নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ বিধানসভা নির্বাচন

ক’ভিড–১৯ সংকটে সমগ্র দেশজুৰি পৰিস্থিতি জটিল কৰি ৰখাৰ সময়তে দেশত প্রথমটো গুৰুত্বপূর্ণ নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আয়োগে৷ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’ব দেশৰ ৰাজনীতিত অতিকে গুৰুত্বপূর্ণ হিচাপে চিহ্ণিত বিহাৰৰ বিধানসভা নির্বাচন৷ ২৪৩ আসনবিশিষ্ট এই বিহাৰ বিধানসভা নির্বাচনৰ বাবে ইতিমধ্যে দলসমূহৰ মাজত কুচকাৱাজ আৰম্ভ হৈছে৷ ক’ভিড প্রট’কল মানিয়েই এই নির্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আয়োগে৷ অৱশ্যে নির্বাচনী প্রচাৰ অভিযানত কিমান ক’ভিড প্রট’কল মানি চলা হ’ব সেয়া বিচার্যৰ বিষয়৷ নির্বাচনৰ দিন ঘোষণা হোৱাৰ পূর্বেই প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে হিন্দী বলয়ৰ ৰাজ্যখনৰ বাবে বিভিন্ন কল্যাণমূলক প্রকল্পৰ কথা ঘোষণা কৰিছে৷ ভিডি’ কনফাৰেঞ্চিং ব্যৱস্থাৰে মোদীয়ে মুকলি কৰিছে বহু প্রকল্প৷ নির্বাচনৰ পূর্বে কেন্দ্রীয় চৰকাৰে বিহাৰৰ বাবে এই দৰদ দেখুওৱাটো লক্ষণীয় বিষয়৷ গুজৰাট বিধানসভা নির্বাচনৰ পূর্বেও প্রধানমন্ত্রী মোদীয়ে ৰাজ্যখনৰ বাবে এনেধৰণৰ বিভিন্ন কল্যাণমূলক প্রকল্পৰ কথা ঘোষণা কৰিছিল৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে বিহাৰ বিধানসভা নির্বাচনত এইবাৰ কেইবাগৰাকীও ৰথী–মহাৰথীক দেখিবলৈ পোৱা নাযাব৷ আৰ জে ডিৰ মুৰব্বী লালুপ্রসাদ যাদৱ অবিহনেই দলটোৱে এই নির্বাচনত প্রচাৰ চলাব৷ বিহাৰৰ প্রভাৱশালী ৰাজনৈতিক নেতা ৰামবিলাস পাছোৱানৰ আকস্মিক বিয়োগৰ পিছত লোক জনশক্তি পার্টী (এলজেপি)ৰ অভ্যন্তৰত সৃষ্টি হৈছে সংকট৷ অৱশ্যে এল জে পিৰ মুৰব্বী তথা ৰামবিলাস পাছোৱানৰ পুত্র চিৰাগ পাছোৱানে দলটোক সবল নেতৃত্ব প্রদান কৰাৰ ক্ষেত্রত ইতিমধ্যে দক্ষতাৰ পৰিচয় দাঙি ধৰিছে৷ বিহাৰ বিধানসভা নির্বাচন কেন্দ্রৰ শাসনাধিষ্ঠিত এন ডি এ আৰু বিৰোধীৰ বাবে সমানেই গুৰুত্বপূর্ণ৷ লক্ষণীয়ভাৱে এন ডি এৰ অন্যতম অংশীদাৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ জে ডি(ইউ)ৰ ৰাজ্যখনত আছে সবল সাংগঠনিক প্রভাৱ৷ এন ডি এৰ পৰা এল জে পিয়ে সম্পর্ক বিচ্ছেদ নকৰাকৈ এককভাৱে এই নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াবলৈ সিদ্ধান্ত লোৱাটো এন ডি এ শিবিৰৰ বাবে এক দুর্যোগ হিচাপে চিহ্ণিত হৈছে৷ বিহাৰৰ নির্বাচনত এল জে পিয়ে পূর্বে বিশেষ প্রভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও ভোটৰ অংশীদাৰিত্বৰ ক্ষেত্রত দলটোৰ গুৰুত্বক উপেক্ষা কৰিব নোৱাৰি৷ কিন্তু এল জে পিৰ সৈতে মুখ্যমন্ত্রী নীতিশ কুমাৰৰ মতানৈক্য তীব্রতৰ হোৱাৰ ফলত কুমাৰৰ নেতৃত্বত দলটোৱে এইবাৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ অস্বীকাৰ কৰে৷ পৰিণতিত বিজেপি আৰু জে ডি(ইউ)এ ক্রমে ১২১ আৰু ১২২খন আসনত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ জে ডি(ইউ)ৰ কোটাত ৰখা হৈছে প্রাক্তন মুখ্যমন্ত্রী জিতান মাঝিৰ হিন্দুস্তান আৱাম মর্চাক৷ দলটোক জে ডি(ইউ)এ সাতখন আসন এৰি দিয়াৰ সিদ্ধান্ত লৈছে৷ অর্থাৎ এককভাৱে জে ডি(ইউ)এ এই নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব ১১৫খন আসনত৷
এন ডি এ শিবিৰক প্রত্যাহ্বান জনাবলৈ পূর্বৰ দৰে ৰাজ্যখনত মহাজোঁট সাজু হৈছে৷ মহাজোঁটত আছে লালু প্রসাদ যাদৱ নেতৃত্বাধীন আৰ জে ডি, কংগ্রেছ, চি পি আই, চি পি আই(এম)কে ধৰি ছটা দল৷ অৱশ্যে এই ছটা দলৰ সমগ্র ৰাজ্যখনত সাংগঠনিক ভেটি সবল নহয়৷ একমাত্র আৰ জে ডিৰ আছে প্রায়বোৰ সমষ্টিতে ভোট বেংক৷ কিন্তু লালু প্রসাদ যাদৱৰ অনুপস্থিতিত তেওঁৰ পুত্র তেজস্বী যাদৱে মহাজোঁটক কেনেদৰে এই নির্বাচনত এন ডি এক প্রত্যাহ্বান জনাবলৈ সাজু কৰিব পাৰে সেয়া লক্ষণীয় হ’ব৷ শেহতীয়াকৈ মহাজোঁটৰ আসন ভাগ–বাটোৱাৰাৰ বিষয় লৈ আলোচনা চলি আছে যদিও এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই৷ ক’ভিড সংকটে দেশৰ অর্থনীতি জুৰুলা কৰিছে৷ ৰাজনৈতিক ক্ষেত্রখনত নামি আহিছে বিভিন্ন প্রত্যাহ্বান৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে প্রণয়ন কৰা তিনিখনকৈ কৃষি আইনে দেশ উত্তাল কৰি ৰাখিছে৷ বিহাৰৰ নির্বাচনত এই সকলো বিষয়ৰ প্রভাৱ পৰিব পাৰে বুলি ইতিমধ্যে নির্বাচনী বিশ্লেষকসকলে ধাৰণা কৰিছে৷ কিন্তু আটাইতকৈ গুৰুত্বপূর্ণ কথা হৈছে ক’ভিড মহামাৰীৰ সংকটৰ মাজত বিহাৰ বিধানসভা নির্বাচনে দেশৰ ভৱিষ্যৎ ৰাজনৈতিক গতিবিধি নির্ণয় কৰিব৷ কেন্দ্রৰ এন ডি এ চৰকাৰখনৰ প্রতি জনপ্রিয়তা বৃদ্ধি পাইছে নে বিৰোধী ৰাজনৈতিক দুর্গৰ প্রতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে এই নির্বাচনে তাক প্রতিপন্ন কৰাৰ সম্ভাৱনা আছে৷ অৱশ্যে নির্বাচন বুলি ক’লেই তাত দক্ষ ৰাজনৈতিক খেলুৱৈৰ প্রয়োজন৷ আজিৰ মুহূর্তত কেন্দ্রীয় চৰকাৰখনৰ সন্মুখত সৃষ্টি হৈছে বিভিন্ন প্রত্যাহ্বান৷ বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে দেশবাসী৷ ইয়াৰ সুযোগ বিৰোধী শিবিৰে বিহাৰত গ্রহণ কৰিবলৈ সক্ষম হ’বনে নাই সেয়াও হ’ব লক্ষণীয় বিষয়৷ এক কথাত ক’বলৈ গ’লে বিহাৰ বিধানসভা নির্বাচন দেশৰ ৰাজনীতিত শাসকগোষ্ঠী আৰু বিৰোধীৰ বাবে এক এচিড টেষ্ট৷

You might also like