নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১২ মে’, ব’হাগ মাহৰ ২৯ তাৰিখ
দেওবাৰ : তিথি– শুক্লা পঞ্চমী, নক্ষত্র : আর্দ্রা, যাত্রা : শুভ

মেষ : আকস্মিক কোনো অর্থ ক্ষতি হ’ব পাৰে৷ কর্মক্ষেত্রত আনৰ প্রিয়পাত্র হ’ব পাৰিব৷ পঢ়া–শুনাত শুভ৷ দূৰ ভ্রমণৰ সুযোগ আহিব পাৰে৷

বৃষ : কর্মক্ষেত্রত নতুন যোগাযোগ ঘটিব পাৰে৷ সন্তানৰ স্বাস্থ্যৰ প্রতি নজৰ দিব৷ শুভ বর্ণ কমলা৷ আবেলি তিনি বজাৰ পাছতহে ভ্রমণ কৰিব৷

মিথুন : আর্থিকত চিন্তাৰ কাৰণ নাই৷ ব্যৱসায়–বাণিজ্যত পাব লগা ধন পোৱাৰ সম্ভাৱনা৷ কিন্তু যিকোনো সিদ্ধান্ত হঠাতে গ্রহণ নকৰিব৷ শুভ বর্ণ বেঙুণীয়া৷ ভ্রমণত শুভ৷

কর্কট : মনৰ অস্থিৰতাৰ বাবে কর্মত বাধাগ্রস্ত হ’ব পাৰে৷ আর্থিক ক্ষেত্রত যথেষ্ট শুভ যদিও অনাহকত অর্থ হানি হ’ব পাৰে৷ শুভ বর্ণ গুলপীয়া বা বগা৷

সিংহ : আজি পুৰণি বন্ধুৰ লগত যোগাযোগ হ’ব পাৰে৷ ব্যৱসায়ত সফলতা ভবা মতে নাপাব৷ ঘৰুৱাত উন্নত পৰিৱেশ গঢ়িব৷ প্ৰেমত ভালেই দেখা যায়৷

কন্যা : কর্মক্ষেত্রত উন্নত ফল৷ দৃঢ়তা বৃদ্ধি পাব৷ কোনো সংবাদ বা সংযোগত চিন্তিত হ’লেও প্রতিকূল বুলি ক’ব নোৱাৰি৷ যাত্রা কৰিলে ক্রীম ৰঙৰ পোছাক পিন্ধিব৷

তুলা : শৰীৰ সম্পর্কে অৱশ্যে সাধাৰণ চিন্তা থাকিব৷ কর্মব্যস্ততা বৃদ্ধি পাব৷ ভ্রমণ হ’ব পাৰে৷ আপোনাৰ শুভ বর্ণ গাঢ় সেউজীয়া৷ আশা কৰা কোনো বিষয়ত সাধাৰণ প্রগতি৷

বৃশ্চিক : আর্থিক সম্পর্কীয় দিশত বৰ নিশ্চিত নহয়৷ কোনো আপোন মানুহৰ যোগাযোগৰ লগত অন্যান্যৰো সংগ ঘটিব পাৰে৷ ভ্রমণত শুভ ফল৷

ধনু : বন্ধুবর্গক লগ পাব পাৰে বা তেনে যোগাযোগৰ আশা আছে৷ সন্তানৰ সুকীর্তি দেখা যায়৷ আজি আপুনি যাত্রা কৰিলে দিনৰ দহ বজাৰ পাছতহে কৰিব৷

মকৰ : অনাৱশ্যক সমস্যাৰ মাজত পৰিবও পাৰে৷ গতিকে পূর্বৰ পৰাই তেনে বিষয়ৰ পৰা সতর্ক হওক৷ বিদ্যাত জটিলতা কম৷ ভ্রমণত কষ্ট৷ পৰাপক্ষত ভ্রমণ নকৰাই ভাল৷

কুম্ভ : আর্থিক আৰু শাৰীৰিক এই দুয়োটাই আপোনাৰ কিছু সহায়ক হ’ব৷ বিদ্যার্থীৰ বেয়া নহ’ব৷ আজি আপুনি কেঁচা নিমখ নাখাব৷

মীন : কর্মক্ষমতাৰ বাবে আনে প্রশংসা কৰিব৷ বিদ্যাত যোগ্যতা দেখা যায়৷ ভ্রমণত বিশেষ বাধা নাই৷ পৰাপক্ষত সন্ধিয়া যাত্রা নকৰিব৷ শুভ বর্ণ ৰঙা৷

You might also like