নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : শোণিতপুৰৰ বালিপৰাত নম্বৰ প্লেটবিহীন একাংশ ট্ৰেক্টৰৰ দৌৰাত্ম্যত অতিষ্ঠ হৈছে সাধাৰণ জনতা । অভিযোগ অনুসৰি, বালিপৰাৰ জৰাসৰ নৈৰ পৰা বালি, বালিপৰাৰ বিভিন্ন অঞ্চলৰ পৰা মাটি, শিল আদি একাংশ নম্বৰ প্লেটবিহীন ট্ৰেক্টৰত বালিপৰা চেন্টাৰেদি আৰক্ষী-প্ৰশাসনৰ সৈতে গোপন মিতিৰালি কৰি কঢ়িয়াই আহিছে । বালিপৰাৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেদি এনেধৰণৰ নম্বৰ প্লেটবিহীন ট্ৰেক্টৰবোৰে তীব্ৰবেগত যান-বাহন আৰক্ষীৰ চকুৰ সন্মুখেদি পাৰ হোৱাত যিকোনো মুহূৰ্ততে ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে । আনহাতে, এনে নম্বৰপ্লেটবিহীন ট্ৰেক্টৰৰ দৌৰাত্ম্যৰ বাবে বালিপৰা অঞ্চলৰ ঠায়ে ঠায়ে প্ৰায়েই পথ দুৰ্ঘটনা সংঘটিত হৈ অহাৰো নজিৰ আছে । বালিপৰা চেন্টাৰেদি নম্বৰ প্লেটবিহীন ট্ৰেক্টৰসমূহ কেনেদৰে দৈনিক চলাচল কৰিবলৈ সক্ষম হৈছে বুলিও প্ৰশ্ন উত্থাপন হৈছে । অঞ্চলটোৰ সচেতন ৰাইজে অনতিপলমে এনেধৰণৰ নম্বৰপ্লেটবিহীন ট্ৰেক্টৰক নাকী লগাবলৈ আহ্বান জনাইছে , অন্যথা বালিপৰাত পথ অৱৰোধ কৰাৰ হুংকাৰ দিছে ।
প্ৰেৰক প্ৰাঞ্জল পি বৰা