আজি বলয় গ্রাস সূর্যগ্রহণঃ পুৱা ১০.৫৭ বজাৰ পৰা প্রত্যক্ষ হ’ব অসমৰ আকাশত
নিয়মীয়া বাৰ্তা, ২১ জুনঃ আজি পুনৰ আন এক মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব ৰাজ্যবাসী৷ বিশ্বৰ ভিন্ন প্রান্তৰ লগতে কাইলৈ ৰাজ্যবাসীয়ে প্রত্যক্ষ কৰিব বলয় গ্রাস সূর্যগ্রহণ৷
চলিত বর্ষৰ প্রথমটো সূর্যগ্রহণ আংশিকভাৱে পৰিলক্ষিত হ’ব অসমৰ আকাশত৷ মহানগৰীত পুৱা ১০ বাজি ৫৭ মিনিটত আৰম্ভ হৈ দিনৰ ২ বাজি ২৪ মিনিটত অন্ত পৰিব বলয় গ্রাস সূর্যগ্রহণৰ৷
দিনৰ ১২ বাজি ৪৫ মিনিটত সর্বাধিক ৮০ শতাংশ সূর্য গ্রাসৰ দৃশ্য প্রত্যক্ষ কৰিব পাৰিব মহানগৰবাসীয়ে৷
অৱশ্যে ৰাজ্যৰ প্রান্তে প্রান্তে সূর্যগ্রহণৰ সময় মহানগৰীৰ সময়তকৈ কিছু তাৰতম্য ঘটিব৷ এই কথা সদৰী কৰিছে তাৰকাগৃহৰ কিউৰেটৰ বাবুল বৰাই৷
উল্লেখ্য যে চলিত বর্ষৰ প্রথমটো বলয়গ্রাস সূর্যগ্রহণ উত্তৰ–পূব আফ্রিকাৰ লগতে এছিয়াৰ অধিকাংশ দেশৰ পৰাই পৰিলক্ষিত হ’ব৷ অসমৰ লগতে ৰাজস্থান, পঞ্জাব আদি ৰাজ্যৰ বাসিন্দাই এই বিৰল মহাজাগতিক পৰিঘটনাৰ সাক্ষী হোৱাৰ সুযোগ লাভ কৰিব৷ মহানগৰীৰ উপৰি ডিব্রুগড়ত এই পৰিঘটনা দৃশ্যমান হ’ব ৩ ঘণ্টা ২১ মিনিটৰ বাবে৷ পুৱা ১১ বাজি ০৭ মিনিটত আৰম্ভ হৈ দিনৰ ২ বাজি ২৯ মিনিটলৈকে ডিব্রুগড়ৰ আকাশত সূর্যগ্রহণ দৃশ্যমান হ’ব৷
অৱশ্যে সর্বাধিক দেশৰ ভিতৰত ৩ ঘণ্টা ৩৩ মিনিট ধৰি এই পৰিঘটনা এলাহবাদ, গয়া আৰু হাজাৰিবাগত দৃশ্যমান হ’ব৷ অনুৰূপ ধৰণে এই পৰিঘটনা দিল্লীত ৩ ঘণ্টা ২৩ মিনিট, কহিমাত ৩ ঘণ্টা ২৩ মিনিট, শিলচৰত ৩ ঘণ্টা ২৬ মিনিট আৰু শ্বিলঙত ৩ ঘণ্টা ২৭ মিনিট ধৰি দৃশ্যমান হ’ব৷ ভাৰতৰ ভুজ চহৰত সর্বপ্রথম পুৱা ৯ বাজি ৫৮ মিনিটত সূর্যগ্রহণৰ আৰম্ভণি ঘটিব৷ ডিব্রুগড়ত সকলোতকৈ দেৰিকৈ চাৰি ঘণ্টাৰ পাছত ২ বাজি ২৯ মিনিটত অন্ত পৰিব বলয় গ্রাস সূর্যগ্রহণৰ৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে এইবাৰ মহানগৰীত এই মহাজাগতিক পৰিঘটনা প্রত্যক্ষ কৰাৰ বাবে গ্রহণ কৰা হোৱা নাই বিশেষ ব্যৱস্থা৷
বিশেষকৈ গুৱাহাটী তাৰকাগৃহই প্রতিবাৰেই সূর্যগ্রহণ অথবা চন্দ্রগ্রহণ চোৱাৰ বাবে পদক্ষেপ গ্রহণ কৰি আহিছে৷ কিন্তু এইবাৰ তেনে কোনো ব্যৱস্থা গ্রহণ কৰা নাই বুলি উল্লেখ কৰি বৰাই সকলোকে সাৱধানতা অৱলম্বনৰ পৰামর্শ আগবঢ়াই কয়–‘সূর্যগ্রহণৰ সময়ত প্রত্যক্ষভাৱে সূর্যলৈ কোনো কাৰণত নাচাব৷ ইয়াৰ ফলত চকুৰ স্থায়ীভাৱে ক্ষতি হ’ব পাৰে৷ বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা চ’লাৰ ফিল্টাৰ লৈ সূর্যগ্রহণ প্রত্যক্ষ কৰিব পাৰিব৷ ঘৰতে চোৱাৰ আটাইতকৈ সৰল উপায়টো হৈছে এখন ডাঠ কাগজত একৰ পৰা দুই চেণ্টিমিটাৰ ব্যাসৰ বহল ফুটা কৰি ৰ’দত ধৰি ৰাখিলে হোৱা প্রতিবিম্বৰ জৰিয়তে প্রত্যক্ষ কৰা৷’ অৱশ্যে কাইলৈ বতৰৰ ওপৰত নির্ভৰ কৰিব আকাশত সূর্যগ্রহণ দৃশ্যমান হ’ব নে নহয়৷ আনহাতে, সূর্যগ্রহণৰ সময়ত খাদ্য গ্রহণ কৰিব নোৱাৰি বুলি চলি অহাটো এক অন্ধবিশ্বাস বুলি বৰাই অভিহিত কৰে৷ এইক্ষেত্রত বিজ্ঞানসন্মত কোনো ভিত্তি নাই বুলি তেওঁ মন্তব্য কৰে৷ উল্লেখ্য যে চলিত বর্ষৰ ১৪ ডিচেম্বৰত পূর্ণগ্রাস সূর্যগ্রহণ হ’ব৷ এই সূর্যগ্রহণ কেৱল দক্ষিণ আমেৰিকাৰ পৰাহে পৰিলক্ষিত হ’ব৷