বিধ্বংসী ভূমিকম্পত ২০ ফুট পশ্চিমলৈ আঁতৰি গ’ল তুৰষ্ক; মৃত্যুৰ সংখ্যা ১৯,৩০০লৈ বৃদ্ধি
- মৃত্যুপুৰীত পৰিণত দুই দেশত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ১৯,৩০০লৈ বৃদ্ধি
- ১১ হাজাৰ প্রাসাদ বিধ্বস্ত
- প্রতিকূল বতৰৰ বাবে বাৰে বাৰে উদ্ধাৰ অভিযানলৈ প্রত্যাহ্বান
- খাদ্য–পানীৰ অভাৱত প্রাণ হেৰুৱাব পাৰে কেইবাহাজাৰো লোকে
নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী: মৃত্যুপুৰীত পৰিণত হৈছে তুৰস্ক আৰু ছিৰিয়া৷ উত্তৰ ছিৰিয়া আৰু দক্ষিণ তুৰস্কত সোমবাৰে বিধ্বংসী ভূমিকম্পই ধ্বংসলীলাৰ সৃষ্টি কৰিছে৷ ভূমিকম্পৰ ফলত তাচপাতৰ ঘৰৰ দৰে খহি পৰিছে বহু মহলীয়া প্রাসাদবোৰ৷ এতিয়াও বিধ্বস্ত প্রাসাদৰ তলত আবদ্ধ হৈ আছে বহু মৃতদেহ৷ ইতিমধ্যে দুয়োখন দেশত ভূমিকম্পই ধ্বংসলীলাৰ সৃষ্টি কৰাৰ ফলত ১৯,৩০০জন লোকে প্রাণ হেৰুওৱা বুলি নিশ্চিত কৰিছে চৰকাৰে৷ ভূমিকম্পই তুৰস্কৰ ভৌগোলিক অৱস্থানেই সলনি কৰি পেলোৱা বুলি ধাৰণা কৰিছে ভূ–বিজ্ঞানীসকলে৷ এই ভূমিকম্পৰ বাবে আনাটোলীয় আৰু আৰবীয় টেকটনিক প্লেটৰ মাজত ২৭৫ কিলোমিটাৰ দৈর্ঘ্যৰ ৰেখা ক্ষতিগ্রস্ত হৈছে৷ ফলত তুৰস্ক দেশখন পূর্বৰ ভৌগোলিক অৱস্থানৰ পৰা ১০ ফুট দূৰলৈ আঁতৰি যোৱা বুলি ধাৰণা কৰিছে বিজ্ঞানীসকলে৷ ইটালীৰ ভূমিকম্প বিশেষজ্ঞ অধ্যাপক কার্লো ডগলিয়োনিয়ে ইটালী ২৪ টেলিভিছনক জনোৱা অনুসৰি প্রাৰম্ভিক পর্যায়ত টেকটনিক প্লেটবোৰৰ সঞ্চালনৰ কাৰণে তুৰস্কক পূর্বৰ অৱস্থানৰ পৰা প্রায় ২০ ফুট পশ্চিম দিশলৈ আঁতৰি যোৱা বুলি ধাৰণা কৰা হৈছে৷ অৱশ্যে ভূ–বিজ্ঞানীসকলৰ এয়া প্রাথমিক ধাৰণা যদিও সবিশেষ জানিব পৰা যাব আগন্তুক দিনৰ উপগ্রহ ছবি পৰীক্ষা কৰাৰ পাছতহে৷ ডগলিয়োনিৰ উপৰি ডাৰহাম বিশ্ববিদ্যালয়ৰ ষ্ট্রাকচাৰেল জি’লজীৰ অধ্যাপক বব হোল্ডছৱার্থে ডেইলী মেইলত জনোৱা অনুসৰি ভূমিকম্পৰ তীব্রতাৰ ফলত টেকটনিক প্লেটৰ অৱস্থান সলনি হোৱাটোৱে স্বাভাৱিক৷ ৬.৫ৰ পৰা ৬.৯ প্রাবল্যৰ ভূমিকম্পৰ ফলত ১ মিটাৰপর্যন্ত প্লেটবিলাক আঁতৰি যাব পাৰে৷ ইয়াতকৈ অধিক প্রাবল্যৰ ভূমিকম্পত প্লেটবোৰৰ অৱস্থান ১০–১৫ মিটাৰ পর্যন্ত সলনি হ’ব পাৰে বুলিও ভূ–বিজ্ঞানী হোল্ডছৱার্থে উল্লেখ কৰিছে৷
বিজ্ঞানীগৰাকীৰ মতে তুৰস্কত ৭.৮ প্রাবল্যৰ ভূমিকম্পই প্লেটবোৰৰ অৱস্থান সলনি কৰা বুলি প্রাৰম্ভিকভাৱে ধাৰণা কৰা হৈছে৷ এয়া অস্বাভাৱিক নহয় বুলি উল্লেখ কৰিছে হোল্ডছৱার্থে৷ স্মর্তব্য যে বিজ্ঞানীসকলৰ মতে টেকটনিক প্লেটবোৰৰ যি স্থানত এখনৰ ওপৰত আনখনৰ সংঘর্ষ হয়, তেতিয়া ভূমিকম্পৰ সৃষ্টি হয়৷ কিন্তু সাধাৰণ কম্পনাংক বা মধ্যম প্রাবল্যৰ ভূমিকম্পত প্লেটবোৰৰ বিশেষ সঞ্চালন নহয় বুলি ভূ–বিজ্ঞানীসকলে দাবী কৰি আহিছে৷ তুৰস্কৰ ভৌগোলিক অৱস্থান এনে যে দেশখন তিনিখন টেকটনিক প্লেটৰ মাজত আছে৷ ইয়াৰ বেছি অংশ আছে আনাটোলীয় প্লেটৰ ওপৰত৷ আনফালে, উত্তৰে আছে ইউৰেছীয় প্লেট৷ ফলত দুই দীঘলীয়া টেকটনিক লাইন বা ৰেখাৰ ওপৰত দেশখনক অধিক কম্পনপ্রৱণ বুলি ধাৰণা কৰি আহিছে বিজ্ঞানীসকলে৷ আৰবীয় প্লেট যেতিয়া উত্তৰ দিশে ইউৰেছীয় প্লেটৰ ফালে গতি কৰি থাকে, তেতিয়া আনাটোলীয় প্লেটৰ ওপৰত চাপ বৃদ্ধি পায় আৰু সেই প্লেটে পশ্চিম দিশৰ এজিয়ান সাগৰৰ দিশলৈ ঠেলি থাকে দেশখনক৷ সোমবাৰে তুৰস্কত যি ভূমিকম্প হৈছিল, তাৰ অভিকেন্দ্র আছিল পূব আনাটোলীয় টেকটনিক ৰেখাৰ দক্ষিণ–পশ্চিম প্রান্ত৷ প্রথম কম্পনটোৰ অভিকেন্দ্র আছিল ভূপৃষ্ঠৰ পৰা ১৮ কিলোমিটাৰ গভীৰত৷ দ্বিতীয়টো ভূঁইকঁপৰ অভিকেন্দ্র আছিল ১০ কিলোমিটাৰ গভীৰত৷
উল্লেখনীয় যে ভূমিকম্পই দুয়োখন দেশত ধ্বংসলীলাৰ সৃষ্টি কৰাৰ পাছত এতিয়ালৈকে শতাধিক সৰু সৰু কম্পন বা আফটাৰশ্বক অনুভূত হৈছে৷ এই আফটাৰশ্বকসমূহে টেকটনিক প্লেটৰ অৱস্থান সলনি হোৱাৰেই ইংগিত দিয়া বুলি মন্তব্য কৰিছে কেইবাগৰাকীও ভূ–বিজ্ঞানীয়ে৷ ইফালে, বধ্যভূমিত পৰিণত হোৱা দক্ষিণ তুৰস্ক আৰু উত্তৰ ছিৰিয়াত বিভিন্ন দেশৰ উদ্ধাৰকাৰীয়ে প্রতিকূল বতৰৰ মাজতো উদ্ধাৰ অভিযান চলাই আছে৷ বিশ্ব স্বাস্থ্য সংস্থাই আশংকা প্রকাশ কৰা অনুসৰি উদ্ধাৰ কৰা লোকসকলক তাৎক্ষণিকভাৱে কোনো আশ্রয় শিবিৰত ৰখা হোৱা নাই৷ গতিকে খাদ্য, খোৱাপানী তথা ইন্ধন আৰু বিদ্যুতৰ অভাৱত দেশখনত কেইবাহাজাৰো লোকে তিলতিলকৈ মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ব বুলি সংস্থাটোৱে উদ্বেগ প্রকাশ কৰিছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভূমিকম্পৰ পাছৰ পৰিস্থিতি অধিক ভয়াৱহ হ’ব দুয়োখন দেশত৷ অৱশ্যে এই দুর্যোগৰ সময়ত তুৰস্ক আৰু ছিৰিয়াক বিশ্বৰ প্রায় প্রতিখন দেশেই সহায়ৰ হাত আগবঢ়াইছে৷ উদ্ধাৰ অভিযানত বিভিন্ন দেশৰ দুর্যোগ ব্যৱস্থাপনা বিভাগৰ কর্মী নিয়োজিত হোৱাৰ উপৰি খাদ্য তথা অন্যান্য সামগ্রীও সাহায্য হিচাপে আগবঢ়োৱা হৈছে দেশ দুখনক৷