নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এডভাণ্টেজ আছামত অংশ ল’ব ১২খন ৰাষ্ট্রই

🔹 খানাপাৰাত হ’ব মূল অনুষ্ঠান

🔹 ২৪ ফেব্রুৱাৰীত গুৱাহাটীলৈ আহিব প্রধানমন্ত্রী

বিশেষ বাৰ্তা, ৪ ফেব্রুৱাৰী : অসমৰ ঔদ্যোগিক ক্ষেত্রখনৰ প্রসাৰৰ বাবে তথা বিনিয়োগকাৰীক ৰাজ্যখনত উদ্যোগ স্থাপন কৰাৰ দিশত আকর্ষিত কৰাৰ লক্ষ্যৰে অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব এডভাণ্টেজ আছাম ২.০৷ বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলনখনৰ প্রস্তুতিৰ বুজ ল’বলৈ কালি খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হয় উদ্যোগ–বাণিজ্য মন্ত্রী বিমল বড়া৷ মুখ্যতঃ এডভাণ্টেজ আছাম ২.০ৰ সভাগৃহ, প্রদর্শনী গৃহ, বি টু বি আৰু বি টু জি সন্মিলন কক্ষ আদি পৰিদর্শন কৰাৰ লগতে ইয়াৰ প্রস্তুতি কি পর্যায়লৈ আগবাঢ়িছে সেই সন্দর্ভতো শীর্ষ বিষয়াসকলৰ সৈতে তেওঁ আলোচনাত মিলিত হয়৷ উল্লেখ্য যে অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব লগা এই বিনিয়োগকাৰী সন্মিলনখনৰ পূর্বে ২৪ ফেব্রুৱাৰীত সৰুসজাই ক্রীড়া প্রকল্পত প্রায় ৮ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিব লগা ‘ঝুমুইৰ বিনন্দিনী’ শীর্ষক ঝুমুৰ নৃত্যৰ কার্যসূচীত প্রধানমন্ত্রী নৰেন্দ্র মোদী উপস্থিত থাকিব৷ আনহাতে, ২৫ ফেব্রুৱাৰীত প্রধানমন্ত্রীগৰাকীয়ে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব এডভাণ্টেজ আছাম ২.০ৰ কার্যসূচী৷ উদ্যোগ মন্ত্রী বিমল বড়াই প্রকাশ কৰা অনুসৰি এই উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে ভূটানৰ প্রধানমন্ত্রীগৰাকীও উপস্থিত থাকিব৷ ৫খনকৈ দেশ সহযোগী হিচাপে থাকিব লগা এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী বা বিনিয়োগকাৰীৰ অংশগ্রহণৰ সম্ভাৱনা আছে৷ তদুপৰি ১২খন বিদেশী ৰাষ্ট্রৰ প্রতিনিধিয়েও এই সন্মিলনত অংশগ্রহণ কৰিব বুলি মন্ত্রীগৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে বিনিয়োগকাৰীক আকর্ষণ কৰাৰ লক্ষ্যৰে ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দক্ষিণ কোৰিয়া আৰু জাপান ভ্রমণ কৰাৰ লগতে উদ্যোগ মন্ত্রী বিমল বড়াই লণ্ডন আৰু আন মন্ত্রীসকলেও কেইবাখনো ৰাজ্যত উপস্থিত হৈ বিনিয়োগকাৰী উদ্যোগীসকলৰ সৈতে বার্তালাপত মিলিত হৈছিল৷ কালিৰ এই পৰিদর্শন কালত মন্ত্রী বিমল বড়াক সহযোগ কৰে ৰাজ্য চৰকাৰৰ উচ্চপদস্থ বিষয়া মুকেশ চাহু, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক মানবেন্দ্র প্রতাপ সিঙৰ লগতে উদ্যোগ, লোকনির্মাণ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, এপিডিচিএলৰ বিষয়াসকলে৷

You might also like