কাইলৈৰ পৰা দেশত পুনৰ আৰম্ভ হ’ব ৰে’ল সেৱা; কেনেকৈ কৰিব টিকট বুকিং ?
নিয়মীয়া বার্তা, ১১ মেঃ দেশত চলি থকা তৃতীয় পর্যায়ৰ লকডাউনৰ মাজতে ভাৰতীয় ৰে’লৱেই ১২ মে’ৰ পৰা ক্রমাগতভাৱে যাত্রীবাহী ৰে’লসেৱাসমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লৈছে৷
সেই অনুসৰি দিল্লীক কেন্দ্র কৰি ১৫ খন ৰে’ল দেশৰ গুৰুত্বপূর্ণ ১৫ খন চহৰলৈ অহা–যোৱা কৰিব৷ নতুন দিল্লী ষ্টেচনৰ পৰা ডিব্রুগড়, আগৰতলা, হাওৰা, পাটনা, বিলাসপুৰ, ভুৱনেশ্বৰ, ছেকেন্দ্রাবাদ, বাংগালুৰু, চেন্নাই, তিৰুৱনন্তপুৰম, মাদগাঁও, মুম্বাই চেণ্ড্রেল, আহমেদাবাদ আৰু জম্মু টাৱিলৈ এই বিশেষ ৰে’লকেইখন চলাচল কৰিব৷
ভাৰতীয় ৰে’লৱেই জানিবলৈ দিয়া মতে, আজি আবেলি ৪ বজাৰ পৰা আইআৰচিটিচিৰ (IRCTC) ৱেবছাইটযোগে টিকটসমূহ বুকিং কৰিব পাৰিব৷
উল্লেখ্য যে প্ৰতিগৰাকী যাত্রীয়ে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক হ’ব ।