ৰীমা দাসৰ নতুন ছবি তৰা’ছ হাজবেণ্ড
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী: ক’ভিড মহামাৰীৰ সময়ত সমাজলৈ নামি অহা
বিভীষিকা আৰু প্রত্যাহ্বানৰ কাহিনীৰে যশস্বী ছবি নির্মাতা ৰীমা দাসে
নির্মাণ কৰিছে তেওঁৰ নৱতম ছবি৷ নাম তৰা’ছ হাজবেণ্ড৷ গুৱাহাটীৰ এখন
হোটেলত এই ছবিখনৰ টেইলৰ মুকলি কৰি খ্যাতনামা ছবি পৰিচালিকাগৰাকীয়ে কয় যে
ক’ভিডৰ সময়ছোৱাত তেওঁ কেনেদৰে সেৱা আগবঢ়াব, তাক লৈ মনৰ মাজতে চিন্তা
কৰিবলৈ আৰম্ভ কৰিছে৷ আৰু সেই চিন্তাৰে ফচল হৈছে তৰা’ছ হাজবেণ্ড৷ এই
প্রসংগতে তেওঁ কয়– মোৰ প্রতিটো কামৰ বাবে ৰাইজে দিয়া মৰম–আশীর্বাদক লৈ
সকলোৰে ওচৰত কৃতজ্ঞ৷ মোৰ মনত সদায় এটা চিন্তা হৈ থাকে যে মই এই ভূমিক কি
দি যাম৷ ক’ভিডৰ সময়ত বিভিন্নজনে সমাজৰ বিভিন্ন ক্ষেত্রত আগবঢ়াই থকা সেৱাৰ
প্রতি লক্ষ্য ৰাখি মোৰ মনতো এক ধাৰণাৰ সৃষ্টি হৈছে৷ মই ভাবিবলৈ আৰম্ভ
কৰিছিলোঁ যে সেইসময়ত অস্থিৰতা, কষ্ট এদিন ইতিহাস হৈ ৰ’ব৷ যাৰ বাবে ক’ভিডৰ
বাস্তৱ পৰিস্থিতি ধৰি ৰখাৰ এক প্রচেষ্টা মই কৰিছিলোঁ৷ ছবিখনৰ মুখ্য
চৰিত্রৰ মাজেৰে ক’ভিডৰ সময়ত তেওঁৰ মনত চলি থকা মানসিক আৰু বাস্তৱ পৃথিৱীৰ
অন্তঃদ্বন্দ্ব প্রতিফলিত কৰা হৈছে৷ ইয়াত বিভিন্ন শ্রেণীৰ মানুহৰ অনুভৱ
দেখা পাব৷ এই ছবিখন নির্মাণৰ ক্ষেত্রত তেওঁ যথেষ্ট অসুবিধাৰ সন্মুখীন
হৈছিল বুলি উল্লেখ কৰি কয় যে লকডাউনৰ বাবে সময়ে সময়ে কাম বন্ধ কৰিবলগীয়া
হৈছে৷ যাৰ বাবে ছবিখন নির্মাণৰ বাবে প্রায় দুবছৰ সময়ৰ প্রয়োজন হৈছে৷
উল্লেখ্য যে ৰীমা দাসৰ এই নৱতম ছবিখন তেওঁৰ পূর্বৰ ছবিসমূহৰ দৰে
দেশে–বিদেশে প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷
ইতিমধ্যে দেশৰ কেইবাখনো আগশাৰীৰ ছবি মহোৎসৱত তৰা’ছ হাজবেণ্ড প্রদর্শিত হৈছে৷ ২০২২ চনত টৰণ্টো আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ প্রতিযোগিতা শাখাত ছবিখনৰ ৱর্ল্ড
প্রিমিয়াৰ অনুষ্ঠিত হয়৷ একেদৰে বুছান চলচ্চিত্র মহোৎসৱত এছিয়ান প্রিমিয়াৰ
অনুষ্ঠিত হয়৷ বেংককত অনুষ্ঠিত বিশ্ব চলচ্চিত্র মহোৎসৱ, হেইনান আইলেণ্ড
ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল, কলকাতা চলচ্চিত্র মহোৎসৱ, অ’ছাকা এছিয়ান
চলচ্চিত্র মহোৎসৱ, পুনে আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱতো তৰা’ছ
হাজবেণ্ড প্রদর্শিত হৈছে৷ এই ছবিখনৰ মুখ্য চৰিত্রত অভিনয় কৰিছে অভিজিৎ
দাস আৰু তৰালি দাসে৷ তদুপৰি পূর্বাঞ্চলী দাস, সীমান্ত দাস, সুকুমাৰ মেধি,
নিকুঞ্জ খাউণ্ডকে ধৰি কেইবাজনো অভিনেতাই গুৰুত্বপূর্ণ চৰিত্রত অভিনয়
কৰিছে৷ ছবিখনৰ সহঃ প্রযোজিকা হৈছে ৰীমা দাসৰ মাতৃ জয়া দাস৷ এই টেইলৰ
মুকলি অনুষ্ঠানত বিশিষ্ট অভিনেতা প্রাঞ্জল শইকীয়া, বিশিষ্ট অভিনেত্রী
পূর্ণিমা শইকীয়া, চেতনা দাস, পূৰবী শর্মা, বিশিষ্ট চলচ্চিত্র সমালোচক
বিতোপন বৰবৰা, মনোজ বৰপূজাৰীসহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত
থাকে৷