নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ ভবেন্দ্র নাথ শইকীয়ালৈ শ্রদ্ধাঞ্জলিৰে ‘এই বন্দৰৰ আবেলি’

নিয়মীয়া বাৰ্তা, ৯ আগষ্ট:  অহা ১৩ আগষ্টত ড০ ভবেন্দ্র নাথ শইকীয়াৰ সপ্তদশ মৃত্যু দিৱস৷ এই দিৱসৰ লগত সংগতি ৰাখি তেখেতলৈ পৃথক ধৰণে শ্রদ্ধা নিবেদন কৰাৰ উদ্দেশ্যে অহা ৯ আগষ্ট দেওবাৰে মুকলি কৰা হ’ব এটি নৃত্য ভিডি’ ‘এই বন্দৰৰ আবেলি’৷ ভবেন্দ্র নাথ শইকীয়াৰ আটাইবোৰ গল্পৰ ভিতৰত ‘এই বন্দৰৰ আবেলি’ সংকলনৰ গল্পবোৰ সকলো ধৰণে পৃথক৷ লণ্ডনৰ পটভূমিত ৰচিত এই গল্পবোৰৰ সংকলনটিৰ চতুর্থ ক’ভাৰৰ বাবে তেওঁ ৰচনা কৰিছিল এক বিশেষ ধৰণৰ গদ্য, যি তেওঁৰ চিনাকি গদ্যৰ পৰা সম্পূর্ণ পৃথক৷ ‘ছয় দশকৰ গদ্য’ সংকলনত সন্নিৱিষ্ট তেওঁৰ সেই বিশেষ ৰচনাখিনিক এক নতুন ৰূপত প্রকাশ কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দি এটি সৃষ্টিশীল কামেৰে শ্রদ্ধা প্রদর্শন কৰিব বিচৰা হৈছে৷ সেই গদ্যৰ আধাৰত এই নৃত্যটি ৰচনা আৰু পৰিৱেশন কৰিছে সত্রীয়া নৃত্যৰ প্রতিভাৱান নৃত্যশিল্পী প্রেৰণা ভূঞাই৷ দেশ–বিদেশত নৃত্য প্রদর্শনেৰে খ্যাতি অর্জা ভূঞাৰ এই পৰীক্ষামূলক নৃত্যই তেওঁৰ প্রতিভাৰ অন্য এটি দিশ প্রকাশ কৰিব৷

   নৃত্যৰ বাবে প্রয়োজনীয় ছন্দক বাদ দি অকল গদ্যৰ কথাংশক নৃত্যৰ মুদ্রা আৰু প্রকাশভংগীৰে প্রকাশ কৰাৰ এই জটিল কামত ভূঞাই তেওঁৰ সংবেদনশীলতা প্রকাশ কৰিছে৷ কবিতাৰ আধাৰত নৃত্য ৰচনাৰ উদাহৰণ আছে৷ কিছুদিন আগতে প্রফেছৰ সচ্ছিদানন্দ যোশীৰ কবিতাক কেন্দ্র কৰি নৃত্য ৰচনা আৰু পৰিৱেশন কৰিছিল মালৱিকা যোশীয়ে৷ কিন্তু গদ্যক লৈ নৃত্য ৰচনা কৰাৰ উদাহৰণ অসমত পোৱা নাযায়৷ এই নতুন পৰীক্ষাৰ বাবে নির্বাচন কৰা এই গদ্যৰ পাঠ ড০ বীৰেন্দ্র নাথ দত্তৰ৷ নম্রতা দত্তই পৰিচালনা কৰা প্রথম অসমীয়া শ্রব্যগ্রন্থ ‘ভ্রমণ বিৰতি’ত এই পাঠ সংকলিত হৈছিল৷ এতিয়া সেই পাঠত নতুনকৈ সংগীত সংযোজন কৰিছে শব্দযন্ত্রী আৰু বাদ্যযন্ত্রী দিগন্ত শর্মাই৷ ভিডি’টোৰ ছাবটাইটলৰ বাবে কথাংশৰ ইংৰাজী অনুবাদ কৰিছে ড০ দীপশিখা ভাগৱতীয়ে৷ ক্লাব নাইনটিন, ইউডি ফাউণ্ডেচন আৰু ৰেইনছফ্টে নিবেদন কৰা এই শ্রদ্ধার্ঘ্যৰ সৈতে জডিত আছে ধনজিত দাস আৰু নম্রতা দত্ত৷ নৃত্য ভিডি’ৰ পৰিকল্পনা উৎপল দত্তৰ আৰু সংগীত আৰু সম্পাদনা দিগন্ত শর্মাৰ৷ ডিজিটেল মার্কেটিঙৰ আগশাৰীৰ প্রতিষ্ঠান মুম্বাইৰ মেডিয়া ড্রাইবে এই ভিডি’ৰ ডিজিটেল প্রচাৰত সন্মতি প্রদান কৰিছে৷ ১৩ আগষ্টলৈকে এই ভিডি’ই কমেও পাঁচ লাখ ভবেন্দ্র নাথ শইকীয়া অনুৰাগীক স্পর্শ কৰিব বুলি আশা কৰা হৈছে৷

নেপালৰ অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ কেপি অলীৰ 

বিধায়কৰ ধমক বানাক্ৰান্তক, চৰিয়াই গাল ফালি দিম বান্ধি লৈ যাম তোক…

You might also like