নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

GMCH News : নৱজাতক মৃত্যু কাণ্ডৰ পিছতে গ্ৰেপ্তাৰ হ’ব চিকিৎসক-নাৰ্ছ-কৰ্মচাৰী!

GMCH News :  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ ভঙাগড় আৰক্ষী। GMCHত নৱজাতক মৃত্যুৰ ঘটনাৰ সৈতে জৰিত কেইবাজনোকো আটক কৰি সোধাপোচা কৰিছে। DCP মৃণাল ডেকাৰ নেতৃত্বত তদন্ত আৰম্ভ হৈছে। নিশাই GMCHৰ কৰ্মচাৰীসকলৰ ভাষ্য গ্ৰহণ কৰিছে আৰক্ষীয়ে। ইফালে সংগ্ৰহ কৰা হৈছে NICU চিচি টিভি ফুটেজ। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নিৰ্দেশৰ পাছতেই গ্ৰেপ্তাৰ হব পাৰে NICUৰ কেইবাগৰাকীও চিকিৎসক, নাৰ্চ, কৰ্মচাৰী।

আনহাতে GMCHত ঘোচখোৰ কৰ্মচাৰী বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে। ট্ৰলি পুলাৰৰ নামত ধন সংগ্ৰহ কৰা কৰ্মচাৰীক সোধাপোছা আৰক্ষীৰ। ভুক্তভোগীয়ে ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড০ শৰ্মাক দিছিল অভিযোগ। আৰু সেই অভিযোগৰ ভিত্তিত আৰম্ভ কৰিছে তদন্ত। কালি নিশা মুখ্যমন্ত্ৰ্ৰীয়ে ঘোচখোৰ কৰ্মচাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছিল।

অভিযোগ উঠিছিল যে কৰ্মচাৰীক ৫০০-১০০০ টকা দিলেহে পায় ট্ৰলি পুলাৰ। চাহ খোৱাৰ নামত প্ৰতিজন কৰ্মচাৰীক দিব লাগে টকা। নৱজাতকৰ পিতৃ-মাতৃৰ পৰা কিদৰে GMCHৰ একাংশ কৰ্মচাৰীয়ে সংগ্ৰহ কৰে ৫০০-১০০০ টকা সংবাদ মাধ্যমৰ আগত দাঙি ধৰিছিল ভুক্তভোগীয়ে।

ইফালে মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ তৎপৰতাক ধন্যবাদ মৃত নৱজাতকৰ পিতৃৰ। মুখ্যমন্ত্ৰীৰ মন্তব্যত আশ্বস্ত দুৰ্ভগীয়া পিতৃগৰাকী। আৰক্ষী-প্ৰশাসনকো ধন্যবাদ নৱজাতকৰ পিতৃৰ।

Niyomiya Barta Desk, 19 August

You might also like