নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : উন্নয়নৰ জাতীয়তাবাদ

লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, আমি অসমীয়াই হাঁহিব নাজানো৷ হাঁহিৰ ওপৰত অসমীয়া সমাজৰ কঠোৰ চকুৰ বিষয়ে বেজবৰুৱাৰ কেইবাটাও ৰসাল ৰচনা আছে৷ আমি অসমীয়াই কিন্তু তুলনা কৰিব, নিজক তুচ্ছ–তাচ্ছিল্য কৰিব অলপ বেছিকৈয়ে জানো৷ অসমীয়া কেঁকোৰা জাতি, অসম ইজ এ ষ্টেট অৱ লাহে লাহে আদি বাক্যবোৰ আমিয়েই বনোৱা৷ উৎসাহী একাংশই প্রায়েই কটাক্ষ কৰে–ওচৰৰে পশ্চিমবংগলৈ চোৱা, কিমান সংস্কৃতিৱান লোক, আমাৰ অসমীয়াই জানে৷ কিন্তু কেতিয়াবা ইতিবাচক দিশো চাব লাগে৷ ইতিবাচক কথাটো হ’ল অসমীয়াই অলপ খং–ৰাগ কৰিব পাৰে, কিন্তু বহুত বেছি হিংসালৈ নাযায়, সেয়া নির্বাচনত নহওক কিয়৷ অথচ ওচৰৰ পশ্চিমবংগত নির্বাচন মানেহ ভয়, ভয়ংকৰ হিংসা, মাৰপিট৷ যোৱাবাৰ লোকসভা নির্বাচনৰ সময়ত নির্বাচনী হিংসা এনেকৈ বাঢ়িছিল যে লাখ লাখ নাগৰিক বংগ এৰি অসমত আশ্রয় ল’বলগীয়া হৈছিল৷ এইবাৰৰ বিধানসভা নির্বাচনত কেন্দ্রীয় অসামৰিক বাহিনীৰ সবল উপস্থিতিৰ বাবে বিশেষ হিংসা নোহোৱাকৈ নির্বাচন পাৰ হৈ গ’ল, পিছে নির্বাচনৰ পিছৰ পৰিৱেশ এইবাৰো ব্যতিক্রম নহ’ল৷ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক গুলীয়াই হত্যা কৰাক লৈ উত্তপ্ত সমগ্র পশ্চিমবংগ৷ উন্মত্ত লোকে হাওৰাত এজন বিজেপি সদস্যক মৰিয়াই মৰিয়াই হত্যা কৰিছে৷ য’তে–ত’তে তৃণমূলৰ কার্যালয় জ্বলাই দিয়া হৈছে৷ বাঙালী ভদ্রলোকৰ নির্বাচন আহিলেই এনে বিপৰীত চৰিত্র আজিও ৰহস্য৷ অসমত পিছে নির্বাচনত বাকযুদ্ধ বহুত চলিল, দুই–এক বিক্ষিপ্ত ঘটনাৰ বাদে পৰিৱেশ বংগৰ একদম বিপৰীত৷ ঠায়ে ঠায়ে দেখা গৈছে প্রার্থীয়ে ইজনে–সিজনক নমস্কাৰ দি একেলগে খোজকাঢ়ি গৈছে, নামঘৰত দুই প্রতিদ্বন্দ্বী প্রার্থীয়ে একেলগে সেৱা জনাইছে৷ নির্বাচনৰ পিছতো ক’তো উল্লাস কৰি পৰাজিত প্রার্থীক, সমর্থকক কিবা কৰা বাতৰি অহা নাই৷ নির্বাচনৰ আগ্রাসী কথা–বতৰাৰ বিপৰীতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, পীয়ূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, বিমল বড়াৰ দৰে মন্ত্রীক বিনম্রতাৰে সংবাদ মাধ্যমৰ সন্মুখীন হোৱা দেখা গৈছে৷ বংগৰ বিপৰীতে আমাৰ নির্বাচনৰ এই শান্তি–সংস্কৃতি আমাৰ বাবে গৌৰৱ৷ অসমীয়া বহু ক্ষেত্রতে আগুৱাই যোৱাৰ প্রত্যাহ্বান আছে, কিন্তু নির্বাচনৰ এই সংস্কৃতিয়ে কয় আমাৰ মাজত আজিও ধৈর্য, সহ্য গুণ বহুত আছে, যাক আজিৰ পৰিৱেশত আভিজাত্যই ক’ব পাৰি৷ বহু জেগাত কৰিব পাৰে, কিন্তু নির্বাচনত জিকিলে বা হাৰিলে বুলিয়েই অসমীয়াই বর্বৰৰ দৰে আচৰণ নকৰে৷ আমি আমাৰ বেয়াবোৰক লৈ বহুত ব্যস্ত হ’লোঁ৷ আমাৰ মাজতে থকা সৰু সৰু ভালবোৰক ডাঙৰ আৰু আন সকলো ক্ষেত্রলৈ লৈ যাব পৰাটোৱেই লক্ষ্য হোৱা উচিত৷ পশ্চিমবংগৰ তুলনাত অসমৰ শান্ত নির্বাচনে আন ক্ষেত্রতো সহায় কৰিব৷
উদ্যোগীকৰণক লৈ আমাৰ অসমলৈ সমাজত দীর্ঘদিন এক নেতিবাচক ধাৰণা আছিল৷ আমাৰ সম্পদ, শোষণ, বহিৰাগতৰ লুণ্ঠন আদিৰ দৰে সংলাপবোৰ আজিও বহুতো দল–সংগঠনৰ বাবে জীয়াহ থকাৰ মন্ত্র৷ কিন্তু আজি মানুহে লাহে লাহে বুজি উঠিছে যে অসমে ২০ টকা কেন্দ্রীয় চৰকাৰক কৰ হিচাপে আগবঢ়াই ৮০ টকা অনুদান হিচাপে পাই আহিছে৷ ভাৰত চৰকাৰৰ পৰা টকা লৈ বাহিৰৰ পৰা তেল, গেছ, বিদ্যুৎ লৈহে আমি চলি আছোঁ৷ আমি আজিৰ তাৰিখত যিমান দি আছোঁ তাতকৈ বহুগুণে বেছি লৈ আছোঁ৷ পৃথিৱীত সকলো বস্তুৱেই পৰিৱর্তনশীল, আনকি আৱেগবোৰো, চিন্তাবোৰো, আদর্শবোৰো৷ আজিৰ পৰিৱর্তিত জীৱনশৈলীয়ে আনকি নতুন প্রজন্মৰ জিনতো পৰিৱর্তন আনিছে৷ এই কথা বুজি পোৱাটো কোনো ৰকেট ছায়েঞ্চ নহয় যে আজি আমাক আৰু উন্নত জীৱনশৈলী লাগে, দৈনন্দিন জীৱনত শক্তিশালী আর্থিক নিৰাপত্তা লাগে৷ আজিৰ দাবী ৪০ বছৰ আগৰ দৰে কাৰোবাৰ বিৰুদ্ধে ক্ষোভ নিৰাময় নহয়, জীৱনৰ মান উন্নত কৰাৰহে দাবী৷ আজিৰ দাবী ভাল মেডিকেল ইন্সুৰেঞ্চ, পি এফ থকা ভাল দৰমহাৰ চাকৰি, সেয়া লাগিলে বেচৰকাৰীয়ে হওক৷ আৰু তাৰ বাবেই আমাক উদ্যোগ লাগে৷ তাৰ বাবেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৰাজনৈতিক আদর্শক সমর্থন কৰক বা নকৰক, ঔদ্যোগীকৰণৰ সম্ভাৱনাময় মানচিত্রত অসমৰ নাম সংযোজন কৰিবলৈ প্রথমটো কার্যকালতে যি প্রচেষ্টা কৰিছিল সেয়া নিঃসন্দেহে প্রশংসাৰ যোগ্য৷ ইণ্ডিয়ান ইলেক্ট্র’নিকছ এণ্ড ছেমিকণ্ডাক্টৰ এছ’চিয়েচনৰ পূর্বানুমান অনুসৰি ভাৰতত নির্মিত ছেমিকণ্ডাক্টৰৰ বজাৰ অহা তিনিটা বছৰত হ’বগৈ ১০৩.৪ বিলিয়ন ডলাৰ, অর্থাৎ ভাৰতীয় টকা হিচাপে ৮ লাখ ৬০ হাজাৰ কোটি৷ অসমৰ জাগীৰোডত যিহেতু ছেমিকণ্ডাক্টৰ প্রকল্প স্থাপিত হৈছে অসমে ২ লাখৰ পৰা ৩ লাখ কোটি টকাৰ অৰিহণা আগবঢ়াব৷ আজিলৈ অসমৰ গোটেইবোৰ উদ্যোগে যিমান ৰাজহ অর্জন কৰিছে ছেমিকণ্ডাক্টৰৰ এটা উদ্যোগে তাতকৈ বেছি কৰিব৷ সকলো ঠিকে–ঠাকে থাকিলে অসমে বছৰটো শেষ নৌহওঁতেই কমেও ২ৰ পৰা ৫ লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰাৰ সম্ভাৱনা আছে৷ প্রতিটো উদ্যোগৰ ভাল লগা কথাটো হ’ল উদ্যোগে প্রত্যক্ষভাৱে যিমানক নিযুক্তি দিয়ে তাতকৈ তিনিগুণ বেছি ‘নিযুক্তি’ দিয়ে পৰোক্ষভাৱে৷ উদ্যোগ মানেই মাটিৰ চাহিদা বৃদ্ধি, গাড়ীৰ চাহিদা সেৱা, উদ্যোগৰ চাহিদা৷ আমি এটা বছৰতে গুজৰাট অথবা তামিলনাডু হৈ উঠিব নোৱাৰোঁ, কিন্তু আমি পেলোৱা প্রতিটো খোজ যাতে দৃঢ়ভাৱে পৰে তাৰ বাবে সকলোৱে সহযোগিতা কৰা উচিত৷ নিজ নিজ ৰাজনৈতিক মতাদর্শ লগত ৰাখিও আমি কিন্তু এই নতুন ‘উদ্যোগ বিপ্লৱ’ক সমর্থন জনাব পাৰোঁ৷ আমাৰ দৃষ্টিত অসমক যি পদক্ষেপে উন্নয়নৰ দিশলৈ লৈ যায় সেয়াহে প্রকৃত জাতীয়তাবাদ৷ অসমৰ নতুন জাতীয়তাবাদ উদ্যোগীকৰণ– আহক বিয়পাই দিওঁ এই শ্লোগান৷ ইতিবাচক কথা যে নির্বাচনৰ পৰিৱেশে ইয়াত সহযোগিতা কৰিছে৷

You might also like