নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সতীৰ্থৰ মাজত মাৰপিট : জুৱাৰ ধনক লৈ শিৱসাগৰত মাজনিশা ভয়ানক কাণ্ড

নিয়মীয়া বাৰ্তা, ২৫ মে : শিৱসাগৰত জুৱা খেলৰ ধনক কেন্দ্ৰ কৰি সংঘটিত হোৱা সংঘৰ্ষত এগৰাকী এটা ৰাজনৈতিক দলৰ নেতা আহত হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ মুকলিকৈ জুৱা খেলত অংশ গ্ৰহণ কৰি ধনৰ বাটোৱাৰাক লৈ সংঘটিত সংঘৰ্ষত সতীৰ্থ জুৱাৰীৰ আক্ৰমণত আহত নেতাজনক অনুসূচিত জাতি মৰ্চাৰ সম্পাদক জিতু হাজৰিকা বুলি জানিব পৰা গৈছে৷  মাজ নিশা শিৱসাগৰ আৰক্ষীৰ নিশ্ছিদ্ৰ নিৰাপত্তাক ভ্ৰুকুতি কৰি চহৰৰ মাজমজিয়াৰ দলমুখ ছাৰিআলিত সংঘটিত সংঘৰ্ষত আহত  নেতাজনক লগে লগেই শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ লগতে ঘটনাস্থলীৰ পৰা সদৰ আৰক্ষীয়ে আন দুটা জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন জুৱাৰী দুটাক ৰিতু আলি আৰু আব্বাচ আলি বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত বাতৰি মতে ঐতিহাসিক শিৱসাগৰ চহৰৰ হৃৎপৃণ্ড স্বৰূপ দলমুখ চাৰিআলিৰ টেস্কী ষ্টেণ্ডৰ সমীপত এটা প্ৰভাৱশালী চক্ৰই দীৰ্ঘ দিনে মুকলি সুৰা আৰু জুৱা খেলৰ ৰমৰমীয়া বেহা গঢ়ি তুলিছিল ৷ আন নালাগে টেস্কী ষ্টেণ্ডৰ লগতে লাগি থকা পুৰণি মেটাৰ্নিটি হস্পিতেলখনৰ চৌহদতো এই কুখ্যাত চক্ৰটোৱে জুৱা খেল অনুস্থিত কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ যি খন জুৱা খেলৰ অন্যতম উদ্যোক্তা হিচাবে আহত বিতৰ্কীত নেতা জিতু হাজৰিকা বুলি খোদ ঘটনাস্থলীত আটকাধীন জুৱাৰী ৰিতু আলিয়ে সাংবাদিকৰ কেমেৰা সন্মুখত প্ৰকাশ কৰিছে৷ প্ৰতি দিনাই সন্ধিয়াৰ পৰা মাজ নিশা পৰ্য্যন্ত বিতৰ্কীত নেতা জিতু হাজৰিকাৰ ৰাজনৈতিক ক্ষমতাৰ দোহাই দি অনুষ্ঠিত হোৱা মুকলি জুৱা আৰু সুৰাৰ বেহাৰ অন্যতম সংগী আছিল হাজৰিকাক প্ৰহাৰ কৰা বুলি অভিযোগ উঠা আন দুটা জুৱাৰী৷ সন্ধিয়া প্ৰায় আঠ মান বজাৰ পৰা চলি অহা জুৱা খেলৰ ভাগ বাতোৱাৰাক লৈয়েই জিতু হাজৰিকা, আব্বাচ আলি আৰু ৰিতু আলিকে ধৰি আন দুটা জুৱাৰীৰ মাজত প্ৰথমে অশ্লীল চিঞৰ বাখৰেৰে বাক বিতণ্ডা হয় ৷ পৰৱৰ্তী সময়ত এই বাক বিতণ্ডাই চূড়ান্ত ৰূপ লোৱাত পাঁচোটাকৈ সুৰাৰ ৰাগীত মাতাল জুৱাৰীৰ মাজত ৰড, ইটা লৈ তুমুল সংঘৰ্ষৰ সৃষ্টি হয় ৷ফলত সতীৰ্থ জুৱাৰীৰ ৰডৰ কোবত মূৰ ফাটি তেজেৰে তুমুৰলী হয় জিতু হাজৰিকা ৷ ইফালে অশ্লীল মাত কথাৰে চহৰ খনৰ মাজমজিয়াত জুৱা খেলৰ ধনৰ ভাগ বতোৱাৰাক লৈ সংঘটিত সংঘৰ্ষৰ খবৰ পাই উপস্থিত হোৱা আৰক্ষীয়ে জিতু হাজৰিকাক চিকিৎসালয়লৈ নিয়াৰ লগতে আক্ৰমণৰ লগত জড়িত দুই সতীৰ্থ মাতাল আহত জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷উল্লেখ্য যে বিতৰ্কীত কাম কাজৰ বাবে সঘনে চৰ্চিত হৈ অহা এই গৰাকী তথাকথিত নেতা জিতু হাজৰিকাই কিছু দিনৰ পুৰ্বে দিচাংমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক থানাৰ ভিতৰত সোমাই ভাবুকি প্ৰদান কৰাৰ লগতে বিষয়া গৰাকীক প্ৰহাৰৰ অভিযোগত শীৰ্ষ আৰক্ষী বিষয়াৰ হাতত লক আপৰ ভিতৰত গুৰুত্বৰভাৱে প্ৰহৃত হৈছিল৷  প্ৰতিবাৰেই বিতৰ্কীত কাম কাজত লিপ্ত হৈ পৰৱৰ্তী সময়ত ক্ষমতাৰ অপব্যৱহাৰেৰে বাছি যোৱা বিতৰ্কীত জিতু হাজৰিকাই এই বাৰ জুৱা খেলৰ ধনৰ ভাগ বাতোৱাৰাক কেন্দ্ৰ কৰি সংঘটিত সংঘৰ্ষত আহত হোৱাৰ পিছতেই সমগ্ৰ ঘটনাক এক পৰিকল্পিত আক্ৰমণৰ ঘটনা হিচাবে প্ৰতিস্থা কৰিবলৈ নাটকৰ সূচনা কৰিছে ৷ ইতিমধ্যে ভাইৰেল হৈ পৰা এক চিচিটিভিৰ ফুটেজত জিতু হাজৰিকাই কিদৰে সতীৰ্থ এজন জুৱাৰিক এচটা ইটাৰে প্ৰথমে আক্ৰমণ কৰিছিল সেইয়া স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ আৰক্ষীয়ে দলমুখ চাৰিআলিত সংস্থাপিত হাই ৰেঞ্জৰ চি চি কেমেৰাৰ বিগত দিনৰ ফুটেজসমুহ পৰীক্ষা কৰিলেই পোহৰলৈ আহিব প্ৰকৃততে জিতু হাজৰিকা জুৱাৰী নে পথাচাৰী আছিল বুলি একাংশই দাবী কৰিছে৷ বিশেষকৈ দুয়োটা জুৱাৰীয়ে আটকৰ পিছতেই আশে পাশে থকা আন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ চি চি কেমেৰা পৰীক্ষা কৰিবলৈ দাবী জনোৱাৰ লগতে সন্ধিয়াৰ পৰা মাজ নিশা লৈকে জিতু হাজৰিকাই আছলতে টেস্কী ষ্টেণ্ডত কি খেল খেলিছিল আৰু কি সেৱন কৰিছিল সেইয়া পোহৰলৈ আহিব বুলি কয়।

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like