নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BREAKING NEWS : যোগীঘোপাত শোকাৱহ দুৰ্ঘটনা, কৰুণ মৃত্যু কণমানি ৰুহুলৰ

BREAKING NEWS : যোগীঘোপাৰ চলন্তাপাৰাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এখন টাটা ম’বাইলৰ চেপাত নিহত হৈছে এটি ২ বছৰীয়া শিশু।

নিহত শিশুটিৰ নাম ৰহুল আমিন বুলি জানিব পৰা গৈছে। নিহত শিশুটি ঘৰৰ সমুখত পথত খেলি আছিল। এখন বাঁহভৰ্ত্তি টাটা ম’বাইলে মহটিয়াই লৈ যায় শিশুটিক।

স্থানীয় লোকে ততাতৈয়াকৈ আহত শিশুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনৰ নম্বৰ AS 25 EC 5960।

আৰক্ষীয়ে গাড়ীখন জব্দ কৰিবলৈ সক্ষম হৈছে।

Niyomiya Barta Desk, 19 August

You might also like