগ্য স্থান লাভ কৰিব৷ নতুন ঠাই ভ্রমণৰ সুযোগ পাব৷ শুভ ৰং সেউজীয়া৷
মকৰ : শিক্ষার্থীৰ মন সন্দেহ, অনিশ্চয়তাৰে ভৰি থাকিব৷ ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল পাব৷ দিনটো শুভ৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷
কুম্ভ : শৰীৰত পুৰণি ৰোগে দেখা দিব পাৰে৷ যান–বাহন, মাটি–সম্পত্তিৰ ফালৰ পৰা লাভৱান হ’ব৷ শুভ ৰং কমলা, শুভ সংখ্যা ৭৷
মীন : কোনো বিশেষ ঘটনাই মনত অস্থিৰতা আনিব পাৰে৷ শৰীৰ বৰ ভালে যোৱা টান৷ প্রেমত শুভ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷

You might also like