নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৭ জুলাই, আহাৰ মাহৰ ৩১ তাৰিখ
সোমবাৰ : তিথি– অমাৱস্যা, নক্ষত্র : পুনর্ব্বসু, যাত্রা : নাই

মেষ : উচ্চ শিক্ষাত শুভ দেখা যায় ৷ হাতলৈ অহা কাম নকৰোঁ বুলি নক’ব ৷ প্রেমত বাধা দেখা যায় ৷ সাংসাৰিক দিশত অশান্তিৰ যোগ ৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৬ ৷
বৃষ : মানসিক দুশ্চিন্তা হ’ব পাৰে ৷ কর্মৰ দিশত বহু বেছি ভাল নহয় ৷ বিদ্যার্থীৰ উচ্চ শিক্ষাত অশান্তি হ’ব পাৰে ৷ পৰাপক্ষত ঘৰৰ মানুহৰ লগত সময় কটাব ৷ শুভ ৰং মাখন ৷ শুভ সংখ্যা ১ ৷
মিথুন : শিক্ষার্থীৰ উচ্চ শিক্ষাৰ অধ্যয়নৰ ক্ষেত্রত কিছু বাধা আহিব পাৰে ৷ ৰাজনীতিক, বুদ্ধিজীৱী আৰু সমাজকর্মীৰ চিন্তা বাঢ়িব ৷ আর্থিক দিশত অশান্তি হ’ব পাৰে ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ২ ৷
কর্কট : বিদ্যার্থীৰ বাবে তেনে বাধা দেখা নাযায় ৷ শাৰীৰিক দিশত দুর্বলতা অনুভৱ হ’ব ৷ চাকৰিয়ালৰ বাবে শুভ দিন ৷ শিক্ষার্থীৰ মানসিক উৎসাহ বৃদ্ধি পাব ৷ প্রেমত শুভ ফল ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৫ ৷
সিংহ : ভূমি বিবাদৰ সন্তোষজনক সমাধান হ’ব পাৰে ৷ আর্থিক উন্নতিত বাধা আহিব পাৰে ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ চাকৰি পৰিৱর্তনৰ পৰিকল্পনা স্থগিত ৰাখক ৷ শুভ ৰং সোণালী ৷ শুভ সংখ্যা ৬ ৷
কন্যা : অনাৱশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয় ৷ কর্মত বাধা হ’ব পাৰে ৷ পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হ’ব পাৰে ৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ হ’ব ৷ শুভ ৰং গুলপীয়া ৷ শুভ সংখ্যা ৪ ৷
তুলা : বিদ্যার্থীসকলৰ বাবে আজিৰ দিনটো শুভ ৷ প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে ৷ ঘৰলৈ মূল্যৱান সম্পত্তি আহিব ৷ বিবাহৰ প্রস্তাৱ আহিব পাৰে ৷ শুভ ৰং আকাশী ৷ শুভ সংখ্যা ৬ ৷
বৃশ্চিক : আয় উপার্জনৰ ক্ষেত্রত বাধা আঁতৰিব ৷ স্বামী–স্ত্রীৰ মাজত বিবাদ হ’ব পাৰে ৷ পাৰিবাৰিক দিশত অশান্তি হ’ব পাৰে ৷ আর্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয় ৷ শুভ ৰং বেঙুনীয়া ৷ শুভ সংখ্যা ৮ ৷
ধনু : পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক ৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বৃদ্ধি হ’ব ৷ সন্তানৰ দিশত শুভ ফল দেখা যায় ৷ মানসিক দিশত অশান্তি হ’ব পাৰে ৷ শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ২ ৷
মকৰ : ভাল দিন ৷ যিকোনো কাম কৰাৰ আগত মা–দেউতাৰ পৰামর্শ লৈ ল’ব ৷ বিদ্যার্থীসকলৰ বাবে ভাল যোগ ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৫ ৷
কুম্ভ : পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক ৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে ৷ প্রেমত শুভ ৷ শুভ ৰং মাটিয়া ৷ শুভ সংখ্যা ৪ ৷
মীন : অশান্তিৰ পৰা সাৱধান থকা দৰকাৰ ৷ আজিৰ দিনটো আপোনাৰ কাৰণে বহুত বেছি ভাল নহয় ৷ স্বাস্থ্যৰ প্রতি অলপ মনোযোগ দিয়া দৰকাৰ ৷ শুভ ৰং সুমথিৰা ৷ শুভ সংখ্যা ১ ৷

You might also like