নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘দংগল’ৰ অভিনেত্ৰী সুহানীৰ ১৯ বছৰ বয়সত মৃত্যু, শোকাহত শুভাংকাক্ষী

বিশেষ বাৰ্তা, ১৭ ফেব্ৰুৱাৰী : আমিৰ খানৰ ‘দংগল’ত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনগৰৰ ১৯ বছৰ বয়সত শনিবাৰে পুৱা মৃত্যু হয়। জানিব পৰা মতে, এক দুৰ্ঘটনাৰ বাবে অভিনেত্ৰীগৰাকীৰ ভৰি ভাঙি গৈছিল। চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল অভিনেত্ৰীগৰাকীক। কিন্তু শেষ ৰক্ষা নহ’ল। দুৰ্ভাগ্যজনকভাৱে চিকিৎসাৰ সময়ত দিয়া ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শৰীৰত তৰল পদাৰ্থ জমা হৈছিল। এই অভাৱনীয় স্বাস্থ্যজনিত জটিলতাই তেওঁৰ কৰুণ মৃত্যুৰ প্ৰধান কাৰণ বুলি ধাৰণা কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত মৰ্মাহত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ শুভাংকাক্ষীসকল। আমিৰ খানৰ ‘দংগল’ত ববিতা ফ’গাটৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছিল সুহানীয়ে।

 

You might also like