নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহূত প্ৰণৱ গগৈক আলফা কেডাৰে কৰা নাছিল দুর্ব্যৱহাৰ, ঘৰ আহি পোৱাত পৰেশ বৰুৱাৰ ফোন

নিয়মীয়া বার্তা, ৪ এপ্রিলঃ সকলো জল্পনা–কল্পনা আৰু উদ্বিগ্নতাৰ ওৰ পেলাই বৃদ্ধ পিতৃ–মাতৃ, সন্তান, পত্নীৰ মাজলৈ ঘূৰি আহিল প্রণৱ গগৈ৷ এক ৰুদ্ধশ্বাস পৰিৱেশ, অৰণ্যগামী জীৱনৰ পৰা মুক্তি পোৱা কুইপ’ৰ অপহূত বিষয়া তথা শিৱসাগৰৰ সন্তান প্রণৱ গগৈয়ে পৰিয়ালৰ মাজত নিজৰ ঘৰখনত পাৰ কৰিলে দুই নিশা৷ শনিবাৰে আলফাই গগৈক মুকলি কৰি দিয়া বুলি বাতৰি লাভ কৰি পত্নী নমিতা গগৈয়ে তিনিচুকীয়ালৈ ঢাপলি মেলি জয়পুৰ থানাৰ পৰা লৈ আনে স্বামী প্রণৱ কুমাৰ গগৈক৷

শনিবাৰে নিশা ঘৰত উপস্থিত হৈ আলফাই কৰা অপহৰণ আৰু ১০৩ দিনতকৈ অধিক দিন জিম্মাত ৰখা সন্দর্ভত গগৈয়ে কয় যে কোনো এজন আলফা কেডাৰে দুর্ব্যৱহাৰ কৰা নাছিল৷ বৰঞ্চ সীমিত সুবিধাৰ মাজত কিদৰে দুই অপহূতক ভালদৰে ৰাখিব পাৰি, সেই বিষয়ত মন দিছিল আলফা কেডাৰসকলে৷

ডায়ুনৰ তৈলক্ষেত্রৰ পৰা অপহৰণ কৰি নিয়াৰ পাছত প্রায় ২৮ দিন খোজকাঢ়ি প্রণৱ গগৈ আৰু ৰাম কুমাৰ উপস্থিত হৈছিল এক নির্দিষ্ট ঠাইত৷ সম্ভৱতঃ ম্যানমাৰত থকা উক্ত স্থানতে দুই অপহূতক ৰাখিছিল আলফাই৷ ভাৰতীয় সেনা আৰু ম্যানমাৰৰ সেনাৰ অভিযানৰ বাবে সঘনাই ঠাই সলনি কৰিছিল তেওঁলোকক নিয়া আলফাৰ দলটোৱে৷

সেই সময়ত কেৱল ভাত আৰু নিমখে আছিল মূল আহাৰ৷ কেতিয়াবা হাবিৰ মাজত যোগাৰ হোৱা বস্তুৰে দিন পাৰ কৰিব লগা হৈছিল৷ অপহৰণৰ সময়ত পিন্ধি থকা কোম্পানীৰ কাপোৰ পাহাৰীয়া–হাবি যাত্রাত ফাটি যোৱাত আলফা কেডাৰৰ কেমফ্লেজ পৰিধান কৰিছিল দুই অপহূতই৷ দিনটোৰ যাত্রাৰ অন্তত নিশা য’তে সুবিধা ত’তে জিৰণিৰ ব্যৱস্থা কৰা হৈছিল৷

ম্যানমাৰৰ উক্ত স্থানত যোগাযোগৰ কোনো সুবিধা নাছিল, যাৰ বাবে বহিঃজগতৰ কোনো খবৰ লাভ কৰা নাছিল প্রণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে৷ কেতিয়াবা কেডাৰৰ মুখত শুনিছিল কাইলৈ কিবা খবৰ ওলাব, তেতিয়া তেওঁলোকৰ মনত আশাৰ সঞ্চাৰ হৈছিল৷ কিন্তু সেই দিনটো পাৰ হৈ যোৱাৰ পাছত পুনৰ আশংকাত ভুগিব লগা হৈছিল দুই অপহূত৷

অৱশেষত যোৱা ৪ মার্চত ৰাম কুমাৰক গগৈৰ পৰা আঁতৰাই আন কোনো স্থানলৈ লৈ যোৱা হয়৷ তেতিয়াৰ পৰা তেওঁ ৰাম কুমাৰৰ কোনো খবৰ নাপায়৷ মুকলি হৈহে গম পাইছে ৰাম কুমাৰক এতিয়াও মুকলি কৰি দিয়া নাই বুলি৷ কিছুদিন আগত তেওঁক মুক্তিৰ খবৰ দিয়া হৈছিল আৰু আৰম্ভ কৰিছিল ওভতনি যাত্রা৷

পৰহি পুৱাৰ ভাগত অৰুণাচল সীমান্তৱর্তী এক ঠাইলৈ আহি এটা লুংলুঙীয়া পথ আঙুলিয়াই দি কয় যে এই ৰাস্তাৰে গৈ থাকিলে বস্তি পোৱা যাব৷ সেইদৰে আহি কৌশিক ফুকনৰ যোগাযোগত প্রণৱ কুমাৰ গগৈ আহি শিৱসাগৰত উপস্থিত হয়৷ আলফাৰ জিম্মাত থকা অৱস্থাত দুই–এজন শীর্ষ আলফা নেতাক লগ পাইছিল যদিও পৰেশ বৰুৱাৰ সাক্ষাৎ হোৱা নাছিল গগৈৰ৷

কিন্তু কালি মুকলি কৰি দিয়াৰ সময়ত ফোন কৰি এইদৰে অপহৰণ কৰা কার্যৰ কাৰণে ক্ষমা খুজি আলফা সেনাধ্যক্ষই কৈছিল যে কোনো প্রণৱ কুমাৰ গগৈক আলফাই অপহৰণ কৰা নাই৷ কৰিছে ডায়ুন কোম্পানীৰ এজন বিষয়াক৷ এই সময়ছোৱাত পোৱা অসুবিধাৰ বাবে দুখ প্রকাশ কৰি পৰেশ বৰুৱাই গগৈৰ মাক–দেউতাকক আলফাক বেয়া নাপাবলৈ অনুৰোধ কৰে৷ অৱশ্যে আলফাৰ দ্বাৰা সংঘটিত এনে অপহৰণ মানৱীয় দৃষ্টিৰ পৰা প্রশংসনীয় নহয় বুলি মন্তব্য কৰে গগৈয়ে৷

লগতে কোম্পানীয়ে কর্মচাৰীৰ জীৱন বিপদত পৰিব পৰা এই বিষয়সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব লাগে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷ পুনৰ কুইপ’ কোম্পানীতে কর্মৰত হৈ থাকিব বুলি জানিবলৈ দি গগৈয়ে কয়– কোম্পানীয়ে তেওঁক পুনৰ ডায়ুনত যোগদান কৰিবলৈ দিলে তেওঁ যাবলৈ সাজু৷ কাৰণ এয়া তেওঁৰ পেছা আৰু সংস্থাপন, যাৰ বাবে তেওঁ সকলো কৰিব পাৰে৷

You might also like