নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৯ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ মে’, ব’হাগ মাহৰ ২৫ তাৰিখ
শনিবাৰ : তিথি–কৃষ্ণ সপ্তমী, নক্ষত্র : পূর্বষাঢ়া, যাত্রা : নাই

মেষ : শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৭৷ সুখ–সমৃদ্ধি বৃদ্ধি হ’ব৷ টকা–পইচাৰ অভাৱ দূৰ হ’ব৷ পুৱা গা ধুই তিতা গাৰে তুলসীৰ গুৰিত পানী ঢালিব৷

বৃষ : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৯৷ আর্থিক ক্ষতিৰ যোগ আছে৷ সামান্য কথাতে কাজিয়া হ’ব পাৰে৷ হাতৰ পৰা বস্তু হেৰাব পাৰে৷ ভিক্ষাৰীক ক’লা বস্তু দান কৰিব৷

মিথুন : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ যিকোনো শুভ কাম আৰম্ভ কৰিব পাৰে, নিজৰ ভুলে ক্ষতি কৰিব৷ ঘৰলৈ অহা আলহীক সুমিষ্ট ফল খুৱাওক৷

কর্কট : শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে৷ শিৱ মন্দিৰত বেলপাত, গাখীৰ, ধতুৰা ফুল দি লিংগ পূজা কৰি শিৱ–পার্বতীক আৰাধনা কৰিব৷

সিংহ : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩৷ যান–বাহন দুর্ঘটনাত পতিত হ’ব পাৰে৷ বিশেষ ভাল খবৰ পাব৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ এটা পাত্রত পানী লৈ সূর্যলৈ চাই জল অর্পণ কৰিব৷

কন্যা : শুভ ৰং নীলা, শুভ সংখ্যা ৫৷ কর্মস্থান পৰিৱর্তন হ’ব পাৰে৷ শত্রুৰ দ্বাৰা ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত শুভ৷ অগৰু–চন্দন মিহলাই গোটেই ঘৰতে ছটিয়াব৷

তুলা : শুভ ৰং বগা, শুভ সংখ্যা ২৷ সাহিত্য চর্চা কৰাসকলৰ সন্মান বাঢ়িব৷ অচিনাকি ব্যক্তিৰ পৰা ক্ষতি হ’ব পাৰে৷ ব্যৱসায়ত ক্ষতি হ’ব পাৰে৷ দোৰোণ ফুল পাঁচটা পানীৰে পূর্ণ পাত্রত লৈ সূর্যলৈ চাই অর্পণ কৰিব৷

বৃশ্চিক : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৯৷ সংযম ৰাখি কথা পাতিব৷ আনে লোৱা টকা ঘূৰাই পাব৷ তিনিডাল ধূপ জ্বলাই ঘৰৰ চৌপাশ প্রদক্ষিণ কৰিব৷

ধনু : শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৭৷ ঘৰত কোনোবাৰ চাকৰিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ত লোকচান হ’ব পাৰে৷ হনুমান মন্দিৰত ফল–মূল দি হনুমান চালিচা পাঠ কৰিব৷

মকৰ : শুভ ৰং নীলা, শুভ সংখ্যা ৩৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ অপদস্থ হোৱাৰ ভয়৷ আজি টকা ধাৰলৈ নিদিব৷ প্রতিকাৰ– লোহাৰ আঙঠি এটা সোঁহাতত পিন্ধিব৷

কুম্ভ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৪৷ অচিনাকি ব্যক্তিয়ে ক্ষতি কৰাৰ আশংকা আছে৷ দূৰ ভ্রমণ নকৰিব৷ বন্ধুৰ দ্বাৰা প্রতাৰিত হ’ব৷ লগত এটা বেলপাত ৰাখিব৷

মীন : শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬৷ হাতলৈ টকা আহিব৷ কিন্তু জমা ৰাখিব নোৱাৰে৷ পাৰিবাৰিক অশান্তি বাঢ়িব৷ পাৰিলে এটা মিঠা ফল খুৱাব৷

You might also like