নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ভোট নিজম পৰিল প্রচাৰৰ ধুমুহা

৪০ সমষ্টিত ৩৩৭জন প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৭৯.১৯ লাখ ভোটাৰে ঃ ৰথী–মহাৰথীৰ ভিতৰত আছে ৬ মন্ত্রী ঃ নিৰাপত্তা বাহিনীৰ ৩২০ কোম্পানী মোতায়েন

নিয়মীয়া বাৰ্তা ৫ এপ্ৰিলঃ  ৰাজ্যৰ নির্বাচনী প্রেক্ষাপট গৰম কৰি ৰখা প্রচাৰ ধুমুহা নিজম পৰিল৷ ইতিমধ্যে দুটা পর্যায়ত ৮৬টা সমষ্টিৰ ভোটগ্রহণ সম্পন্ন হ’লেও অহা ৬ এপ্রিলত তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিতব্য ৪০খন আসন দখলৰ লক্ষ্যৰে ৰাজনৈতিক দল তথা প্রতিদ্বন্দ্বী প্রার্থীসকলে প্রচাৰ অব্যাহত ৰাখিছিল৷ নির্বাচন আয়োগৰ পূর্বনির্ধাৰিত সূচী অনুসৰি দেওবাৰে সন্ধিয়া ৬ বজাত এই প্রচাৰ অভিযানৰ অন্ত পৰে৷ এতিয়া শাসক–বিৰোধী উভয় শিবিৰে টঙালি বান্ধিছে তৃতীয় পর্যায়ৰ ৰণলৈ৷ ইয়াৰ সমান্তৰালভাৱে নির্বাচন আয়োগেও অহা ৬ এপ্রিলৰ ভোটগ্রহণ প্রক্রিয়াৰ সকলোধৰণৰ প্রস্তুতি সম্পন্ন কৰি তুলিছে৷ সেইদিনা পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৪০ সমষ্টিৰ মুঠ ১১,৪০১টা কেন্দ্রত ভোটগ্রহণ অনুষ্ঠিত হ’ব৷

উল্লেখ্য যে অসম বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণাৰ পাছতেই ৰাজ্যত আৰম্ভ হৈছিল আনুষ্ঠানিক প্রচাৰ অভিযান৷ বিগত সময়ছোৱাত শাসকীয় মিত্রজোঁটৰ হৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰি, কেন্দ্রীয় বস্ত্রশিল্প মন্ত্রী স্মৃতি ইৰাণী, কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, কেন্দ্রীয় ড’নাৰ মন্ত্রী জিতেন্দ্র সিঙকে ধৰি বিজেপিৰ বহুসংখ্যক শীর্ষ নেতাই একাধিকবাৰ অসমলৈ আহি নির্বাচনী প্রচাৰ চলায়৷ ইয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অব্যাহত ৰাখিছিল মাৰাথন প্রচাৰ৷ মিত্রজোঁটৰ দুই অংশীদাৰী দল অগপ আৰু ইউপিপিএলৰ নেতৃত্বয়ো সমানে সমানে প্রচাৰ চলাই গৈছিল৷ মিত্রজোঁটৰ তুলনাত নিস্তেজ হ’লেও বিৰোধী কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ প্রতিটো দলেও প্রচাৰ অভিযান অব্যাহত ৰাখে৷ মহাজোঁটৰ প্রার্থীৰ সমর্থনত প্রচাৰ চলাবলৈ অসমলৈ আহিছিল প্রাক্তন কংগ্রেছ সভাপতি তথা সাংসদ ৰাহুল গান্ধী, এআইচিচিৰ সাধাৰণ সম্পাদিকা প্রিয়ংকা গান্ধীকে ধৰি কেইবাজনো শীর্ষ নেতা৷

তদুপৰি দীর্ঘদিন ধৰি অসমতে বাহৰ পাতি থাকি নির্বাচনী কাম–কাজ তদাৰক কৰি আছে চত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেল আৰু অসমত দলৰ পর্যবেক্ষকৰ দায়িত্বত থকা জিতেন্দ্র সিঙে৷ মহাজোঁটৰ অন্যতম অংশীদাৰ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলৰ উপৰি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়েও মাৰাথন প্রচাৰ চলাইছিল৷

দেওবাৰে অন্তিমদিনাও শাসক–বিৰোধী আৰু প্রতিদ্বন্দ্বী প্রার্থীৰ প্রচাৰৰ চমক পৰিলক্ষিত হয়৷ মুঠৰ ওপৰত শাসক–বিৰোধীৰ ধাৰাবাহিক প্রচাৰ অভিযানে ৰাজ্যৰ নির্বাচনী প্রেক্ষাপটত এক ধুমুহাৰ সূচনা কৰিছিল৷ ইফালে, অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি তৃতীয় পর্যায়ৰ নির্বাচনত অৱতীর্ণ হ’ব মুঠ ৩৩৭জন প্রার্থী৷ ইয়াৰে ৩১২জন পুৰুষ হোৱাৰ বিপৰীতে মহিলা হৈছে ২৫গৰাকী৷ ৪০টা সমষ্টিৰ মুঠ ৭৯,১৯,৬৪১গৰাকী ভোটাৰে এইসকল প্রার্থীৰ ভাগ্য নির্ণয় কৰিব৷ প্রতিদ্বন্দ্বী প্রার্থীসকলৰ ভিতৰত আছে কেইবাজনো ৰথী–মহাৰথী৷ বিশেষকৈ তৃতীয় পর্যায়ৰ নির্বাচনত ভাগ্য নির্ণয় হ’ব ৬জনকৈ মন্ত্রীৰ৷ তেওঁলোক হ’ল– ড০ হিমন্ত বিশ্ব শর্মা, সিদ্ধার্থ ভট্টচার্য, চন্দ্রমোহন পাটোৱাৰী, চন্দন ব্রহ্ম, প্রমীলা ৰাণী ব্রহ্ম, ফণীভূষণ চৌধুৰী৷

সেইদৰে বিজেপিৰ বিধায়ক অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, নাৰায়ণ ডেকা, সুমন হৰিপ্রিয়া, অশ্বিনী ৰায় সৰকাৰ, অশোক কুমাৰ সিংঘী, প্রাক্তন বিধায়ক বনেন্দ্র কুমাৰ মুছাহাৰী, কংগ্রেছৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, আবুল কালাম ৰছিদ আলম, আব্দুৰ ৰছিদ মণ্ডল, শ্বেৰমান আলী আহমেদ, জাকিৰ হুছেইন শিকদাৰ, শুকুৰ আলী আহমেদ, নন্দিতা দাস, ৰেকিবুদ্দিন আহমেদ, প্রাক্তন বিধায়ক যতীন মালী, প্রদেশ কংগ্রেছৰ সম্পাদক প্রদীপ সৰকাৰ, অসীমা বৰদলৈ, মীৰা বৰঠাকুৰ গোস্বামী, মনজিৎ মহন্ত, অগপ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, গুণীন্দ্র নাথ দাস, প্রাক্তন বিধায়ক ভূপেন ৰায়, জ্যোতিষ দাস, জ্যোতিপ্রসাদ দাস, ডাঃ কমলা কলিতা, এআইইউডিএফৰ বিধায়ক নজৰুল হক, নিজানুৰ ৰহমান, হাফিছ বছিৰ আহমেদ কাছিমী, ৰফিকুল ইছলাম, বিপিএফৰ বিধায়ক মাজেন্দ্র নার্জাৰী, ৰবিৰাম নার্জাৰী, কমল সিং নার্জাৰী, প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, ইউপিপিএলৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম, সোমনাথ নার্জাৰী, মনোৰঞ্জন ব্রহ্ম, লৰেঞ্চ ইছলাৰী, জয়ন্ত বসুমতাৰী, লেহৰাম বড়ো, ভূপেন বড়ো, অসম জাতীয় পৰিষদৰ প্রার্থী বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱা, প্রাক্তন বিধায়ক পবিন্দ্র ডেকা, অদীপ ফুকন, দুলু আহমেদ, চিপিআই (এম)ৰ মনোৰঞ্জন দাস, তৃণমূল কংগ্রেছৰ গোপীনাথ দাস আদি৷ সেইদৰে কোকৰাঝাৰৰ সাংসদ নৱ কুমাৰ শৰণীয়া এই নির্বাচনত বৰমা সমষ্টিৰ পৰা নির্দলীয় হিচাপে অৱতীর্ণ হৈছে৷ একেদৰে আছুৰ প্রাক্তন সভাপতি শংকৰ প্রসাদ ৰায় বঙাইগাঁৱত কংগ্রেছ প্রার্থী হিচাপে আৰু সদৌ অসম কর্মচাৰী পৰিষদৰ প্রাক্তন সম্পাদকপ্রধান চৰণ চন্দ্র ডেকা দিছপুৰ সমষ্টিৰ পৰা নির্দলীয় হিচাপে নির্বাচনত অৱতীর্ণ হৈছে৷

আনহাতে, প্রাক্তন মন্ত্রী মহিবুল হক, প্রাক্তন বিধায়ক আলী আকবৰ মিঞা, ৰছুল হক, দীপক ৰাভা, আবুল কালাম আজাদ, আবু তাহেৰ বেপাৰী এইবাৰ নির্দলীয় হিচাপে নির্বাচনী যুঁজত নামিছে৷ তৃতীয় পর্যায়ত নির্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিকেইটাৰ ভিতৰত সর্বাধিক ৪,১১,৬৩৬জন ভোটাৰ আছে দিছপুৰ সমষ্টিত৷ ইয়াৰ বিপৰীতে ধর্মপুৰ সমষ্টিত সর্বনিম্ন ১,৪১,৫৯২জন ভোটাৰ আছে৷ পশ্চিম গুৱাহাটী সমষ্টিত সর্বাধিক ১৫জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছে৷ কঠোৰ ক’ভিড বিধিৰ মাজত সম্পন্ন হ’বলগীয়া ভোটগ্রহণ প্রক্রিয়া স্বচ্ছ আৰু নিকাভাৱে সমাপন কৰাৰ লক্ষ্যৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ তৃতীয় পর্যায়ৰ নির্বাচনত মোতায়েন কৰা হৈছে নিৰাপত্তা বাহিনীৰ মুঠ ৩২০টা কোম্পানী৷ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ আন এক গুৰুত্বপূর্ণ তথ্য অনুসৰি বর্তমান পর্যন্ত অবৈধভাৱে সৰবৰাহ কৰা ২৬.০৫ কোটি নগদ ধনসহ সুৰা, ড্রাগছ, সোণ–ৰূপৰ আ–লংকাৰকে ধৰি মুঠ ১১৫.৮০ কোটি টকাৰ সা–সামগ্রী জব্দ কৰা হৈছে৷

You might also like