নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৫ ফেব্রুৱাৰী, ফাগুন মাহৰ ২ তাৰিখ
শনিবাৰঃ তিথি– কৃষ্ণা তৃতীয়, নক্ষত্রঃ উত্তৰফাল্গুনী, যাত্রাঃ শুভ

মেষঃ পৰিশ্রম অনুপাতে দিনটোত আয় উন্নতি কম হ’ব৷ শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে৷ শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব৷ প্রেম আৰু দাম্পত্যত শুভ৷

বৃষঃ কর্মক্ষেত্রত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম ফলদায়ক হ’ব৷ আবেলিৰ ভাগত আর্থিক ক্ষেত্রত পৰিৱর্তন লক্ষ্য কৰা যায়৷

মিথুনঃ বুধৰ শুভ প্রভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ কর্মক্ষেত্রত অশান্তি৷ ব্যৱসায়–বাণিজ্যত উন্নতি অব্যাহত থাকিব৷ দাম্পত্য আৰু প্রেমত শুভ৷

কর্কটঃ মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব৷ একাধিক সুযোগ–সুবিধা বেয়া হ’ব পাৰে৷ পাৰিবাৰিক দিশত কিবা বিষয়লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে৷

সিংহঃ পাৰিবাৰিক দিশত অশুভ৷ পত্নীৰ কাৰণে চিন্তা৷ প্রেম, দাম্পত্য বা পাৰিবাৰিক বিষয়লৈ কাজিয়া–পেচালৰ সম্ভাৱনা দেখা যায়৷ বিদ্যার্থীৰ মধ্যম ফল৷

কন্যাঃ ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে৷ বিশেষ কিবা পৰিৱর্তনৰ আশা নকৰাই ভাল হ’ব৷ আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব৷ প্রেমত অশুভ ফল৷

তুলাঃ বিশেষ কোনো গুণৰ বাবে সন্মানপ্রাপ্তিৰ যোগ৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও মানসিক অশান্তি থাকিব৷ বিদ্যার্থীৰ শুভ৷

বৃশ্চিকঃ শনি অশুভ হোৱা বাবে খং–ৰাগ অত্যধিক বৃদ্ধি পাব৷ অনাৱশ্যক কাৰণত ব্যয় বৃদ্ধিৰ যোগ৷ কিবা কাৰণত টকা–পইচা ঋণ ল’ব লগা হ’ব পাৰে৷ দুর্ঘটনাৰ যোগ৷

ধনুঃ শাৰীৰিক দিশত আঘাত প্রাপ্তিৰ যোগ৷ গতিকে চলা–ফুৰাত সতর্ক থাকিব৷ প্রেম আৰু দাম্পত্যত শান্তি বজাই থাকিব৷ ব্যৱসায়ত উন্নতি৷ বিদ্যার্থীৰ মধ্যম ফল৷

মকৰঃ সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে৷ ক্রোধ নিয়ন্ত্রণত ৰখাৰ চেষ্টা কৰক৷ ব্যৱসায়–বাণিজ্যত মধ্যম ফলদায়ক৷ প্রেম–প্রীতিত অশুভ ফল৷

কুম্ভঃ কর্মক্ষেত্রত দায়িত্ব বৃদ্ধি পাব৷ আর্থিক ক্ষেত্রত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণ বৃদ্ধি পাব৷ শত্রুৰ পৰা সতর্ক থাকিব৷

মীনঃ মীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি৷ আবেলিৰ ভাগত কিছু সমস্যাই দেখা দিব পাৰে৷ বৃহস্পতিৰ শুভ প্রভাৱত নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷

You might also like