নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ মাৰ্চ : আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ মার্চ, চ’ত মাহৰ ১১ তাৰিখ
বৃহস্পতিবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : আদ্রা, যাত্রা : নাই

মেঘ : আজি কোনো শুভ কথাত মন আনন্দিত হ’ব৷ আর্থিক দিশত বাধা পাব পাৰে। পাৰিবাৰিক দিশত শুভ৷ ব্যৱসায়ত বাধা৷ শুভ ৰং কমলা, শুভ সংখ্যা ২৷

বৃষ : আজি কর্মত বাধা দেখা যায়৷ যাত্রা কৰোঁতে সাৱধান৷ ব্যৱসায়ত সফলতা লাভ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ শুভ ৰং নীলা, শুভ সংখ্যা ৫৷

মিথুন : আজি কোনো বিশেষ কামত সফল হ’ব৷ শৰীৰৰ প্রতি লক্ষ্য ৰখা উচিত৷ সন্ধিয়া ৬ বজাৰ পাছত যাত্রা নকৰিব৷ প্রেমত সন্দেহ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৭৷

কর্কট : আজি ব্যৱসায়-বাণিজ্যত উন্নতি বৃদ্ধিৰ যোগ৷ সন্তানৰ ভৱিষ্যতৰ কাৰণে চিন্তা থাকিব৷ বিদ্যাত বাধা৷ প্রেমত শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

সিংহ : আজি সন্তানৰ ওপৰত সতর্কতাৰ প্রয়োজন৷ চলা–ফুৰাত সাৱধান৷ পাৰিবাৰিক দিশত অশান্তিত ভুগিব পাৰে৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

কন্যা : আজি শিল্পীসকলে কর্মত সফলতা লাভ কৰিব৷ দিনৰ ১২ বজাৰ পাছত যাত্রা কৰিব৷ বিদ্যাত অধিক মনোযোগৰ প্রয়োজন৷ প্রেমত সাৱধান৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷

তুলা : আজি সামাজিক কামত জড়িতসকলে উন্নত পৰিৱেশ পাব৷ বিদ্যার্থীসকলৰ শুভ৷ ভ্রমণত শুভ৷ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷

বৃশ্চিক : আজি কোনো কামত সফলতা লাভ৷ তীর্থ ভ্রমণৰ যোগ৷ চলা–ফুৰাত সাৱধান৷ বিদ্যাত উন্নতি৷ প্রেমত বুজাবুজি৷ শুভ ৰং পার্পল, শুভ সংখ্যা ৬৷

ধনু : আজি ব্যৱসায়ত অনুকূল প্রভাৱ পৰিব৷ পাৰিবাৰিক দিশত শুভ৷ বিদ্যার্থীসকলে ভবা মতে ফল নাপাব৷ প্রেমত শুভ৷ শুভ ৰং মেৰুণ, শুভ সংখ্যা ৭৷

মকৰ : আজি কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতবিৰোধ৷ ভ্রমণ নকৰাই ভাল৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে৷ শুভ ৰং পিংক, শুভ সংখ্যা ৩৷

কুম্ভ : আজি বন্ধুবর্গৰ লগত সু–সম্পর্ক স্থাপন৷ ব্যৱসায়ত আয় বৃদ্ধিৰ যোগ৷ পুৱাৰ ভাগত যাত্রা কৰিলে শুভ হ’ব৷ শুভ ৰং কলা, শুভ সংখ্যা ৪৷

মীন : আজি কর্মত কঠোৰ পৰিশ্রমৰ অন্তত লাভৰ মুখ দেখা পাব৷ দাম্পত্যত মতবিৰোধ৷ যাত্রা শুভ৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷

You might also like