নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মে’, জেঠ মাহৰ ১১ তাৰিখ
শুকুৰবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ অশ্লেষা, যাত্রাঃ নাই

মেষঃ চোৰ–ডকাইত পৰা সাৱধান হ’ব৷ অর্থৰ নাটনি হ’ব পাৰে৷ অচিনাকি ব্যক্তিৰ দ্বাৰা সমস্যাত পৰিব পাৰে৷ টকা দিয়া বা লোৱা এটাও নকৰিব৷ শিক্ষার্থীৰ শুভ৷ শুভ সংখ্যা ৪, শুভ ৰং নীলা৷

বৃষঃ বিয়াৰ প্রস্তাৱ পাব পাৰে৷ শিক্ষার্থীৰ বাধা দেখা যায়৷ ব্যৱসায়ত কিছু সমস্যা আছে যদিও সমাধান হ’ব৷ শুভ কাম আজি নকৰাই ভাল৷ সাংসাৰিক অশান্তি বাঢ়িব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৭৷

মিথুনঃ অর্থ হানিৰ যোগ দেখা যায়৷ পৰিয়ালত বিবাদ হ’ব পাৰে৷ ব্যৱসায়ত লেনদেন কৰোঁতে সাৱধান হ’ব পাৰে৷ পথ দুর্ঘটনা ঘটিব পাৰে৷ কর্মত নিযুক্তি হ’ব৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২৷

কর্কটঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ অৱশ্যে বিবাহ বা জীৱিকাৰ উন্নতি হ’ব৷ আর্থিক দিশত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷

সিংহঃ কিছু সন্দেহ আৰু কষ্টেৰে কামত আগবাঢ়িবলৈ খুব আহুকালত পৰিব নালাগিব৷ দূৰ যাত্রাদিত বাধা৷ পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ শুভ সংখ্যা ৯, শুভ ৰং গুলপীয়া৷

কন্যাঃ প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ কর্মত অশান্তি হ’ব পাৰে৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷

তুলাঃ সু–সংযোগ লাভৰ যোগ৷ বিদ্যা, কর্মস্থানত শুভ ফল৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ ব্যৱসায়ত উন্নতিৰ চেষ্টা কৰক, সফল হ’ব৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

বৃশ্চিকঃ কর্মাদিত হঠাৎ ব্যস্ততা বাঢ়িব পাৰে৷ আর্থিকভাৱে খৰচ বৃদ্ধি হ’ব৷ কিছুমান দুর্ভাবনাই লগ কৰিব পাৰে৷ কর্তব্যত আগবাঢ়িব পাৰে৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৫৷

ধনুঃ কোনো কর্মত আনন্দ পাব পাৰে৷ পুৰণা বন্ধু লগ পোৱাৰ সম্ভাৱনা দেখা যায়৷ পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাওক৷ প্রেমত বাধা দেখা যায়৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৮৷

মকৰঃ স্বাস্থ্যৰ অসুবিধা হোৱাৰ বাবে ব্যৱসায়ত সমস্যা আহিব পাৰে৷ পঢ়া–শুনাৰ প্রতি গুৰুত্ব দিয়ক৷ কর্মস্থানত আর্থিক উন্নতিৰ আশা কৰিব পাৰে৷ নতুন কর্মপ্রেৰণা পাব৷ শুভ ৰং মাখন, শুভ সংখ্যা ৭৷

কুম্ভঃ যৌথ ব্যৱসায়ত আর্থিক লেনদেনৰ ক্ষেত্রত শুভ প্রভাৱ পৰিব৷ প্রতিযোগিতামূলক পৰীক্ষাত সুনাম বৃদ্ধিৰ যোগ দেখা যায়৷ চাকৰিৰ স্থান সলনি হ’ব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

মীনঃ ব্যৱসায়ৰ ক্ষেত্রত শুভ ফল দেখা যায়৷ প্রিয়জনৰ বাবে ঘৰত বিবাদ হ’ব পাৰে৷ নতুন গৃহ নির্মাণৰ সুযোগ দেখা যায়৷ শুভ ৰং সোণালী, শুভ সংখ্যা ২৷

You might also like