নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ সংক্রমণঃ কেইবাটাও সতর্কতামূলক ব্যৱস্থা গ্রহণ ৰাজ্য চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ ক্রমাৎ বৃদ্ধি হোৱাৰ লগে লগে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ক’ৰোনাৰ দ্বিতীয় লহৰে অসমত যাতে গুৰুতৰ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে আগতীয়াকৈ কেইবাটাও সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷

শেহতীয়াকৈ বিভাগটোৱে জাৰি কৰা নির্দেশনা অনুসৰি বিমানবন্দৰ আৰু ব্যক্তগত খণ্ডৰ লেব’ৰেটৰীসমূহত ক’ভিড টেষ্টৰ নিৰিখ ৫০০ টকা নির্ধাৰণ কৰি দিছে৷ আৰ টি পি চি আৰ টেষ্টৰ বাবে এই নিৰিখ ল’ব পাৰিব ব্যক্তিগত খণ্ডৰ লেব’ৰেটৰীসমূহে৷ পিপিই কিট আৰু পৰীক্ষাৰ আন সকলো মাচুল এই নিৰিখৰ ভিতৰতে অন্তর্ভুক্ত হৈ থাকিব৷ অৱশ্যে কোনো ৰোগীৰ নমুনা ঘৰৰ পৰা সংগ্রহ কৰিলে তেনে নমুনা পৰীক্ষাৰ ক্ষেত্রত ৭০০ টকা নিৰিখ নির্ধাৰণ কৰিছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷

একেদৰে ৰেপিড এণ্টিজেন টেষ্টৰ ক্ষেত্রত চৰকাৰে নির্ধাৰণ কৰি দিছে ২৫০ টকা৷ সকলো হাস্পতাল, লেব’ৰেটৰী আদিয়ে নতুন নিৰিখৰ জাননী ৰোগীৰ চকুত পৰাকৈ আঁৰি থ’ব লাগিব৷ এই নির্দেশ অমান্য কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব বুলিও উল্লেখ কৰা হৈছে নির্দেশনাটোত৷ সংশ্লিষ্ট জিলাসমূহৰ প্রশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই সমগ্র প্রক্রিয়া নিৰীক্ষণ কৰিব৷

ইফালে, বিমান যাত্রীৰ ক্ষেত্রত আন কেতবোৰ নির্দেশনা প্রদান কৰা হৈছে৷ সেই অনুসৰি মুম্বাই আৰু বাংগালুৰুৰ পৰা অহা যাত্রীসকলে লগত লৈ আহিব লাগিব আৰটিপিচিআৰ নিগেটিভ ৰিপ’ৰ্ট৷ যাত্রা কৰাৰ ৭২ ঘণ্টাৰ ভিতৰত কৰা পৰীক্ষাৰ ৰিপ’ৰ্টহে এইক্ষেত্রত প্রযোজ্য হ’ব৷ ৰাজ্যৰ যিকোনো বিমানবন্দৰতে এই নিয়ম প্রযোজ্য হ’ব৷ আৰটিপিচিআৰ নিগেটিভ ৰিপ’ৰ্ট থকা যাত্রীকহে মুম্বাই আৰু বাংগালুৰুত বিমানত প্রৱেশ কৰিবলৈ অনুমতি দিব লাগিব এয়াৰলাইন্সসমূহে৷

সন্তোষজনক আৰটিপিচিআৰ ৰিপ’ৰ্ট অবিহনে অসমত উপস্থিত হোৱা বিমানযাত্রীসকলে বিমানবন্দৰত থকা সংশ্লিষ্ট পৰীক্ষাগাৰত ক’ভিড টেষ্ট কৰিব লাগিব৷ ক’ভিড টেষ্টৰ ফলাফল নহালৈকে তেওঁলোকে বিমানবন্দৰৰ চৌহদত নির্ধাৰণ কৰি দিয়া স্থানত নিজৰ খৰচত থাকিব লাগিব৷ সেইদৰে মহাৰাষ্ট্র আৰু কর্ণাটকৰ পৰা অহা যাত্রী অথবা এই দুখন ৰাজ্যৰ মাজেৰে অহা ৰে’লৰ যাত্রীসকলে অসমৰ ৰে’ল ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে স্ক্রীনিং কৰা হ’ব৷

যিসকলৰ দেহত ক’ভিডৰ লক্ষণ থাকিব তেওঁলোকে পৰীক্ষা কৰাটো বাধ্যতামূলক৷ একেদৰে লক্ষণ নথকা ৰোগীসকলকো কৰা হ’ব ৰেপিড এণ্টিজেন টেষ্ট৷ আনহাতে, এতিয়াৰে পৰা পুনৰ ক’ভিড ৰোগীৰ সংস্পর্শলৈ অহা ব্যক্তিৰ অনুসন্ধান কৰিব স্বাস্থ্য বিভাগে৷ শেহতীয়া নির্দেশনা অনুসৰি ক’ভিড পজিটিভ ৰোগীৰ সংস্পর্শলৈ অহা ২০–২৫গৰাকী ব্যক্তিক চিনাক্ত কৰাৰ লগতে তেওঁলোকৰ পৰীক্ষা কৰা হ’ব৷

You might also like