নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ ডিচেম্বৰ, আঘোণ মাহৰ ২৮ তাৰিখ, শনিবাৰ

মেষ : আর্থিক দিশত মজলীয়া ফল পাব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ বিদ্যার্থীসকলৰ বাবে শুভ ফল৷ প্রেমত মতবিৰোধ হ’ব পাৰে৷ শুভ ৰং পাতল নীলা, সংখ্যা ৮৷

বৃষ : যান–বাহন চলোৱা লোকসকলে আজি দিনটো সাৱধান থাকক৷ বিবাহিত জীৱনৰ শুভ ফল৷ উচ্চ শিক্ষাৰ বাবে সমস্যা হ’ব পাৰে৷ শুভ ৰং মটীয়া, সংখ্যা ১০৷

মিথুন : সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে৷ গৃহ নির্মাণৰ ফলত বাধা দেখা যায়৷ দেহৰ অশান্তি হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধানে থাকক৷ শুভ ৰং হালধীয়া, সংখ্যা ৬৷

কর্কট : বিদ্যাত সাফল্য লাভ৷ গৱেষণামূলক কামৰ বিকাশ৷ আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে৷ আর্থিক দিশত ভাল৷ শুভ ৰং বগা, সংখ্যা ৮৷

সিংহ : আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগ সফল হ’ব পাৰে৷ পুৰণি অসুখ সাময়িক কষ্টদায়ক হ’ব পাৰে৷ আয় বৃদ্ধিৰ লগত সঞ্চয় বৃদ্ধিৰ যোগ৷ শুভ ৰং গুলপীয়া, সংখ্যা ৭৷

কন্যা : উন্নত পৰিৱেশ৷ প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ শুভ ৰং ক্রীম, সংখ্যা ৩৷

তুলা : আর্থিক অসুবিধা কিছু পৰিমাণে লাঘৱ হোৱাৰ আশা দেখা যায়৷ কোনো প্রভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰে৷ কর্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে৷ শুভ ৰং ৰঙা, সংখ্যা ৪৷

বৃশ্চিক : কর্মক্ষেত্রত নিজৰ দায়িত্বৰ বিষয়ে সতর্ক থাকিব৷ আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা৷ অত্যধিক পৰিশ্রম বর্জন কৰিব৷ আজিৰ দিনটো আপোনাৰ মধ্যমভাৱে পাৰ হ’ব৷ শুভ ৰং হালধীয়া, সংখ্যা ৬৷

ধনু : যিকোনো কাম আৰম্ভ কৰাৰ আগত নিজে স্থিৰভাৱে চিন্তা কৰি ল’ব৷ পাৰিবাৰিক সিদ্ধান্ত গ্রহণৰ পূর্বে গুৰুজনৰ লগত আলোচনা হ’ব পাৰে৷ অত্যধিক পৰিশ্রম বর্জন কৰিব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৭৷

মকৰ : স্বাস্থ্যৰ অসুবিধা হ’ব পাৰে৷ পঢ়া–শুনাৰ চেষ্টাৰ প্রতি গুৰুত্ব দিয়ক৷ পাৰিবাৰিক কোনো বিষয়ে উৎকণ্ঠা বৃদ্ধি হ’ব পাৰে৷ প্রেমৰ দিশত বাধা দেখা যায়৷ শুভ ৰং ক’লা, সংখ্যা ৫৷

কুম্ভ : আয় বৃদ্ধিৰ কাৰকতা দেখা যায়৷ কর্মক্ষেত্রত কিছু বাধা আহিব পাৰে৷ দাম্পত্যত শুভ ফল৷ বিদ্যাত মধ্যম ফল৷ ব্যৱসায় ক্ষেত্রত অশান্তি হ’ব পাৰে৷ শুভ ৰং বগা, সংখ্যা ৬৷

মীন : যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰা ভাল হ’ব৷ ভ্রমণৰ দিশত বাধা দেখা যায়৷ আনৰ কথাৰ ওপৰত নির্ভৰ নকৰা ভাল হ’ব৷ দাম্পত্যত অশান্তি৷ শুভ ৰং মটীয়া, সংখ্যা ২৷

You might also like