নিয়মীয়া বাৰ্তা, ১ নৱেম্বৰ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত সুপাৰিঘাটৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয ঘাইপথত যোৱানিশা কাজিগাঁৱ আৰক্ষীৰ তালাচীত এখন বাঁহ ভৰ্তি ট্ৰাক এখনত অবৈধভাবে সৰবৰাহ কৰা ১০১ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত কাজিগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফিৰদৌচ আহমেদৰ নেতৃত্বত আৰক্ষীৰ দলে যোৱানিশা চলোৱা এক নিয়মীয়া তালাচীৰ সময়ত জে কে ০৫ এফ ০১৯৭ নম্বৰৰ মালবাহী ট্ৰাক গাড়ী এখনক ৰখাবলৈ নিৰ্দেশ দিয়ে। ঘটনাস্থলীত উপস্থিত থকা কাজিগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নেতৃত্বত আৰক্ষীৰ দলে বাঁহৰ মাৰিভৰ্তি গাড়ীখন তালাচী কৰোতে বাঁহৰ ভিতৰত অতি কৌশলেৰে অবৈধ বাৰ্মিজ চুপাৰিৰ ১০১ বস্তা তদন্তৰ সময়ত পোহৰলৈ আহে। পিছত এই ঘটনাৰ লগত জড়িত গাড়ীখনৰ চালকজন আমিৰ নবী আৰু হেন্ডিমেন মহম্মদ আশ্ৰাফক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। পিছত কাজিগাঁও আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা জব্দ কৰা ১০১ বস্তা অবৈধ বাৰ্মিজ চুপাৰিসহ জব্দ কৰা বাহঁৰ মাৰি ভৰ্তি গাড়ীখন কাজিগাঁও থানালৈ আনে। ধৃত চালক আৰু হেন্দিমেনৰ, ঘৰ জন্মু কাশ্মীৰৰ বুলি জানিব পৰা গৈছে। কাজিগাঁও আৰক্ষীয়ে চালক আৰু হেন্দিমেনজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে জব্দ কৰা বাৰ্মিজ চুপাৰিসমুহ অবৈধভাবে বেলেগ ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল।
প্ৰেৰক পাৰ্থসাৰথি চক্ৰৱৰ্তী