নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২ জুন, জেঠ মাহৰ ১৯ তাৰিখ
দেওবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : ৰেৱতী, যাত্রা : নাই

মেষ : টকা–পইচাৰ অভাৱৰ পৰা সামান্য সকাহ পাব৷ সন্দেহে পাৰিবাৰিক অশান্তি বৃদ্ধি কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩৷

বৃষ : কোনো ব্যক্তিৰ চাকৰিৰ খবৰ আহিব পাৰে৷ সহকর্মীৰ দ্বাৰা উপকৃত হোৱাৰ আশা আছে৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫৷

মিথুন : আপুনি আজি অলপ সাৱধানে চলা–ফুৰা কৰিব৷ হাতত আঘাত পাব পাৰে৷ ব্যৱসায়ীসকলে বিচৰা মতে ফল নাপাব৷ সন্তানৰ শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷

কর্কট : মূৰত আঘাত পাব পাৰে৷ হাতলৈ টকা–পইচা আহিব, কিন্তু খৰচ বাঢ়িব৷ আনক সহায় কৰি সন্মান পাব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২৷

সিংহ : যান–বাহনৰ লগত জড়িতসকল অলপ সাৱধান হ’ব৷ ক্ষতিৰ আশংকা দেখা যায়৷ কর্মসংস্থাপন হ’ব পাৰে৷ বন্ধু বিচ্ছেদ হোৱাৰ ভয়৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৬৷

কন্যা : চাকৰিৰ ক্ষেত্রত বেমেজালি দেখা যায়৷ দুর্ঘটনা হৈ আঘাত পোৱাৰ আশংকা আছে৷ কর্মত আনৰ সহায়ে ক্ষতি কৰিব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

তুলা : পাৰিবাৰিক সমস্যা বৃদ্ধি পাব৷ সন্তানৰ ভুল কামে সন্মান লাঘৱ কৰিব৷ ব্যৱসায়ত লোকচান দেখা যায়৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷

বৃশ্চিক : আজি টকা ধাৰলৈ নিদিব বা নল’ব৷ পৰিয়ালৰ সদস্যৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে৷ চাকৰিৰ স্থান পৰিৱর্তন হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷

ধনু : আকস্মিক দুর্ঘটনাত পতিত হোৱাৰ ভয়৷ আত্মীয়ৰ সমস্যাৰ কথা শুনি দুখ পাব পাৰে৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৬৷

মকৰ : শুভাকাংক্ষীৰ সহায়ত আগুৱাই যাব পাৰিব৷ প্রাকৃতিক দুর্যোগত ক্ষতিৰ আশংকা আছে৷ অবাবত অর্থ ব্যয় বৃদ্ধি পাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৭৷

কুম্ভ : কোনো বিশেষ কামৰ দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে৷ আপুনি কৰা ভাল কামৰ বাবে সন্মান পাব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫৷

মীন : দূৰ ভ্রমণ কৰিব লগা হ’ব পাৰে৷ নিজৰ ভুলৰ বাবে সমস্যাত পৰিব পাৰে৷ খং দমাই ৰাখক, নহ’লে বিপদত পৰিব৷ সন্তানৰ শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷

You might also like