নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাজেটত ভৱিষ্যতৰ ভাৰত

প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনৰ চলিত কার্যকালৰ অন্তিমখন বাজেট বিত্তমন্ত্রী নির্মলা সীতাৰমণে সংসদত উত্থাপন কৰিলে৷ চৰকাৰখনৰ কার্যকাল আৰু অধিক দিন নথকাত সীমিত সময়ৰ প্রয়োজন পূৰোৱাৰ অর্থে বাজেটখন অন্তর্ৱর্তী হিচাপত প্রস্তুত কৰা হৈছে৷ সাধাৰণ নির্বাচনৰ জৰিয়তে শাসনলৈ অহা পৰৱর্তী চৰকাৰখনেহে পূর্ণাংগ বাজেটৰ দায়িত্বটো মূৰ পাতি ল’ব লাগিব৷ বাজেটখনত সেইখন চৰকাৰৰ নীতি, লক্ষ্য, উদ্দেশ্য প্রতিফলিত হ’ব৷ সাধাৰণ নির্বাচনত জনসাধাৰণক দিয়া প্রতিশ্রুতি বাজেটখনৰ জৰিয়তে পালন কৰাৰ প্রয়াস কৰিব৷ সাধাৰণতে নির্বাচনৰ পূর্বে প্রস্তুত কৰা বাজেটত জনসাধাৰণৰ মন জয় কৰাৰ প্রয়াস লিপিবদ্ধ হৈ থাকে৷ বাজেটখনৰ জৰিয়তে শাসক দল বা মিত্রজোঁটে নির্বাচনত ভোটাৰক নিজৰ সপক্ষে লৈ যোৱাৰো প্রয়াস কৰে৷ কেন্দ্রীয় চৰকাৰে এইবাৰৰ অন্তর্ৱর্তী বাজেটত ইয়াৰ পৰা আঁতৰি যোৱাৰ চেষ্টা চলোৱা নাই৷ সৰল কথাত নৰেন্দ্র মোদী চৰকাৰখনেও বাজেটৰ জৰিয়তে জনসাধাৰণৰ মনত ঠাই উলিয়াই ল’বলৈ প্রয়াস কৰিছে৷ তাৰ বাবে বাজেটখনত সমাজৰ সর্বস্তৰৰ লোকক স্পর্শ কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰি লৈছে৷ বিশেষকৈ নির্বাচনী ক্ষেত্রখনত যিসকলৰ সংখ্যা অধিক তেওঁলোকৰ অধিক আপোন হ’বলৈ শাসকীয় পক্ষই জোৰ দিছে৷ সংসদীয় গণতন্ত্রত এয়া স্বাভাৱিক৷ কোনো দল ইয়াৰ ঊর্ধ্বত নহয়৷ বিত্তমন্ত্রী নির্মলা সীতাৰমণে লাখপতি দিদিৰ সংখ্যা বৃদ্ধি কৰি দেশৰ মহিলা সমাজখনৰ ভোটকেই লক্ষ্য কৰি লৈছে৷ চৰকাৰী আঁচনিৰ অধীনত মাহেকত ৩০০ ইউনিটলৈকে বিদ্যুতৰ বিল বিনামূলীয়া কৰি, কৃষকৰ বাবে প্রধানমন্ত্রী কিষাণ আঁচনিত প্রদান কৰি অহা ধনৰ পৰিমাণ বৃদ্ধি কৰি তথা বাজেটখনত যুৱ সমাজ, কৃষক, মহিলাক আৰু দৰিদ্রক প্রাধান্য দিয়া বুলি বিত্তমন্ত্রী সীতাৰমণে কৰা ঘোষণাৰ আঁৰতো নির্বাচনমুখী চিন্তাইহে যে ক্রিয়া কৰিছে, তাক সহজে অনুমান কৰিব পৰা যায়৷ বিত্তমন্ত্রী নির্মলা সীতাৰমণৰ অন্তর্ৱর্তী বাজেটখনত নির্বাচনমুখী চিন্তাৰ প্রতিফলন ঘটিলেও আন এটা কথাৰো বাজেটখনত লক্ষণীয় প্রকাশ ঘটিছে৷ সংসদত বাজেট উত্থাপন কৰা সময়ছোৱাত চৰকাৰখন দুটা কার্যকাল সমাপ্ত কৰাৰ প্রায় শেষ বিন্দুত উপনীত হৈছে৷
বাজেটখনত দুটা কার্যকাল সমাপ্ত হোৱাৰ আত্মবিশ্বাস স্পষ্ট হৈ আছে৷ লগতে তৃতীয়টো কার্যকালো যে বর্তমানৰ নেতৃত্বৰ হাতত থাকিব, তাৰো আত্মপ্রত্যয় বাজেটখনে তুলি ধৰিছে৷ সৰল কথাত ক’বলৈ গ’লে, বাজেটখন বর্তমানৰ চৰকাৰখনৰ কাম–কাজৰ ধাৰাবাহিকতাৰ প্রকাশ৷ ২০১৪ চনত যিটো লক্ষ্য আৰু উদ্দেশ্য হাতত লৈ চৰকাৰখন শাসনলৈ আহিছিল, অন্তর্ৱর্তী বাজেটখনে চৰকাৰে সেই সুনির্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যক সন্মুখত ৰাখি যে অগ্রসৰ হৈছে বা হ’বলৈ বিচাৰিছে, তাকে ক’বলৈ বিচাৰিছে৷ নির্বাচনৰ আগে আগে বাজেট মানেই যে মানুহৰ মন জয় কৰাৰ অর্থে প্রতিশ্রুতি আৰু সপোন দেখুওৱাৰ কেইখিলামান কাগজ নহয়, চৰকাৰখনে স্পষ্ট কৰি দিবলৈ সক্ষম হৈছে৷ দেশত কৰদাতাৰ সংখ্যা বাঢ়িছে৷ প্রত্যক্ষ আৰু পৰোক্ষ কৰৰ জৰিয়তে ৰাজকোষত জমা ধনৰ পৰিমাণ বৃদ্ধি পাইছে৷ কিন্তু মধ্যবিত্তক সুখী বা সন্তুষ্ট কৰিবলৈ আয়কৰৰ ক্ষেত্রত সালসলনি কৰা হোৱা নাই৷ দেশৰ অর্থনৈতিক স্বাস্থ্যৰ প্রতিও নজৰ ৰখা হৈছে৷ ২০১৪ চনৰ পৰাই চৰকাৰখনৰ কাম–কাজ তথা লক্ষ্য–উদ্দেশ্যলৈ চকু দিলে এটা কথা স্পষ্ট হৈ পৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে আৰম্ভণিৰ পৰাই ভাৰতবর্ষক আর্থিক শক্তি হিচাপে গঢ়ি তুলিবলৈ প্রয়াস কৰি আহিছে৷ ইয়াৰ বাবে দেশৰ আন্তঃগাঁথনিৰ বিকাশ, লজিষ্টিক ব্যয় হ্রাস, জনমূৰি আয় বৃদ্ধি, দৰিদ্রক আর্থিকভাৱে সকাহ আদিৰ প্রয়াস চলাই আহিছে৷ জনসাধাৰণৰ ন্যূনতম প্রয়োজন ঘৰ এটা চৰকাৰী খৰচত হ’লেও দিয়াৰ চেষ্টা চৰকাৰখনে কৰি আহিছে৷ অন্তর্ৱর্তী বাজেটখনত তাৰ প্রকাশ আছে৷ লগতে আন্তঃগাঁথনিৰ বিকাশৰ বাবেও জোৰ দিয়া হৈছে৷ আন্তগাঁথনিৰ বাবে ১১ শতাংশ ব্যয় কৰাৰ প্রস্তাৱ লোৱা হৈছে৷ দেশখনক আর্থিকভাৱে মজবুত তথা বিশ্বৰ আর্থিক মহাশক্তিসমূহৰ সৈতে প্রতিযোগিতা কৰিব পৰাকৈ দেশখনক গঢ়ি তুলিবলৈ আন্তঃগাঁথনিৰ বিকাশ ঘটোৱাৰ গত্যন্তৰ নাই৷ সেইদৰে ৰে’লক লৈ তিনিটা আর্থিক কৰিড’ৰৰ প্রস্তাৱটো দূৰদর্শী চিন্তাৰ প্রতিফলন৷

 

You might also like