নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুত চৰকাৰী অংশগ্রহণ

অসম চৰকাৰে ৰঙালী বিহু উদযাপনৰ বাবে দুহেজাৰ তিনিশ ছয়খন বিহু সমিতিক পঁয়ত্রিশ কোটি টকাৰ সাহায্য দিব বুলি বাতৰি ওলাইছে৷ এয়া অসমত নতুন নহয়, দুবছৰ আগৰে পৰা এই প্রক্রিয়া চলি আহিছে৷ ৰাজ্যৰ সাংস্কৃতিক কাম–কাজত উৎসাহ দিয়াটো চৰকাৰৰ কাম আৰু এই কামৰ বাবে চৰকাৰে বিহু কমিটীবোৰৰ পৰা ধন্যবাদ পাব৷ চৰকাৰৰ কাম–কাজক সততে সমালোচনা কৰি অহা আৰু চৰকাৰে দিয়া আর্থিক সাহায্যক হিতাধিকাৰী নির্মাণ কৌশল বুলি ঠাট্টা–বিদ্রূপ কৰি অহা সমালোচকসকলো এই কথাত মৌন৷ ইয়াৰ অর্থ এটাই যে টকা–পইচাৰে সহায় কৰা এই কামটো চৰকাৰৰ সপক্ষে–বিপক্ষে থকা সকলোৱেই ভাল পাইছে৷ বিহুৰ লগত সকলোৰে এটা আৱেগিক বান্ধোন আছে আৰু এই বান্ধোনৰ বাবেই জাতীয় সংস্কৃতি বিহুটি গৈ সাধাৰণ মানৰ ‘সংগীত সন্ধিয়া’ হৈ পৰাটোত কাৰো বিশেষ আপত্তি নাই৷ চৰকাৰে কৰদাতা ৰাইজৰ পইচাৰে বিহু মৰাত সহযোগ কৰিছে, ৰাইজেও চান্দা দি বিহু পতাত সহযোগ কৰে আৰু সেইবাবেই ৰাইজৰ পইচা ৰাইজেই পাইছে ধৰণে কথাটো গ্রহণ কৰা হৈছে৷ কিন্তু কথাটো ইমান সহজে গ্রহণ কৰি থোৱাটো বিহুৰ কাৰণে শুভ লক্ষণ নহয়৷ চৰকাৰে দিয়া পইচাৰ হিচাপ দিব লাগে নে নাই, সেই কথাটোক আঁতৰাই থৈও ক’ব পাৰি যে চৰকাৰে দিয়া এই পইচা সঁচা অর্থত বিহু উদযাপন কৰাসকলকহে দিয়া উচিত, বিহুৰ নামত ফাংচন পতাসকলক পইচা দিয়াৰ প্রয়োজন নাই৷ পথাৰৰ পৰা আহি বিহু মঞ্চ পালে, গতিকে স্বাভাৱিকতেই ৰূপ কিছু সলনি হ’ল৷ সময়ৰ লগে লগে হোৱা এই পৰিৱর্তনক মানি ল’বই লাগিব৷ কিন্তু পৰিৱর্তন মানেই উৎসৱৰ মূল চৰিত্রক পাহৰি যোৱা উচিত নহয়৷ জাতীয় উৎসৱ বিহুৰ লগত সম্পর্ক থকা স্বকীয় গীত আৰু নাচ আছে, কিছু আচাৰ–অনুষ্ঠান আছে৷ সামাজিক মংগল কামনা কৰা, ভাতৃত্ববোধ আৰু সামাজিক বান্ধোনবোৰক আকৌ এবাৰ পৰীক্ষা কৰি চোৱা আচাৰ–অনুষ্ঠান এই বিহুৰ অংগ আৰু এইবোৰৰ সংমিশ্রণেহে বিহুটিক জাতীয় উৎসৱ হিচাপে প্রতিষ্ঠিত কৰিছে৷ চৰকাৰে অর্থসাহায্য দিয়া সময়ত বিবেচনা কৰি চোৱা ভাল, নির্বাচিত সমিতিবোৰে অসমৰ জাতীয় উৎসৱটিৰ চৰিত্র প্রকাশ কৰিব পৰা ধৰণে বিহু পাতিছে নে বিহুৰ নামত বিচিত্র কাপোৰ পিন্ধি অত্যাধুনিক গান গোৱা গায়কৰ সংগীতানুষ্ঠান পাতিছে৷ চৰকাৰী পইচা খৰচ কৰাৰ ক্ষেত্রত এটা দায়িত্ব থাকে, সেই দায়িত্ব পালন কৰা হৈছে নে নাই চোৱাটোও চৰকাৰৰে কর্তব্য৷
সংগীত সন্ধিয়া পতাত কাৰো আপত্তি নাথাকে৷ চৰকাৰে যদি তেনে অনুষ্ঠান পাতে, সেয়া হ’ব লাগে সাংস্কৃতিক মান ৰক্ষা কৰা আৰু আদর্শ স্থাপন কৰিব পৰাবিধৰ৷ ইয়াৰ এটা উৎকৃষ্ট উদাহৰণ হ’ল আকাশবাণীয়ে প্রতি বছৰে আয়োজন কৰা আকাশবাণী সংগীত সন্মিলন৷ ভাৰতৰ শাস্ত্রীয় সংগীতৰ প্রবীণ শিল্পীসকলক ৰাইজৰ ওচৰলৈ নিয়া আৰু তুলনামূলকভাৱে নতুন শিল্পীসকলক এখন সর্বভাৰতীয় প্লেটফর্ম দিয়াটোৱেই এই সন্মিলনৰ উদ্দেশ্য৷ এই সন্মিলনত সংগীত পৰিৱেশন কৰিব পৰাটো এটা সন্মানৰ কথা হিচাপে স্বীকৃত হৈছে৷ এই সন্মিলনত প্রভাতী অধিৱেশন নামেৰে পুৱাও সংগীত অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই আয়োজন সম্পূর্ণ চৰকাৰী আৰু এই কামে দেশৰ সংগীত জগতলৈ বিশেষ চকুত লগা অৰিহণা আগবঢ়াইছে৷ অসম চৰকাৰেও বিহুৰ নামত খৰচ কৰা পইচাখিনি বিহুৰ সন্মান ৰক্ষা কৰিব পৰা আৰু স্থায়ী মূল্য থকা কামত ব্যৱহাৰ কৰিব পাৰে৷ জনপ্রিয় শিল্পীৰ সংগীত, নাচ, বিচিত্র পোছাক আদিয়ে কিছুসংখ্যক ৰাইজৰ মন ৰঞ্জিত কৰি তোলে৷ প্রতিজন নাগৰিকে গভীৰ শাস্ত্রীয় সংগীত শুনিব বুলি আশা কৰিব নালাগে৷ জনপ্রিয় গীতৰ প্রয়োজনো আছে৷ সেই গীতৰ বাবে বিহুক ব্যৱহাৰ নকৰি বেলেগ অনুষ্ঠানৰ আয়োজন কৰিব লাগে৷ কিছুমান সুৰা কোম্পানীয়ে তেনে ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰে আৰু বহু টকাৰ বিনিময়ত ৰাইজে সেইবোৰ উপভোগ কৰে৷ এনে শিল্পীসকলে গীত পৰিৱেশন কৰাৰ বাবদ বহু ধন লাভ কৰে, সেইটোও ভাল কথা৷ সেই গীতবোৰ বিহুৰ নামত বিনামূলীয়াকৈ প্রদর্শন কৰাৰো বিশেষ যুক্তি নাথাকে৷ বেলেগ সময়ত তেনে অনুষ্ঠানৰ আয়োজন কৰি গায়ক–গায়িকা আৰু আয়োজক উভয় পক্ষই অর্থ উপার্জনৰ নতুন পথ এটি উলিয়াব পাৰে৷ ই পেছাদাৰী গায়ক–গায়িকাৰ বাবেও হৈ পৰিব নিজকে উত্তৰণৰ পথলৈ নিয়াৰ এটি সবল যুক্তি৷

You might also like