নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্ত মণিপুৰলৈ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

বিশেষ বাৰ্তা, ২৬ মেঃ  জনজাতিকৰণৰ নামত দুটা সম্প্রদায়ৰ মাজত সৃষ্টি হোৱা সংঘর্ষই অশান্ত কৰি ৰখা মণিপুৰ ভ্রমণলৈ যাব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ এই কথা ঘোষণা কৰিছে গৃহমন্ত্রীগৰাকীয়ে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মণিপুৰৰ প্রসংগত এই কথা উল্লেখ কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কয় যে বিগত ছয় বছৰ ধৰি শান্তিৰ বাতাৱৰণ চলি আছে মণিপুৰত৷ কিন্তু ন্যায়ালয়ৰ এক নির্দেশক কেন্দ্র কৰি অশান্ত হৈ পৰিছে ৰাজ্যখন৷ আলাপ–আলোচনাৰ মাজেৰে ৰাজ্যখনলৈ ঘূৰাই অনা হ’ব শান্তি৷ এইক্ষেত্রত গৃহমন্ত্রীগৰাকীয়ে নিজে সকলো দিশ পর্যবেক্ষণ কৰিব৷ ইয়াৰ বাবে তিনিদিনীয়া কার্যসূচীৰে অচিৰেই মণিপুৰলৈ যাব৷ গৃহমন্ত্রী অমিত শ্বাহে এই সময়ছোৱাত মণিপুৰবাসীক শান্তি–শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনায়৷ উল্লেখ্য যে জনজাতিকৰণক কেন্দ্র কৰি বিগত প্রায় এমাহ ধৰি সংঘর্ষত লিপ্ত হৈ আছে দুটাকৈ সম্প্রদায়৷ সেনা বাহিনীৰ দ্বাৰা পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলাই থকা হৈছে যদিও উত্তেজনা শাম কটা নাই৷ এনে পৰিস্থিতিত সমগ্র দিশ পর্যালোচনাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৰাজ্যখনত উপস্থিত হোৱাৰ কথা আজি ঘোষণা কৰে৷

You might also like