আজি ৪ ফেব্রুৱাৰী, মাঘ মাহৰ ২১ তাৰিখ
মঙলবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : অশ্বিনী, যাত্রা : নাই
মেষ : শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ প্রতিকাৰ– শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ–পার্বতীক আৰাধনা কৰিব৷
বৃষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ হাতৰ পৰা বস্তু হেৰাব পাৰে৷ প্রতিকাৰ– ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷
মিথুন : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ এই ৰাশিৰ জাতকৰ আজি শুভ দিন৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে, নিজৰ ভুলে ক্ষতি কৰিব৷ প্রতিকাৰ– ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুৱাওক৷
কর্কট : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ প্রতিকাৰ– পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢালি লক্ষ্মীনাৰায়ণক স্মৰণ কৰিব৷
সিংহ : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ যান–বাহন দুর্ঘটনাত পতিত হ’ব পাৰে৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ– এটা পাত্রত পানী লৈ সূর্যলৈ চাই জল অর্পণ কৰিব৷
কন্যা : শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ কর্মস্থান পৰিৱর্তন হ’ব পাৰে৷ পাৰিবাৰিক কন্দল হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত শুভ৷ প্রতিকাৰ– অগৰু চন্দন মিহলাই গোটেই ঘৰতে ছটিয়াব৷
তুলা : শুভ ৰং বগা, শুভ সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ প্রতিকাৰ– দোৰোণ ফুল পাঁচটা পানীৰে পূর্ণ পাত্রত লৈ সূর্যলৈ চাই অর্পণ কৰিব৷
বৃশ্চিক : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ আনে লোৱা টকা ঘূৰাই পাব৷ প্রতিকাৰ– তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷
ধনু : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷ ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ প্রতিকাৰ– হনুমান মন্দিৰত ফল-মূল দি হনুমান চালিচা পাঠ কৰিব৷
মকৰ : শুভ ৰং নীলা, শুভ সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্থ হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷ প্রতিকাৰ– লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব৷
কুম্ভ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷ প্রতিকাৰ– ঘৰৰ পৰা ওলাই যাওঁতে সূর্যক প্রণাম কৰি ওলাব৷ লগত এটা বেলপাত ৰাখিব৷
মীন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷ হাতলৈ টকা আহিব৷ কিন্তু জমা ৰাখিব নোৱাৰে৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷ প্রতিকাৰ– ঘৰলৈ অহা যিকোনো ব্যক্তিক আদৰ কৰি শুশ্রূষা কৰিব৷ পাৰিলে এটা মিঠা ফল খুৱাব৷