নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ঈদ–উল–ফিতৰ

নিয়মীয়া বাৰ্তা ১৩ মেঃ অহা ১৪ মে’ত ঈদ–উল–ফিতৰ৷ ইছলাম ধর্মাৱলম্বী লোকসকলে সম্পূর্ণ এমাহ ৰমজানৰ ৰোজা ৰখাৰ পিছত কাইলৈ বছৰেকীয়া ঈদ উৎসৱ পালন কৰিব৷ সমগ্র দেশৰ লগতে অসম তথা গুৱাহাটী মহানগৰীত ইছলাম ধর্মাৱলম্বী লোকসকলে ঈদৰ প্রস্তুতি প্রায় সম্পন্ন কৰি তুলিছে৷ ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে ইছলাম ধর্মাৱলম্বী লোকসকলে ধর্মীয় পৰম্পৰা ৰক্ষাৰ বাবে সাজু হৈছে৷ কিন্তু ক’ৰোনা মহামাৰীয়ে দেশজুৰি ত্রাসৰ সৃষ্টি কৰাত যোৱা বছৰৰ দৰে এইবেলিও ইছলাম ধর্মাৱলম্বী লোকসকলে সমূহীয়া নামাজৰ পৰিৱর্তে কেৱল ধর্মীয় পৰম্পৰাহে ৰক্ষা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ক্রমাৎ বৃদ্ধি পোৱা ক’ৰোনা মহামাৰীৰ সংক্রমণে ঈদৰ উছাহ–উদ্দীপনা ম্লান কৰিছে৷

ক’ৰোনা মহামাৰীৰ হটস্পট তথা মৃত্যু উপত্যকাত পৰিণত হোৱা গুৱাহাটী মহানগৰীত নাই ঈদৰ উছাহ৷ ক’ৰোনা মহামাৰীৰ পৰা নিজৰ লগতে পৰিয়ালৰ সদস্য তথা প্রতিবেশীক ৰক্ষা কৰাৰ প্রতি লক্ষ্য ৰাখি মহানগৰবাসীয়ে এইবাৰ ঈদগাহ আৰু মছজিদত সমূহীয়া ঈদৰ নামাজ প্রত্যাহাৰ কৰি নিজ নিজ ঘৰতে ঈদৰ নামাজ পঢ়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷

অৱশ্যে আজিৰ পৰা অহা ১৫ দিনৰ বাবে ৰাজ্য চৰকাৰে ক’ভিডৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি সকলো ধর্মীয় অনুষ্ঠান বন্ধ ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰৰ পৰৱর্তী নির্দেশনা জাৰি নকৰালৈকে অহা ১৫ দিনত ধর্মীয় অনুষ্ঠানসমূহত কেৱল পূজাৰী অথবা মৌলবীয়ে পৰম্পৰা অনুসৰি নূ্যনতম ধর্মীয় কাম কৰিব পাৰিব৷ সেয়েহে কোনো লোকে যাতে মছজিদ বা ঈদগাহত সমৱেত হৈ নামাজ আদায় নকৰে, তাৰ বাবে সচেতন মহলে ইছলাম ধর্মাৱলম্বী লোকসকলক আহ্বান জনাইছে৷

আনহাতে, মহানগৰীত পূর্বৰ তুলনাত এইবেলি ঈদৰ বজাৰ কৰিবলৈ সীমিতসংখ্যক লোকহে ওলাই অহা পৰিলক্ষিত হৈছে৷ ইপিনে, কেন্দ্রীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা শ্বেখ ফখৰ উদ্দিন আহমেদ কাছিমী আৰু সম্পাদকপ্রধান আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনায় যে অসম তথা ভাৰতবর্ষত জোন দেখাৰ খবৰ পোৱা নগ’ল৷ সেয়েহে অহা ১৪ মে’ত ভাৰতবর্ষৰ লগতে অসমতো ঈদ পালন কৰা হ’ব৷ এই উপলক্ষে কেন্দ্রীয় হিলাল কমিটীৰ তৰফৰ পৰা সদৌ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনোৱাৰ লগতে ক’ভিড প্রট’কল মানি মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব বজাই ৰাখিবলৈ অনুৰোধ জনাইছে৷

You might also like