নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৩ মে’। জানক দিনটোৰ ৰাশিফল

আজি ৩ মে’, ব’হাগ মাহৰ ২০ তাৰিখ
শুকুৰবাৰঃ তিথি– কৃষ্ণা দশমী, নক্ষত্রঃ শতভিষা, যাত্রাঃ নাই

মেষঃ এই ৰাশিৰ জাতক–জাতিকাই ঠিকাদাৰ, শিক্ষক, আইনও আৰু চিকিৎসক সকলোৰে কাৰণে এই দিনটো শুভ ফল পাব৷ বিদ্যার্থীৰ কাৰণে দিনটো শুভ৷

বৃষঃ সামাজিক কর্মত জড়িত থকা ব্যক্তিসকলে কর্মক্ষেত্রত সুনাম অর্জন কৰিব৷ ব্যৱসায়ত সিমান ভাল ফল নাপাব৷ শুভ ৰং নীলা, সংখ্যা ২৷

মিথুনঃ অর্থনৈতিক ক্ষেত্রত অভাৱৰ বাবে ক্রোধৰ মাত্রা বৃদ্ধি পাব৷ বিদ্যার্থীসকলে ভবামতে ফল নাপাব৷ শুভ ৰং বগা, সংখ্যা ৩৷

কর্কটঃ আপোনাৰ কর্মক্ষেত্রত বাধা থকাৰ ফলত অর্থনৈতিক ক্ষেত্রত মিশ্র ফল আশা কৰিব পাৰে৷ প্রেমত শুভ ফল পাব৷ চাকৰি ক্ষেত্রত আগবাঢ়িব পাৰে৷ শুভ ফল পাব৷

সিংহঃ আজিৰ দিনটো নতুন কোনো কাজ–কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব৷ বিদ্যাত শুভ৷ প্রেমত হতাশা৷ শুভ ৰং কফি, সংখ্যা ১৷

কন্যাঃ আপোনাৰ দিনটো কর্মক্ষেত্র অনুকূল থাকিলেও পাৰিবাৰিক অশান্তি কাৰণে কর্মত বাধা আহিব পাৰে৷ শুভ ৰং গুলপীয়া, সংখ্যা ৬৷

তুলাঃ এই ৰাশিৰ জাতক–জাতিকাৰ বাবে দিনটো সিমান শুভ নহয়৷ গৃহ বিবাদ, আর্থিক নাটনি, কর্মত উদাসীনতা, প্রেমত বিফল৷ শুভ ৰং হালধীয়া, সংখ্যা ৭৷

বৃশ্চিকঃ আপোনাৰ আজি গুৰুত্বপূর্ণ কোনো কাম দায়িত্ব পোৱাৰ ফলত কর্মৰ প্রতি উৎসাহ বৃদ্ধি পাব৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, সংখ্যা ৭৷

ধনুঃ আজি নতুন কোনো কাজ–কর্ম বা নতুন অর্থ বিনিয়োগত হাত নিদিয়া ভাল হ’ব৷ ঘৰত অতিথিৰ আগমন৷ শুভ ৰং ৰঙা, সংখ্যা ২৷

মকৰঃ আজি দিনটো নতুনভাবে উৎসাহ বৃদ্ধি পাব৷ ব্যৱসায়ত সিমান ভাল ফল নাপাব পাৰে৷ বিদ্যার্থীৰ কাৰণে ভাল৷ শুভ ৰং ৰঙা, সংখ্যা ৬৷

কুম্ভঃ দিনৰ মাজ ভাগত কর্মক্ষেত্রত পৰিৱর্তনৰ যোগ দেখা যায়৷ পৰিৱেশ অনুকূল থাকিলেও অযথা মানসিক চিন্তা থাকিব৷ শুভ ৰং আকাশী নীলা৷ সংখ্যা ৮৷

মীনঃ মীন ৰাশিৰ জাতক–জাতিকাই আজি পুৱাই উঠি গোসাঁই ঘৰত ধূপ–ধুনা চাকিজ্বলাই বাহিৰত ওলাব৷ শুভ ৰং সেউজীয়া বা বগা, শুভ সংখ্যা ২৷

You might also like