নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকর্ষণীয় হৈ পৰিছে ত্রিপুৰাৰ নির্বাচনী পৰিৱেশ: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রচাৰ অভিযান অব্যাহত

  • ১৩ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চলাব প্রচাৰ

নিয়মীয়া বাৰ্তা, ১০ফেব্ৰুৱাৰী:  অধিক আকর্ষণীয় হৈ পৰিছে ত্রিপুৰা বিধানসভাৰ নির্বাচনী পৰিৱেশ৷ বিজেপিৰ লগতে কংগ্রেছ–চিপিএম মিত্রজোঁট আৰু প্রদ্যুৎ মাণিক্য দেৱবার্মাৰ দলেও নির্বাচনত সম্পূর্ণ শক্তিৰে নামি পৰিছে৷ কার্যতঃ বিজেপি, আই পি এফ টি মিত্রজোঁট, কংগ্রেছ–চিপিএম মিত্রজোঁট আৰু টিপ্রামাথা আঞ্চলিক দলৰ মাজত প্রতিদ্বন্দ্বিতা হোৱাটো নিশ্চিত হৈ পৰিছে৷ এনে নির্বাচনী পৰিৱেশৰ মাজতে বৃহস্পতিবাৰে আগৰতলাত দলৰ নির্বাচনী ইস্তাহাৰ মুকলি কৰিলে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই৷  পুৱাৰ ভাগত আগৰতলাত উপস্থিত হোৱা বিজেপিৰ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে ইস্তাহাৰ মুকলি কৰিয়েই এই বুলি মন্তব্য কৰে যে বিজেপিৰ ইস্তাহাৰ কেৱল কাগজৰ টুকুৰা নহয়৷ ত্রিপুৰাৰ জনসাধাৰণৰ প্রতি এয়া বিজেপিৰ প্রতিশ্রুতি৷

ত্রিপুৰাৰ খায়াৰপুৰত এখন বিশাল জনসভাত  ভাষণ প্রদান কৰি নাড্ডাই কয় যে যেতিয়াই বিজেপিয়ে সংকল্প পত্র প্রস্তুত কৰে, ই সদায় দৃষ্টিনন্দন হয়৷ কিয়নো বিজেপিৰ সংকল্প পত্র কেতিয়াও কাগজৰ টুকুৰা হৈ নাথাকে৷ এসময়ত ত্রিপুৰা বিদ্রোহ আৰু অৱৰোধৰ বাবে জনজাত আছিল৷ কিন্তু এতিয়া ৰাজ্যখন শান্তি–সমৃদ্ধি আৰু উন্নয়নৰ বাবে জনাজাত৷ ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত কেন্দ্রত চৰকাৰ গঠন কৰাৰ পাছতে এক্ট ইষ্ট নীতিৰ জৰিয়তে উত্তৰ–পূবৰ প্রতি বিশেষ গুৰুত্ব প্রদান কৰা হৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৫০বাৰতকৈ অধিক ভ্রমণ কৰিছে উত্তৰ–পূবত৷ ইয়াৰ জৰিয়তে প্রধানমন্ত্রীগৰাকীয়্ যোগাযোগ আৰু সামগ্রিক বিকাশত উত্তৰ–পূবক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰিছে৷

উল্লেখ্য যে বিজেপিয়ে কালি মুকলি কৰা ইস্তাহাৰত কেইবাটাও আকর্ষণীয় ঘোষণা কৰিছে৷ বিশেষকৈ আন্তঃগাঁথনি উন্নয়ন আৰু মহিলা সবলীকৰণতো গুৰুত্ব দিছে ইস্তাহাৰত৷ তদুপৰি দৰিদ্র পৰিয়ালৰ সদ্যোজাত কন্যা শিশুলৈ আগবঢ়োৱা হ’ব ধন৷ ইয়াৰ লগতে বিজেপিয়ে ইস্তাহাৰত আইন–শৃংখলাৰ ক্ষেত্রত কেইবাটাও ঘোষণা কৰিছে৷

ইফালে, ১৩ ফেব্রুৱাৰীত ত্রিপুৰাত নির্বাচনী প্রচাৰ চলাবলৈ উপস্থিত হ’ব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ প্রধানমন্ত্রীগৰাকীয়ে কেইবাখনো নির্বাচনী সভাত অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে৷ অহা ১৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নির্বাচনত দ্বিতীয়বাৰৰ বাবে ত্রিপুৰা দখল কৰাৰ লক্ষ্যৰে বিজেপিয়ে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ লগতে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথ, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে কেইবাজনো কেবিনেট মন্ত্রীয়ে জোৰদাৰ প্রচাৰ অভিযান চলাইছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ত্রিপুৰাত বাহৰ পাতি যোৱা কেইবাটাও দিন ধাৰাবাহিকভাৱে নির্বাচনী সভাত অংশ লৈছে৷ কালি পুনৰ মুখ্যমন্ত্রীগৰাকী ধলপুৰ সমষ্টিত এক বিশাল ৰেলী সম্বোধন কৰে৷ ইয়াৰ পূর্বে মুখ্যমন্ত্রীয়ে আগৰতলাৰ ৰাজ্যিক অতিথিশালাত ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাক সাক্ষাৎ কৰি তেওঁক সম্ভাষণ জনায়৷

You might also like