নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জৰেগাঁৱৰ যুৱকৰ গছপুলি ৰোপণ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ গছপুলি ৰোপণ কৰি গীনিজ বুকত নাম অন্তৰ্ভুক্তি কৰণ, বিশ্ব ৰেকৰ্ড কৰাৰ বাবে সময়ে সময়ে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, ব্যক্তি বিশেষ আনকি চৰকাৰৰ ফালৰ পৰা। গছপুলি ৰোপণ কৰি বেৰা-জেওঁৰা দি আনকি একাংশ ঠাইত গছপুলি ৰোপনৰ অন্তত কোনোধৰণৰ বেৰা-জেওঁৰা নিদিয়াকৈ মুক্তভাৱেও এৰি থয়। গছপুলি ৰোপনৰ অন্তত গছপুলি ৰোপনৰ প্ৰয়োজনীয়তা, উপকাৰিতা, সৌন্দৰ্য বৰ্ধন, ভৱিষ্যতৰ সম্পদ ইত্যাদি বিষয়ত সাৱলীল ভাৱে ৰাইজক হৃদয় গ্ৰাহীকৈ বক্তব্য দাঙি ধৰে অথবা টি ভিৰ মাইক্ৰ ফোনৰ আগত ডিঙি ফুলাই বক্তব্য ৰাখে একাংশ প্ৰকৃতিপ্ৰেমীয়ে। কিন্তু ৰোপণ কৰা গছপুলি সঠিকভাৱে ডাঙৰ-দীঘল হৈছে নে নাই সেইটো চাৱলৈ, খৱৰ কৰিবলৈ কিন্তু অধিকাংশ অনুষ্ঠান, প্ৰতিষ্ঠান অথবা প্ৰকৃতিপ্ৰেমীৰ আহৰি নাই। আনকি বহু স্বেচ্ছাসেৱী সংস্থাই কোনোমতে ৰোপণ কৰি ফটো উঠাই যেনে তেনে বিল উলিওৱাৰ ধাণ্ডাত থাকে । অৱশেষত বহু ঠাইত এসময়ত ঔষধ হিচাপে এডাল গছপুলিও পোৱা নাযায় । ইয়াৰ বিপৰীতে কিন্তু জৰেগাঁৱৰ নৃপেন ৰায়, ধনঞ্জয় ৰায়, জনোৰঞ্জন ৰায় আৰ সতীশ ৰায় নামৰ একাংশ যুৱকৰ তৎপৰতাত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ৰোপণ কৰা গছপুলি খাচা-জেওঁৰা মেৰামতি কৰি দি বন-বাত আতৰাই সাৰ-গোৱৰ প্ৰয়োগ কৰি আহিছে। আনকি মৰহি যোৱা গছপুলিৰ ঠাইত নতুন গছপুলি ৰোপণ কৰি আহিছে যুৱক কেইজনে। প্ৰতি মাহত দুৱাৰ-তিনিবাৰ গাঁওখনৰ ৰোপণ কৰা গছপুলি সমূহ পৰিদৰ্শন কৰি হাতত দা, কুঠাৰ, গুণা, নেট, বাঁহৰ খুটিলৈ গাঁওখন ঘূৰা-মেলা কৰি গছপুলি পৰিচৰ্যা কৰে। যাৰ ফলত গাঁওখনৰ বিদ্যালয় চৌহদ, খেলপথাৰৰ চাৰিওফাল, শ্ৰীশ্ৰীলক্ষ্মীনাৰায়ণ মন্দিৰৰ চাৰিও দিশ, পথৰ দুয়োদিশে ফল-মূল, ঔষধি, মূল্যবান, সৌন্দৰ্য বৰ্দ্ধনৰ গছপুলি সমূহ লহপহকৈ বাঢ়ি অহাৰ লগতে গাঁৱবাসীয়ে আম, কঠাল, জলফাই, আমলখি ইত্যাদি ফলমূল ভোগ কৰাৰ লগতে অৰ্জুন গছৰ বাকলি ঔষধ হিচাপে ব্যৱহাৰ, গৰু-ছাগলীৰ লগতে মানুহ গছ-গছনিৰ ছাঁত জিৰণি লৈ দেহা জুৰ পেলায় । যুৱক কেইজনে প্ৰকৃত প্ৰকৃতি প্ৰেমৰ নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হৈ অঞ্চলটিত আৰ্দশ দেখুৱাবলৈ সক্ষম হৈছে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like