নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ এপ্রিল, চ’ত মাহৰ ২৭ তাৰিখ
বুধবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : অশ্চিনী, যাত্রা : শুভ

মেষ : এই ৰাশিৰ জাতক–জাতিকাৰ ব্যৱসায়ৰ ক্ষেত্রত অতি অশুভ৷ ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ বিদ্যার্থীসকলৰ শুভ৷ প্রেমত শুভ৷

বৃষ : শুভ প্রভাৱৰ ফলত কন্যা বা পুত্রৰ বিবাহৰ যোগ দেখা যায়৷ ভাল–বেয়াৰ মাজত দিনটো পাৰ হ’ব৷ শুভ ৰং ৰঙা৷ সংখ্যা ২৷

মিথুন : কর্মক্ষেত্রত শত্রুয়ে প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ বন্ধুৰ পৰা সাৱধানে থাকিব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷

কর্কট : আর্থিক ক্ষেত্রত উন্নতি দেখা যায়৷ ভ্রমণৰ যোগ৷ সন্তানৰ বিদ্যাক লৈ চিন্তা থাকিব৷ বিবাহৰ যোগ৷ শত্রুৰ পৰা সাৱধান৷

সিংহ : বিভিন্নফালে মনৰ আশা পূর্ণ হোৱাৰ যোগ দেখা যায়৷ সংসাৰত অশান্তিৰ ফলত মন অশান্তিত থাকিব৷ নীলা কাপোৰ পৰিধান কৰিব৷

কন্যা : ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ আর্থিকত মধ্যম৷ লক্ষ্মী নাৰায়ণৰ আৰাধনা কৰিব আৰু নিৰামিষ আহাৰ কৰিব৷ যাত্রা নকৰাই ভাল৷

তুলা : মানসিক চঞ্চলতাৰ কাৰণে দিনটো কর্মক্ষেত্রত জটিলতাই দেখা দিব পাৰে৷ টকা–পইচা লেনদেন নকৰাই ভাল৷ বিদ্যার্থীৰ কাৰণে ভাল৷

বৃশ্চিক : নিজৰ কোনো মানুহ শত্রু হৈ উঠিব পাৰে৷ যান–বাহনৰ পৰা সতর্ক থাকিব৷ চাকৰিয়ালসকলে দিনটো মানসিক চিন্তাত ভুগিব৷ বিদ্যার্থীৰ কাৰণে ভাল৷

ধনু : সন্তানৰ শাৰীৰিক সমস্যাই দিনটোত চিন্তাত পেলাব৷ যান–বাহন ক্রয় কৰাৰ যোগ দেখা যায়৷ বিভিন্ন কাৰণত সাংসাৰিক অশান্তি বৃদ্ধি পাব৷

মকৰ : ভাল–বেয়াৰ মাজত দিনটো পাৰ হ’ব৷ চাকৰিৰ ক্ষেত্রত কোনো জটিলতাই দেখা দিব৷ বিদ্যার্থীৰ শাৰীৰিক সমস্যাৰ কাৰণে বিদ্যাৰ ক্ষেত্রত বাধা৷ দূৰ ভ্রমণ দেখা যায়৷

কুম্ভ : দিনটোত কামৰ ব্যস্ততা বৃদ্ধি৷ প্রেম আৰু দাম্পত্য জীৱনত জটিলতা দেখা যায়৷ আর্থিকত ভাল৷ যাত্রা নকৰাই ভাল৷

মীন : পুৱা গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢালিব৷ দিনত নিৰামিষ খাব৷ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

You might also like