নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪ জানুৱাৰী : আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জানুৱাৰী, পুহ মাহৰ ১৯ তাৰিখ, দেওবাৰ

মেষ : শুভ ৰং বগা, সংখ্যা ৮৷ আজি শুভ কাম আৰম্ভ কৰিব পাৰে৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব৷ ব্যৱসায়ীসকলৰ লাভ বাঢ়িব৷ অগৰু, চন্দন পানীত মিহলাই ঘৰত ছটিয়াব৷

বৃষ : শুভ ৰং হালধীয়া, সংখ্যা ৩৷ ব্যৱসায়ীৰ অর্থ হানি হ’ব পাৰে৷ চোৰৰ পৰা ক্ষতি হোৱাৰ আশংকা৷ তুলসী গছৰ গুৰিত পানী ঢালি ধূপ–চাকি জ্বলাব৷

মিথুন : শুভ ৰং বেঙুনীয়া, সংখ্যা ৭৷ সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব৷ চাকৰিৰ ক্ষেত্রত সন্মান লাভ হ’ব৷ ভিক্ষাৰীক পাৰিলে জলপান কৰাব৷

কর্কট : শুভ ৰং নীলা, সংখ্যা ৫৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব৷ ঘিউৰ চাকি এগছি জ্বলাই তাত অলপ কর্পূৰ দিব আৰু শিৱক ধ্যান কৰিব৷

সিংহ : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ টকা–পইচাৰ লেনদেন নিজৰ হাতেৰেহে কৰিব৷ বিবাহৰ প্রস্তাৱ পাব পাৰে৷ পাবলৈ থকা ধন হাতলৈ আহিব৷ খৰচ বাঢ়িব৷ বেলগছৰ গুৰিত ধূপ–চাকি জ্বলাব৷

কন্যা : শুভ ৰং ৰঙা, সংখ্যা ৪৷ চাকৰিয়ালৰ পদোন্নতিত বাধা আছে৷ শিক্ষার্থীৰ শুভ দিন৷ কথা কওঁতে সংযম ৰাখিব৷ প্রতিকাৰ– হনুমান চালিচা পাঠ কৰিব৷

তুলা : শুভ ৰং গুলপীয়া, সংখ্যা ৬৷ চাকৰিৰ কাৰণে স্থান পৰিৱর্তন কৰিব লগা হ’ব পাৰে৷ আনৰ কথা শুনি কোনো কাম নকৰিব৷ পুৱা গা ধুই সূর্যক প্রণাম কৰিব আৰু তুলসীৰ গুৰিত পানী ঢালি ধূপ জ্বলাব৷

বৃশ্চিক : শুভ ৰং গেৰুৱা, সংখ্যা ২৷ অপদস্থ হোৱাৰ ভয়৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা৷ পূজা কৰা ব্রাহ্মণক বগা বস্ত্র দান কৰক৷

ধনু : শুভ ৰং হালধীয়া, সংখ্যা ৮৷ অচিনাকি ব্যক্তিৰ পৰা প্রতাৰিত হোৱাৰ আশংকা৷ টকা–পইচা ধাৰলৈ দিলে ঘূৰাই নাপাব৷ ব্যৱসায়ত বেমেজালি আহিব পাৰে৷ কপালত চন্দনৰ ফোঁট ল’ব৷

মকৰ : শুভ ৰং বগা, সংখ্যা ৫৷ হাতলৈ অহা কাম এৰি নিদিব৷ বন্ধুৰ পৰা প্রতাৰিত হোৱাৰ ভয়৷ সন্তানৰ শুভ৷ ভিক্ষাৰীক ভোজন কৰাব পাৰিলে ভাল৷

কুম্ভ : শুভ ৰং নীলা, শুভ সংখ্যা ৯৷ অচিনাকি ব্যক্তিক বিশ্বাস কৰি কোনো কাম নকৰিব, বিপদ হ’ব পাৰে৷ মূৰত আঘাত পাব পাৰে৷ তিনিটা ৰঙা জবা ফুল লৈ শিৱৰ লিংগত অর্পণ কৰি শিৱক ধ্যান কৰিব৷

মীন : শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ পানীত কেইটামান তিল দি পূব দিশলৈ চাই গা ধুব৷

You might also like